অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ এন অ’ চি লাভ 'আল হিন্দ এয়াৰ' আৰু 'ফ্লাই এক্সপ্ৰেছ'ৰ

Story by  atv | Posted by  [email protected] • 3 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
অলপতে হাজাৰ হাজাৰ ইণ্ডিগ’ বিমান বাতিল হোৱাৰ ফলত সমস্যাৰ সন্মুখীন হৈছিল অগণন যাত্ৰী। তেনে সময়তে ভাৰতৰ ঘৰুৱা বিমান বজাৰত ইণ্ডিগ’ আৰু এয়াৰ ইণ্ডিয়া গ্ৰুপৰ আধিপত্য হ্ৰাস কৰাৰ বাবে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে হাতত লৈছে বিশেষ পদক্ষেপ।
 
মন্ত্ৰালয়ে আল হিন্দ এয়াৰ আৰু ফ্লাই এক্সপ্ৰেছ নামৰ দুটা নতুন বিমান সংস্থাক এন অ’ চি প্ৰদান কৰিছে। ইণ্ডিগ’ৰ বিতৰ্ক চলি থকাৰ মাজতে মন্ত্ৰালয়ে হাতত লোৱা এই পদক্ষেপক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে, কেৱল ইণ্ডিগ’ আৰু এয়াৰ ইণ্ডিয়া গ্ৰুপে ঘৰুৱা বজাৰৰ ৯০ শতাংশতকৈ অধিক নিয়ন্ত্ৰণ কৰে।
 
মঙলবাৰে সামাজিক মাধ্যম এক্সৰ জৰিয়তে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে শেহতীয়া ক্লিয়াৰেন্স নিশ্চিত কৰে। তেওঁ উল্লেখ কৰে যে, যে মন্ত্ৰালয়ে শংক এয়াৰ, আল হিন্দ এয়াৰ আৰু ফ্লাইএক্সপ্ৰেছৰ দলৰ সৈতে বৈঠকত মিলিত হৈছো। উত্তৰ প্ৰদেশৰ শংক এয়াৰৰ ইতিমধ্যে এন অ’ চি আছে আৰু ২০২৬ চনত বাণিজ্যিক কাৰ্য্যকলাপ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এই সপ্তাহতে আল হিন্দ এয়াৰ আৰু ফ্লাইএক্সপ্ৰেছে তেওঁলোকৰ ক্লিয়াৰেন্স লাভ কৰিছে।
 
ইফালে, বিমান ভ্ৰমণৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অধিক বিমান সংস্থাক উৎসাহিত কৰাটো এটা সামঞ্জস্যপূৰ্ণ নীতিগত লক্ষ্য হৈ পৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ আঞ্চলিক সংযোগৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা ইউডিএন (উড়ে দেশ কা আম নাগৰিক) আঁচনিৰ দৰে পদক্ষেপৰ কথা আঙুলিয়াই দিয়ে। ইয়াৰ ফলত সৰু সৰু বিমান সংস্থাসমূহে কম দূৰত্ব পথত চলাচল কৰিবলৈ সক্ষম হৈছে বুলিও সদৰী কৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে।