নতুন দিল্লী
সোমবাৰে এক চৰকাৰী সূত্ৰই জনোৱা মতে, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক কৰা আক্ৰমণৰ পিছত তেওঁক সুৰক্ষা প্ৰদান কৰাৰ কিছুদিন পিছতে কেন্দ্ৰই মুখ্যমন্ত্ৰী গুপ্তাক প্ৰদান কৰা জেড কেটেগৰী চি আৰ পি এফৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰিছে। তেওঁৰ নিৰাপত্তা পুনৰ দিল্লী আৰক্ষীৰ ওপৰত ন্যস্ত কৰা হৈছে।
৫১ বছৰীয়া গুপ্তাক ২০ আগষ্টৰ পুৱা চিভিল লাইনছ অঞ্চলত থকা তেওঁৰ কেম্প অফিচত ‘জন সুনৱাই’ কাৰ্যসূচীৰ সময়ত এজন লোকে তেওঁৰ ওপৰত আক্ৰমণ কৰিছিল আৰু তেওঁৰ কাৰ্যালয়ে এই আক্ৰমণক হত্যাৰ সুপৰিকল্পিত ষড়যন্ত্ৰৰ অংশ বুলি অভিহিত কৰিছিল।
আক্ৰমণৰ এদিন পিছতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ভিআইপি নিৰাপত্তা শাখাক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কেন্দ্ৰৰ জেড কেটেগৰী প্ৰটেকচন প্ৰট’কলৰ অংশ হিচাপে তেওঁৰ নিৰাপত্তা সম্প্ৰসাৰণ কৰিবলৈ কয়। কিন্তু বৰ্তমান চি আৰ পি এফৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰি দিল্লী আৰক্ষীয়ে এতিয়া দিল্লীৰ মুখ্যমন্ত্ৰীক নিৰাপত্তা প্ৰদান কৰিছে।
চি আৰ পি এফ নিৰাপত্তা বৃদ্ধিৰ নিৰ্দেশ কেন্দ্ৰই আনুষ্ঠানিকভাৱে জাৰি কৰিব লাগিছিল, যদিও পৰিকল্পনাৰ পৰিৱৰ্তন ঘটি অৱশেষত প্ৰত্যাহাৰৰ নিৰ্দেশ জাৰি কৰা হয় বুলি তেওঁলোকে কয়।
মুখ্যমন্ত্ৰীক আক্ৰমণৰ তদন্তৰ অংশ হিচাপে দিল্লী আৰক্ষীয়ে এতিয়ালৈকে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ভিতৰত আছে গুজৰাটৰ ৰাজকোটৰ বাসিন্দা অটোৰিক্সা চালক প্ৰধান অভিযুক্ত সক্ৰিয়া ৰাজেশভাই খিমজী (৪১)।