দিল্লী বিমানবন্দৰত হাহাকাৰ; উৰণত অসুবিধা ১০০ খনৰো অধিক বিমান

Story by  atv | Posted by  [email protected] • 1 Months ago
দিল্লী বিমানবন্দৰত হাহাকাৰ; উৰণত অসুবিধা ১০০ খনৰো অধিক বিমান
দিল্লী বিমানবন্দৰত হাহাকাৰ; উৰণত অসুবিধা ১০০ খনৰো অধিক বিমান
 
নতুন দিল্লী
 
দিল্লী বিমান বন্দৰত যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পলম হৈছে এখনৰ পাছত আনখন বিমানৰ উৰণ। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল (ATC) চাৰ্ভাৰত হোৱা কাৰিকৰী বিজুতিৰ বাবে এনে হোৱা বুলি জানিব পৰা গৈছে। ATC য়ে বৰ্তমান সমস্যা সমাধানৰ বাবে কাম কৰি আছে যদিও সফল হোৱা নাই। বৰ্তমানলৈকে ১০০ খনৰো অধিক বিমানৰ উৰণ পলম হৈছে। যাৰ বাবে যাত্ৰীসকল যথেষ্ঠ সমস্যাৰ সন্মুখীন হোৱা দেখা যায়।
 
এটিচি য়ে জনোৱা মতে, কাৰিকৰী বিজুতিৰ বাবে দিল্লী বিমান বন্দৰত বিমান সেৱা বিঘ্নিত হৈছে। ইয়ৰ বাবে বহু বিমানৰ উৰণ পলম হৈছে। শীঘ্ৰেই সমস্যাৰ সমাধানৰ বাবে এতিয়া কাম কৰি থকা হৈছে। গতিকে যাত্ৰীসকলক ধৈৰ্য সহকাৰে অপেক্ষা কৰিবলৈ আহ্বান জনাই বিমান বন্দৰ কৰ্তৃপক্ষই। ইয়াৰোপৰি শেহতীয়া আপডেটৰ বাবে যাত্ৰীক বিমান সংস্থাৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিছে।
 
এটিচিৰ তথ্য অনুসৰি, এই বিজুতিৰ বাবে এতিয়ালৈকে ১০০ খনৰো অধিক বিমান উৰণত পলম হৈছে। ইয়াৰ ফলত আগমন আৰু প্ৰস্থান দুয়োটাতে সাময়িকভাৱে প্ৰভাৱ পৰে। যাৰ বাবে বৰ্ডিং গেটত যানজঁটৰ সৃষ্টি হোৱা দেখা যায়।
 
এই সন্দৰ্ভত ইণ্ডিগই সামাজিক মাধ্যমত পোষ্ট কৰি কয় যে, এটিচি ব্যৱস্থাৰ কাৰিকৰী সমস্যাপ বাবে দিল্লী বিমানবন্দৰত বিমান পৰিচালনাত পলম হৈছে। যাৰ বাবে দিল্লী আৰু উত্তৰৰ বিভিন্ন অঞ্চলৰ বিমান সেৱাত ব্যাঘাত জন্মিছে। আপডেটৰ বাবে যাত্ৰীসকলক ইণ্ডিগ ৱেবচাইত পৰীক্ষা কৰিবলৈ আহ্বান জনায়।
 
ইফালে এয়াৰ ইণ্ডিয়াইও যাত্ৰীসকলক ধৈৰ্য ধৰিবলৈ আহ্বান জনাইছে। বিমান সংস্থাটোৱে কৈছে যে, বিভাগীয় কৰ্তৃপক্ষই সমস্যাৰ সমাধানৰ বাবে বৰ্তমান কাম কৰি আছে। সমস্যা ঠিক হ’লে পুনৰ আৰম্ভ হ’ব বিমান সেৱা।