জ্ঞানবাপী গোচৰৰ ন্যায়াধীশ লৈ মৃত্যুৰ ভাবুকি ভৰা ফোন

Story by  atv | Posted by  Munni Begum • 9 d ago
জ্ঞানবাপী মছজিদ
জ্ঞানবাপী মছজিদ
 
নতুন দিল্লী 
 
অতিৰিক্ত সত্ৰ ন্যায়াধীশ ৰবি কুমাৰ দিৱাকাৰে উত্তৰ প্ৰদেশ আৰক্ষীক জনাইছে যে তেওঁ 'আন্তঃৰাষ্ট্ৰীয় নম্বৰ'ৰ পৰা মৃত্যুৰ ভাবুকি ভৰা ফোন লাভ কৰি আছে।   
 
২০২২ চনত বাৰাণসীৰ জ্ঞানবাপী চৌহদৰ ভিডিঅ’গ্ৰাফী জৰীপৰ নিৰ্দেশ দিয়াৰ বাবে পৰিচিত ন্যায়াধীশগৰাকীয়ে এই ভাবুকিৰ তদন্তৰ বাবে অনুৰোধ জনাইছে।  
 
এই সপ্তাহত এছ এছ পি সুশীল চন্দ্ৰভান ঘুলেলৈ পত্ৰ লিখি দিৱাকাৰে কয় যে আন্তঃৰাষ্ট্ৰীয় নম্বৰৰ পৰা তেওঁলৈ ভাবুকি ভৰা ফোন আহি আছে 'যিটো গভীৰভাৱে চিন্তনীয়' বুলি এক সংবাদ সংস্থাই প্ৰকাশ কৰিছে।  
 
ইয়াৰ পূৰ্বে জ্ঞানবাপীৰ ৰায়দানৰ পিছত ন্যায়াধীশগৰাকীয়ে একেধৰণৰ উদ্বেগ উত্থাপন কৰাৰ পিছত এলাহাবাদ উচ্চ ন্যায়ালয়ে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বাবে ৱাই কেটেগৰী নিৰাপত্তাৰ অনুমোদন দিছিল যদিও পিছলৈ সেয়া এক্স কেটেগৰীলৈ হ্ৰাস কৰা হয়।     
 
ন্যায়াধীশ দিৱাকাৰৰ বৰ্তমানৰ নিৰাপত্তাৰ ব্যৱস্থাত দুজন নিৰাপত্তাৰক্ষী আছে। তেওঁৰ এজন সহায়কে উল্লেখ কৰিছে যে এই নিৰাপত্তা অপৰ্যাপ্ত, কিয়নো দুয়োজন জোৱানৰ হাতত স্বয়ংক্ৰিয় বন্দুক আৰু আধুনিক অস্ত্ৰৰে সজ্জিত সন্ত্ৰাসবাদীক প্ৰতিহত কৰিবলৈ অস্ত্ৰ-শস্ত্ৰৰ অভাৱ বুলি   প্ৰকাশ পাইছে।  
 
২০২২ চনত দিৱাকৰে কৈছিল যে, "এই দেৱানী গোচৰটোক এক অসাধাৰণ গোচৰলৈ পৰিণত কৰি ভয়ৰ পৰিৱেশৰ সৃষ্টি কৰা হৈছিল। ভয় ইমানেই যে মোৰ পৰিয়ালে মোৰ সুৰক্ষাৰ প্ৰতি সদায় চিন্তিত আৰু মই তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি চিন্তিত হৈ আছে। ঘৰৰ বাহিৰত থাকিলে মোৰ পত্নীয়ে বাৰে বাৰে চিন্তা প্ৰকাশ কৰে।"   
 
যোৱা বছৰ দিৱাকাৰৰ লক্ষ্ণৌ ঘৰৰ সমীপত ভাৰতীয় পপুলাৰ ফ্ৰণ্ট (পিএফআই)ৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল। সেই সময়ত শ্বাহজাহানপুৰৰ এছ এছ পি অশোক কুমাৰ মীনাই ন্যায়াধীশ দিৱাকাৰৰ (যিজনে অতিৰিক্ত জিলা ন্যায়াধীশ হিচাপেও কাম কৰে) ভাতৃৰ ঘৰত পহৰা দিবলৈ বন্ধুকধাৰী এজনক নিযুক্তি দিছিল। 
 
কিন্তু চলি থকা লোকসভা নিৰ্বাচনৰ বাবে নিৰাপত্তাৰ সবিশেষ প্ৰত্যাহাৰ কৰা হয়। শেহতীয়াকৈ বাৰেলীলৈ বদলি হোৱা ন্যায়াধীশ দিৱাকাৰে ২০১৮ চনৰ বাৰেলী সংঘৰ্ষ গোচৰৰ ওপৰত ছুঅ’ মটু ব্যৱস্থা গ্ৰহণ কৰি জ্যেষ্ঠ ধৰ্মগুৰু তৌকীৰ ৰাজাক কথিত মাষ্টাৰমাইণ্ড হিচাপে বিচাৰলৈ মাতিছিল।