৪ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ফিজিৰ প্ৰধানমন্ত্ৰী ছিটিভেনি ৰাবুকা

Story by  atv | Posted by  Munni Begum • 17 h ago
ভাৰতত উপস্থিত ফিজিৰ প্ৰধানমন্ত্ৰী ছিটিভেনি ৰাবুকা
ভাৰতত উপস্থিত ফিজিৰ প্ৰধানমন্ত্ৰী ছিটিভেনি ৰাবুকা
 
নতুন দিল্লী
 
ফিজি ৰিপাব্লিকৰ প্ৰধানমন্ত্ৰী ছিটিভেনি লিগামামাদা ৰাবুকা দেওবাৰে তেওঁৰ পত্নী চুলুৱেটি ৰাবুকাৰ সৈতে চাৰিদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। বিমানবন্দৰত তেওঁক আদৰণি জনায় কেন্দ্ৰীয় শিক্ষা ৰাজ্য মন্ত্ৰী সুকান্ত মজুমদাৰে।  
 
এক্সত এক পোষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে ৰাবুকাক আদৰণি জনাই কয় যে, তেওঁৰ ভ্ৰমণে বিভিন্ন খণ্ডত ভাৰত-ফিজিৰ অংশীদাৰিত্ব গভীৰ কৰিব।  
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, তেওঁৰ পত্নী চুলুৱেটি ৰাবুকাৰ সৈতে ছিটিভেনি লিগামামাদা ৰাবুকাই ২৪ আগষ্টৰ পৰা ২৭ আগষ্টলৈ ভাৰত ভ্ৰমণ কৰিব।
 
নতুন দিল্লীৰ পৰা আৰম্ভ হ’ব এই ভ্ৰমণ, য’ত প্ৰধানমন্ত্ৰী ৰাবুকাক আই জি আই বিমানবন্দৰত গ্ৰহণ কৰা হ’ব আৰু তাৰ পিছত তেওঁৰ কেবিনেট মন্ত্ৰীৰ সৈতে বৈঠক হ’ব। ২৫ আগষ্টত হায়দৰাবাদ হাউছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পূৰ্বে ৰাজঘাটত মাল্যাৰ্পণ কৰিব ৰাবুকাই যাৰ পিছত বুজাবুজিৰ চুক্তি আৰু প্ৰেছ বিবৃতিৰ আদান-প্ৰদান হ’ব। ইয়াৰ পিছতে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূক সাক্ষাৎ কৰিব। 
 
২৬ আগষ্টত নিজৰ কাৰ্যসূচী অব্যাহত ৰাখি ফিজিৰ নেতাগৰাকীয়ে ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদৰ উদ্যোগত ছাপ্ৰু হাউচত বক্তৃতা প্ৰদান কৰিব। অহা ২৭ আগষ্টত দিল্লীৰ পৰা যাত্ৰাৰ সামৰণি পৰিব। শেহতীয়াকৈ দুয়োখন দেশৰ মাজত হোৱা উচ্চ পৰ্যায়ৰ আদান-প্ৰদানৰ পিছতো আগন্তুক এই যোগাযোগৰ ব্যৱস্থা কৰা হৈছে।