যমুনা নদীৰ পানীয়ে প্লাবিত কৰিলে শ্ৰী স্বামীনাৰায়ণ মন্দিৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
যমুনা নদীৰ পানীয়ে প্লাবিত কৰিলে শ্ৰী স্বামীনাৰায়ণ মন্দিৰ
যমুনা নদীৰ পানীয়ে প্লাবিত কৰিলে শ্ৰী স্বামীনাৰায়ণ মন্দিৰ
 
নতুন দিল্লী

বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত যমুনা নদী উফন্দি উঠিছে আৰু ৰাজধানী মহানগৰীৰ কেইবাটাও অঞ্চলত বান সদৃশ পৰিস্থিতিৰ সন্মুখীন হৈছে। চিভিল লাইনস্থিত শ্ৰী স্বামীনাৰায়ণ মন্দিৰতো আনকি পানী প্ৰৱেশ কৰিছে। দিল্লীৰ নিগম বোধ ঘাট অঞ্চলত যমুনা নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে। অঞ্চলটোত প্ৰৱেশ কৰা পানী পাম্প কৰি উলিয়াই আনিবলৈ মেচিন স্থাপন কৰা হৈছে।
 
ইফালে, আজি পুৱা লোহা পুলৰ পৰা ড্ৰোন ভিজুৱেলত দেখা পোৱা গৈছে যে নেৰানেপেৰা বৰষুণৰ ফলত যমুনা নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। যমুনা নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত দিল্লীৰ মঠৰ বজাৰ, যমুনা বজাৰ, বাসুদেৱ ঘাট আৰু ইয়াৰ কাষৰীয়া আৱাসিক এলেকাসমূহ প্লাৱিত হৈ পৰিছে। বাসুদেৱ ঘাটৰ আশে-পাশে থকা অঞ্চলত পানী পাম্প কৰি উলিয়াই আনিবলৈ মেচিন স্থাপন কৰা হয়।
প্ৰশাসনে সম্ভাৱ্য বান পৰিস্থিতিৰ আগজাননী দি নিম্নভূমি অঞ্চলত বাস কৰা লোকসকলক প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে। যমুনা নদীৰ জলপৃষ্ঠ বাঢ়ি থকাৰ সময়তে ময়ুৰ বিহাৰ ফেজ-১ৰ সমীপত স্থাপন কৰা সাহায্য শিবিৰলৈ বানাক্ৰান্তক স্থানান্তৰিত কৰা হয়।