গুৱাহাটী
কাৰ্বিসকলৰ অস্তিত্ব ৰক্ষাৰ প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাৰ তিনিদিনৰ দিনা আৰক্ষী প্ৰশাসনৰ হস্তক্ষেপত ক্ৰমাৎ সুস্থিৰ হৈছে অগ্নিগৰ্ভা হৈ পৰা কাৰ্বি আংলঙৰ পৰিস্থিতি৷ লাহে লাহে সুস্থিৰ হোৱাৰ দিশে আগবাঢ়িছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ পৰিস্থিতি। খেৰণিৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই মন্তব্য।
মঙলবাৰে হিংসাত্মক পৰিস্থিতিত বজাৰগৃহ জ্বলি ছাৰখাৰ হোৱাৰ লগতে দুজন লোকৰ মৃত্যু ঘটাৰ পিছত বুধবাৰে হিংসাজৰ্জৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সেনাৰ ফ্লেগমাৰ্চ চলোৱা হয় পুৱাৰ ভাগত৷ লগতে মোতায়েন কৰা হয় অতিৰিক্ত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনী৷ নিজে সন্মুখত থাকি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষী সঞ্চালকপ্ৰধান হৰমীত সিঙে।
সেনা বা নিৰাপত্তাৰক্ষীৰ বল প্ৰয়োগ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ পৰিৱৰ্তে সকলো পক্ষৰে সহযোগিতাৰে পৰিস্থিতি স্বাভাৱিক হোৱাত গুৰুত্ব প্ৰদান কৰিছে আৰক্ষী সঞ্চালকপ্ৰধানজনে৷ কাৰ্বি ভূমিৰ সকলো পক্ষকে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান আৰক্ষী সঞ্চালকপ্ৰধান হৰমীত সিঙৰ ৷ পশ্চিম কাৰ্বি আংলঙত বুধবাৰৰ দিনটোত কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা ঘটা দেখা পোৱা নহ’ল।
আনহাতে পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি শান্ত হোৱাৰ পিছত কাৰ্বি আংলঙবাসীৰ সৈতে আলোচনাৰ মাজেৰে সমস্যা সমাধান কৰা হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিজেই ৰাইজৰ সৈতে আলোচনা কৰিব বুলি মন্তব্য কৰি পৰিস্থিতি ক্ৰমাৎ শান্ত হোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত বুধবাৰৰ সন্ধিয়া কয়, "আজি পৰিস্থিতি উন্নত হৈছে । আজি পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক দুয়োটা ফৈদৰ মাজত কথা-বতৰা আৰম্ভ হৈছে। আমাৰ শীৰ্ষ বিষয়াসকল ঘটনাস্থলীত আছে ৷ মানুহ দোকান-পোহাৰলৈ আহিব আৰম্ভ কৰিছে, ৰাস্তালৈ ওলাইছে।"
মঙলবাৰে কিদৰে দুজন লোকৰ খেৰণিত মৃত্যু ঘটে সেয়াও অৱগত কৰিলে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, "দুজন লোকৰ মৃত্যু ঘটিছে । কালি এজন লোকৰ আৰক্ষীৰ গুলীচালনাত মৃত্যু ঘটিছে ৷ আন এজনৰ অগ্নিদগ্ধ হৈ মৃত্যু ঘটিছে। প্ৰতিবাদীসকলে কিছু দোকান-ঘৰ জ্বলাই দিছিল ৷ এজন শাৰীৰিকভাৱে প্ৰতিবন্ধী লোকৰ জুইৰ মাজৰ ওলাই আহিব নোৱাৰাৰ বাবে জীৱন্তভাৱে অগ্নিদগ্ধ হৈ মৃ্ত্যু ঘটে । কালি আমি এক দুখজনক পৰিস্থিতি প্ৰত্যক্ষ কৰিলোঁ৷"
বুধবাৰে আগবেলা পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সেনাৰ ফ্লেগমাৰ্চ। অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয় যদিও খেৰণিত অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰা সূৰজ দে' নামৰ প্ৰতিবন্ধী লোকজনৰ মৃত্যুৰ ন্যায় বিচাৰি কেইবাশ অনা কাৰ্বি-অনা অসমীয়া লোকে প্ৰতিবাদ সাব্যস্ত কৰে।
লগতে উত্তেজিতসকলে কাৰ্বি প্ৰতিবাদীসকলৰ নেতা লিটচং ৰংফাৰক গ্ৰেপ্তাৰৰ দাবীত কাৰ্বি আংলঙৰ খেৰণিৰ ৰাণাইমা গেট প্ৰতিবাদকাৰীয়ে ভাঙি দিয়ে যদিও আৰক্ষীয়ে পৰিস্থিতি নিজৰ নিয়ন্ত্ৰণলৈ আনে। অনা কাৰ্বিসকলে চলোৱা প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীক বুজোৱাৰ চেষ্টা কৰাৰ লগতে দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে IGP বিবেকৰাজ সিঙে।
আনহাতে মঙলবাৰে খেৰণিৰ ঘটনাত আৰক্ষীৰ গুলীত নিহত লিনুছ তিমুং আৰু সূৰজ দে'ৰ আত্মাৰ সদগতিৰ কামনাৰে কাৰ্বি আংলঙৰ বৈঠালাংছ’ত স্থানীয় লোকে মমবাতি প্ৰজ্বলনৰে বুধবাৰে সন্ধিয়া শ্ৰদ্ধাঞ্জলি জনায়। অনুষ্ঠানত বৈঠালাংছ’ত স্থানীয় সকলো জাতি-জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে।