‘ইলেক্ট্ৰনিক ইন্টাৰলকৰ পৰিৱৰ্তন’ৰ বাবেই উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে বুলি কয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে

Story by  atv | Posted by   Imtiaz Ahmed • 10 Months ago
দুৰ্ঘটনাস্থলীত পুনৰুদ্ধাৰৰ কাম চলি আছে
দুৰ্ঘটনাস্থলীত পুনৰুদ্ধাৰৰ কাম চলি আছে
নতুন দিল্লী

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উৰিষ্যা বালাছ'ৰত তিনিখন ৰে’লৰ সংঘৰ্ষ সংঘটিত হোৱা দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি দেওবাৰে কয় যে দুৰ্ঘটনাৰ মূল কাৰণ চিনাক্ত কৰা হৈছে। ৰে’ল দুৰ্ঘটনাৰ তদন্ত সম্পূৰ্ণ হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ৰে’ল সুৰক্ষা আয়ুক্তই অতি সোনকালে প্ৰতিবেদন দাখিল কৰিব বুলি জানিবলৈ দিয়ে।

"ৰে'ল সুৰক্ষা আয়ুক্তই বিষয়টোৰ তদন্ত কৰিছে আৰু আমি প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছোঁ। কিন্তু আমি ঘটনাৰ কাৰণ আৰু ইয়াৰ বাবে দায়ী লোকসকলক চিনাক্ত কৰিছো... ইলেক্ট্ৰনিক ইন্টাৰলকৰ পৰিৱৰ্তনৰ বাবেই এইটো ঘটিছিল। বৰ্তমান আমাৰ মনোযোগ হৈছে পুনৰুদ্ধাৰৰ ওপৰত।" - মন্ত্ৰীগৰাকীয়ে কয়।

ইলেক্ট্ৰনিক ইন্টাৰলকিঙৰ ক্ষেত্ৰত যি পৰিৱৰ্তন কৰা হৈছিল তাৰ ফলত এই দুৰ্ঘটনাটো হৈছে বুলি বৈষ্ণৱে কয় আৰু এই কাণ্ডৰ সৈতে সংঘৰ্ষ বিৰোধী ব্যৱস্থা 'কাভাচ'ৰ কোনো সম্পৰ্ক অস্বীকাৰ কৰে।

ভাৰতীয় ৰেলৰ মতে, ইলেক্ট্ৰনিক ইন্টাৰলক (EI) ব্যৱস্থা হৈছে য়াৰ্ড আৰু পেনেলৰ ইনপুট পঢ়ি মাইক্ৰ’প্ৰচেছৰ ভিত্তিক ইন্টাৰলক কৰা সঁজুলি; বাছনি তালিকা অনুসৰি সেইবোৰ বিফল-সুৰক্ষিত প্ৰকাৰে প্ৰক্ৰিয়া কৰে আৰু প্ৰয়োজনীয় আউটপুট সৃষ্টি কৰে।  এই ব্যৱস্থাটোৱেই হৈছে গতানুগতিক ৰিলে ইন্টাৰলক ব্যৱস্থা (পি আই এণ্ড আৰ আৰ আই)ৰ বিকল্প বুলি মন্ত্ৰালয়ে কয়।

ৰেল মন্ত্ৰীগৰাকীয়ে এএনআইক কয় যে, "আমি তদন্তৰ প্ৰতিবেদন পোৱাৰ লগে লগে সকলো তথ্য পোহৰলৈ আহিব। কিন্তু এই ভয়ংকৰ আৰু হৃদয় বিদাৰক দুৰ্ঘটনাৰ মূল কাৰণ চিনাক্ত কৰা হৈছে।"

"ভয়ংকৰ ঘটনাৰ মূল কাৰণ চিনাক্ত হৈছে... বিতংভাৱে ক'ব নিবিচাৰো। প্ৰতিবেদন ওলাওক। মই মাত্ৰ ক'ম যে মূল কাৰণ আৰু দায়ী লোক চিনাক্ত কৰা হৈছে।"- ৰেল মন্ত্ৰীগৰাকীয়ে কয়। 

তেওঁ বালাছ'ৰৰ কৰুণ ৰে’ল দুৰ্ঘটনা সংঘটিত হোৱা স্থানত চলি থকা পুনৰুদ্ধাৰৰ কাম পৰিদৰ্শন কৰে। ৰে’ল মন্ত্ৰালয়ৰ মতে, বিপুল জনশক্তি এই কামত নিয়োজিত হৈছে। মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, ৭টাতকৈও অধিক প’ক্লেইন মেচিন, দুখন দুৰ্ঘটনা সাহায্য ৰে’ল, তিনি-চাৰিখন ৰে’লৱে আৰু ৰোড ক্ৰেন নিয়োগ কৰা হৈছে।

শুকুৰবাৰে সন্ধিয়া উৰিষ্যাৰ বালাছ’ৰ জিলাত দুখন যাত্ৰীবাহী ৰে’ল আৰু এখন মালবাহী ৰে’লৰ সংঘৰ্ষত কমেও ২৮৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১১০০ৰো অধিক লোক আহত হৈছে। দুখন যাত্ৰীবাহী ৰে’ল — বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছ আৰু শালিমাৰ-চেন্নাই চেণ্ট্ৰেল ক’ৰ’মণ্ডল এক্সপ্ৰেছ — আৰু এখন মালবাহী ৰে’ল ৰেলপথৰ পৰা লাইনচ্যুত হোৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। 

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে ক’ৰ’মণডেল এক্সপ্ৰেছক মূল লাইনত প্ৰৱেশ কৰিবলৈ সংকেত দিয়া হৈছিল যদিও সেই সংকেতটো নমাই দিয়া হৈছিল আৰু ৰে’লখনে লুপ লাইনত প্ৰৱেশ কৰি তাত ৰখাই থোৱা এখন মালবাহি ৰে'লত খুন্দা মাৰিছিল।

তীব্ৰ বেগেৰে আহি থকা বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছখনে কাষৰ ট্ৰেকত সিঁচৰতি হৈ থকা ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ ডবাবোৰত খুন্দা মাৰে। শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত কলকাতাৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দক্ষিণে আৰু ভুৱনেশ্বৰৰ পৰা ১৭০ কিলোমিটাৰ উত্তৰে বহ্লাছ'ৰৰ বাহানাগা বজাৰ ষ্টেচনৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

শনিবাৰে বিয়লি উদ্ধাৰ অভিযান সমাপ্ত কৰি পুনৰুদ্ধাৰৰ কাম আৰম্ভ কৰা হয়। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু তেওঁক অশ্বিনী বৈষ্ণৱৰ লগতে দুৰ্যোগ ব্যৱস্থাপনা দলৰ বিষয়াসকলেও অৱগত কৰে। লগতে চিকিৎসালয়ত আহত কেইজনমানক সাক্ষাৎ কৰে।

দুৰ্ঘটনাস্থলীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বৈষ্ণৱে কয় যে পুনৰুদ্ধাৰৰ কাম চলি আছে আৰু ইতিমধ্যে এটা মূল লাইনত ট্ৰেক স্থাপন কৰা হৈছে।

"আমি সকলো সম্পদ সংগঠিত কৰিছো। মই এইটোও ক'ব বিচাৰো যে দুৰ্ঘটনাৰ সৈতে কাভাচৰ কোনো সম্পৰ্ক নাই। ইলেক্ট্ৰনিক ইন্টাৰলক ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে। (পশ্চিম বংগৰ মুখ্যমন্ত্ৰী) মমতা বেনাৰ্জীৰ মন্তব্য সঁচা নহয়," বৈষ্ণৱে ক’লে।

"কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। আজি আমি ট্ৰেকটোৰ পুনৰুদ্ধাৰৰ কাম সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিম। সকলো মৃতদেহ আঁতৰাই পেলোৱা হৈছে। আমাৰ লক্ষ্য বুধবাৰে পুৱাৰ ভিতৰত পুনৰুদ্ধাৰৰ কাম সমাপ্ত কৰা যাতে এই ট্ৰেকত ৰে'ল চলাচল আৰম্ভ কৰিব পাৰে," অশ্বিনী বৈষ্ণৱে ক'লে।"

ইফালে, দেওবাৰে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনাইকে এই দুৰ্ঘটনাত মৃত্যু হোৱা ৰাজ্যৰ সেইসকল লোকৰ পৰিয়ালসমূহক ₹৫ লাখকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকৰ বাবে ₹১ লাখকৈ ঘোষণা কৰা হৈছে বুলি চিএমঅ’ই জানিবলৈ দিয়ে।