নিৰ্বাচনী আয়োগে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে উঠা অভিযোগক গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে

Story by  atv | Posted by  [email protected] • 9 d ago
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধী
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধী
 
নতুন দিল্লী
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা বুলি উঠা অভিযোগক  ভাৰতীয় নিৰ্বাচন আয়োগে গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে। বিজেপি আৰু ভাৰতীয় কংগ্ৰেছ দুয়ো দলে এটাই অনটোক ধৰ্ম, জাতি, সম্প্ৰদায়, বা ভাষাৰ ভিত্তিত ঘৃণা আৰু বিভাজন সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰিছে।
 
 
নিৰ্বাচনী আয়োগে জনপ্ৰতিনিধিত্ব আইনৰ ৭৭ নং ধাৰা ব্যৱহাৰ কৰি দুয়ো দলৰ সভাপতিসকলক জবাবদিহি কৰিছে আৰু তেওঁলোকৰ জনপ্ৰিয় নেতা সকলক নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁলোকৰ ভাষণত সংযম হ'বলৈ আহ্বান জনাইছে। 
 
নিৰ্বাচনী আয়োগে ২৯ এপ্ৰিলৰ ভিতৰত বিজেপিৰ সভাপতি জেপি নাড্ডা আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পৰা এই বিষয়টোত তেওঁলোকৰ সঁহাৰি বিচাৰিছে।
 
নিৰ্বাচন আয়োগে গুৰুত্ব আৰোপ কৰে যে ৰাজনৈতিক দলসমূহে প্ৰচাৰৰ সময়ত তেওঁলোকৰ প্ৰাৰ্থী, বিশেষকৈ তেওঁলোকৰ তাৰকা প্ৰচাৰকসকলে উপযুক্ত আচৰণ কৰাটো নিশ্চিত কৰিব লাগিব। কাৰণ গুৰুত্বপূৰ্ণ ব্যক্তিৰ উচতনিমূলক ভাষণত ৰাইজৰ মাজত গুৰুতৰ পৰিণতি হ’ব পাৰে।
 
বিজেপিয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে তেওঁ দৰিদ্ৰতাৰ বিষয়ে ভুল তথ্য বিয়পাইছে আৰু ভাষা আৰু অঞ্চলৰ ভিত্তিত উত্তৰ আৰু দক্ষিণ ভাৰতৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। আনহাতে কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছেলগতে,কংগ্ৰেছে কঠোৰ ব্যৱস্থা বিচাৰিছে।