ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ এখন যাত্ৰীবাহী বাছৰ; জীৱন্তে অগ্নিদগ্ধ বহু যাত্ৰী

Story by  atv | Posted by  [email protected] • 2 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
সকলোতে বৰদিনক লৈ ব্যাপক উছাহ দেখা গৈছে। খ্ৰীষ্টান ধৰ্মৰ লোকসকলে বৰদিন উদযাপনৰ প্ৰস্তুতি চলাই আছে। তাৰ মাজতে কৰ্ণাটকত শোকাৱহ পথ দুৰ্ঘটনা। এখন ব্যক্তিগত বাছৰ সৈতে মুখামুখি সংঘৰ্ষ ট্ৰাকৰ। দুৰ্ঘটনাৰ পিছতে জ্বলি উঠে বাছখন। ফলত বহু যাত্ৰীৰ মৃত্যু হয়।
 
জানিব পৰা মতে যাত্ৰীভৰ্তি বাছখন বেংগালুৰুৰ পৰা শিৱমোগ্গালৈ গৈ আছিল। হিৰিউৰ গোৰ্লাট্টু ক্ৰছৰ জাভানাগোন্দাহল্লীত পুৱতি নিশা সংঘটিত হয় এই মৰ্মান্তিক পথ দুৰ্ঘটনাটো।
 
জানিব পৰা মতে, পুৱতি নিশা প্ৰায় ৩ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰশাসনৰ বিষয়াসকলে জনোৱা মতে এই দুৰ্ঘটনাত ট্ৰাকখনৰ চালককে ধৰি ১০ জনতকৈও অধিক যাত্ৰীৰ মৃত্যু হৈছে। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত ৩০ গৰাকী যাত্ৰী আছিল।
 
দুৰ্ঘটনাটো সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত অতিৰিক্ত জিলা দণ্ডাধীশ কুমাৰস্বামী বি.টিয়ে কয়, "বেংগালুৰুৰ পৰা গোকৰ্ণা অভিমুখে গৈ থকা এখন বাছ নিশা দুৰ্ঘটনাত পতিতি হয়। বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে বাছখনত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় । ট্ৰাকখনৰ চালক নিহত হৈছে। মৃতদেহটো চিকিৎসালয়ৰ মৰ্গলৈ প্ৰেৰণ কৰা হৈছে । ইফালে বৃদ্ধকে ধৰি ১২ গৰাকী আহত যাত্ৰীক চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
 
উল্লেখযোগ্য যে, ৯ গৰাকী যাত্ৰীক টুমকুৰু চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। খবৰ অনুসৰি বাছখনত ৩০ জনতকৈ অধিক যাত্ৰী আছিল । ট্ৰাক চালকৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। মৃতদেহবোৰ চিনাক্তকৰণৰ কাম চলি আছে। কিমান গৰাকী লোকৰ মৃত্যু হৈছে চিনাক্ত হোৱাৰ পিছতহে জানিব পৰা যাব।"