জিলা আয়ুক্ত আৰু অতিৰিক্ত আয়ুক্তলৈ বিশেষ নিৰ্দেশনা অসম চৰকাৰৰ পাৰ্চনেল বিভাগৰ

Story by  atv | Posted by  [email protected] • 2 h ago
জিলা আয়ুক্ত আৰু অতিৰিক্ত আয়ুক্তলৈ বিশেষ নিৰ্দেশনা অসম চৰকাৰৰ পাৰ্চনেল বিভাগৰ
জিলা আয়ুক্ত আৰু অতিৰিক্ত আয়ুক্তলৈ বিশেষ নিৰ্দেশনা অসম চৰকাৰৰ পাৰ্চনেল বিভাগৰ
 
গুৱাহাটী
 
অসমৰ জিলা আয়ুক্ত তথা অতিৰিক্ত জিলা আয়ুক্তসলকলৰ প্ৰতি এক নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰৰ পাৰ্চনেল বিভাগে। ২০ নৱেম্বৰ ২০২৫ত এক বিবৃতিযোগে আয়ুক্তসকলৰ প্ৰতি এক বিশেষ নিৰ্দেশ ৰাজহুৱা কৰা হৈছে।
 
উল্লেখযোগ্য যে, ভাৰতীয় নিৰ্বাচন আয়োগৰ ১৭ নৱেম্বৰ, ২০২৫ তাৰিখৰ পত্ৰ নং ২৩/২০২৫-ই আৰ এছ (খণ্ড II)ৰ জৰিয়তে অসমৰ নিৰ্বাচনী ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বাবে এই নিৰ্দেশনা জাৰি কৰা বুলি উল্লেখ কৰিছে। পত্ৰখনত উল্লেখ কৰা মতে যিসকল জিলা আয়ুক্ত আৰু অতিৰিক্ত আয়ুক্ত (Electoral Registration Officers)ৰ দায়িত্বত আছে, তেওঁলোকৰ অত্যাৱশ্যকীয় ছুটি মঞ্জুৰীৰ কথা মুখ্য নিৰ্বাচনী বিষয়াক অৱগত কৰিব লাগিব।
 
নিৰ্বাচনী বিষয়াক অৱগত কৰাৰ পাছতহে তেওঁলোকৰ ছুটীৰ সম্পৰ্কত ল’ব লগা সিদ্ধান্ত বিবেচনা কৰা হ’ব। লগতে এই নিৰ্দেশনা চূড়ান্ত ভোটাৰ তালিকা প্ৰস্তুত নোহোৱাপৰ্যান্ত বাহাল থাকিব বুলি নিৰ্দেশনাত উল্লেখ কৰে।