নতুন দিল্লী
হিমাচল প্ৰদেশৰ বিলাসপুৰ মঙলবাৰে নিশা জিলাত সংঘটিত হয় ভয়ংকৰ বাছ দুৰ্ঘটনা। হঠাতে পাহাৰৰ পৰা খহি পৰা ধ্বংসাৱশেষত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাত পতিত হয় এখন বাছ। দুৰ্ঘটনাত থিতাতে ১৮ জন যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আহত হয়।
স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত সহযোগ কৰে। খবৰ অনুসৰি, বাছখনত প্ৰায় ৩০ জন যাত্ৰী আছিল। ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ দলো উপস্থিত আছিল।
হঠাৎ হোৱা ভূমিস্খলনৰ ধ্বংসাৱশেষত খুন্দা মাৰে বাছখনে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বাছখন মৰোটান-কলাউল পথত চলি আছিল। সেই সময়ত বাছখনত হঠাতে পাহাৰৰ এটা অংশ খহি পৰিল। ফলত দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। লগতে স্থানীয় আৰক্ষী থানাক এই দুৰ্ঘটনা সন্দৰ্ভত অৱগত কৰে।
ঘটনাস্থলীত আৰক্ষীৰ দলটো উপস্থিত হোৱাৰ পাছতে জেচিবিৰে ধ্বংসাৱশেষ আঁতৰোৱা হয়। ইয়াৰ পিছতে আহতসকলক বাছৰ পৰা উলিয়াই এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ যোৱা হয়। এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে। তেওঁ নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে।
আনহাতে, এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত দিয়া এটা পোষ্টত কয় যে, “হিমাচল প্ৰদেশৰ বিলাসপুৰত সংঘটিত দুৰ্ঘটনাক লৈ মই গভীৰ শোক প্ৰকাশ কৰিছো। মৃতকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।” প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে।