জীয়াই আছে ধৰ্মেন্দ্ৰ; মৃত্যুৰ খবৰৰ মাজতে সামাজিক মাধ্যমত পত্নীয়ে উজাৰিলে ক্ষোভ

Story by  atv | Posted by  [email protected] • 2 h ago
জীয়াই আছে ধৰ্মেন্দ্ৰ
জীয়াই আছে ধৰ্মেন্দ্ৰ
 
নতুন দিল্লী
 
বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ মৃত্যু হোৱা নাই। কিছুসময় পূৰ্বে প্ৰখ্যাত অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰিছিল। এনে খবৰে বিচলিত কৰি তুলিছে অভিনেতাগৰাকীক সমগ্ৰ পৰিয়ালক। পৰিয়ালে জানিবলৈ দিয়া মতে, ধৰ্মেন্দ্ৰ জীয়াই আছে আৰু চিকিৎসাৰ সুবাদত ক্ৰমাৎ সুস্থ হৈ উঠিছে। পিতৃৰ মৃত্যুৰ খবৰ প্ৰচাৰৰ পিছতে ধৰ্মেন্দ্ৰৰ কন্যা ঈশা দেউলে এক সামাজিক মাধ্যম পোষ্ট যোগে অসন্তুষ্টি প্ৰকাশ কৰিছে। পিতৃ জীয়াই আছে আৰু সুস্থ হৈ উঠিছে বুলি উল্লেখ কৰিছে ঈশাই।
 
ইফালে ধৰ্মেন্দ্ৰৰ পত্নী হেমা মালিনীয়েও এনে খবৰ প্ৰচাৰৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে। হেমা মালিনীয়ে নিজৰ অফিচিয়েল এক্স একাউণ্টত লিখিছে, “যি হৈছে সেয়া ক্ষমা কৰিব নোৱাৰা! চিকিৎসাৰ প্ৰতি সঁহাৰি জনাই সুস্থ হৈ উঠা ব্যক্তিৰ বিষয়ে আপোনালোকে কিদৰে মিছা খবৰ বিয়পাব পাৰে? এয়া অত্যন্ত অসন্মানজনক আৰু দায়িত্বহীন।”
“অনুগ্ৰহ কৰি পৰিয়ালটোক আৰু পৰিয়ালৰ গোপনীয়তাৰ প্ৰয়োজনীয়তাক সন্মান কৰক।”- এইদৰে লগতে লিখিছে হেমা মালিনীয়ে। পিতৃৰ মৃত্যুৰ ভুৱা বাতৰি প্ৰচাৰক লৈ অসন্তুষ্ট ঈশা দেউলো। নিজা সামাজিক মাধ্যম একাউণ্ট যোগে ঈশাই পিতৃ ধৰ্মেন্দ্ৰৰ স্বাস্থ্য ক্ৰমাৎ ভাললৈ আহিছে বুলি উল্লেখ কৰে।
 
অভিনেত্ৰীগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰি সকলোকে ভুৱা বাতৰি প্ৰচাৰ বন্ধ কৰিবলৈ আহ্বান জনায়। তেওঁ লিখিছে, “ছ’চিয়েল মিডিয়াই ভুল তথ্য বিয়পাবলৈ অধিক খৰখেদাই কৰিছে। মোৰ দেউতা ভালেই আছে আৰু সুস্থ হৈ উঠিছে। আমি সকলোকে অনুৰোধ কৰিছো, আমাৰ পৰিয়ালক কিছু গোপনীয়তা দিয়ক। সকলোৰে প্ৰাৰ্থনাৰ বাবে ধন্যবাদ।”