বিখ্যাত মাইছুৰু দছেৰা মহোৎসৱ উদ্বোধন কৰিব সাহিত্যিক বানু মুস্তাকে

Story by  atv | Posted by  Munni Begum • 1 d ago
সাহিত্যিক বানু মুস্তাক আৰু কৰ্ণাটকৰ বিখ্যাত মাইছুৰু দছেৰা মহোৎসৱ
সাহিত্যিক বানু মুস্তাক আৰু কৰ্ণাটকৰ বিখ্যাত মাইছুৰু দছেৰা মহোৎসৱ
 
নতুন দিল্লী 
 
শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰা প্ৰথমজন কানাড়া লেখক হিচাপে ইতিহাস ৰচনা কৰা কানাড়া সাহিত্যিক তথা কৰ্মী বানু মুস্তাকক এইবাৰ কৰ্ণাটকৰ বিখ্যাত মাইছুৰু দছেৰা মহোৎসৱ উদ্বোধন কৰিবলৈ নিৰ্বাচিত কৰা হৈছে। 
 
হাছানৰ পৰা অহা ৭৭ বছৰীয়া বঁটা বিজয়ীগৰাকীয়ে ২০২৫ চনৰ ২২ ছেপ্টেম্বৰত মহোৎসৱৰ উদ্বোধন কৰি অনুষ্ঠান মুকলি হোৱা বুলি ঘোষণা কৰিব আৰু ২ অক্টোবৰত বিজয়দশমী। 
 
মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ চৰকাৰে মুস্তাকক মুখ্য অতিথি হিচাপে ঘোষণা কৰি তেওঁৰ সাহিত্যিক কৃতিত্বক স্বীকৃতি দিছে। দীপা ভাষ্টিৰ ইংৰাজীলৈ অনুবাদ কৰা তেওঁৰ চুটিগল্প সংকলন হাৰ্ট লেম্পে কৰ্ণাটকত তিনিটা দশকৰ মুছলমান মহিলাৰ সংগ্ৰামৰ মাৰ্মান্তিক চিত্ৰণৰ বাবে চলিত বৰ্ষৰ আৰম্ভণিতে এই সন্মানীয় পুৰস্কাৰ লাভ কৰিছিল।
 
অধিবক্তা মুস্তাকে একাধিক চুটিগল্প সংকলন, এখন উপন্যাস, ৰচনা আৰু কবিতাৰ ৰচনা কৰিছে। এক সাক্ষাৎকাৰত মুস্তাকে নিজৰ লেখাৰ কৃতিত্ব তেওঁ কৰ্ণাটকত ডাঙৰ হৈ অহাৰ সময়ত দেখা দলিত, মহিলা আৰু কৃষকৰ সংগ্ৰামকে ধৰি সামাজিক আৰু ৰাজনৈতিক আন্দোলনসমূহক দিছে। 
 
মাইছুৰু দছেৰা মহোৎসৱ পৰম্পৰাগতভাৱে চামুণ্ডি পাহাৰত দেৱী চামুণ্ডেশ্বৰীৰ প্ৰাৰ্থনাৰে আৰম্ভ হয়, তাৰ পিছত দহদিনীয়া সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু বিজয়দশমীত অন্ত পৰিব।