সংকতৰ গৰাহত বেংক: বেংকৰ পৰিৱৰ্তে গ্ৰাহকে ধন জমাৰ কৰিছে মিউচুৱেল ফাণ্ডত

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
দেশে বিশ্বৰ চতুর্থ বৃহৎ অর্থনীতিৰ স্থানত অধিষ্ঠিত হোৱাৰ খবৰ প্ৰকাশ হোৱাৰ সময়তে ৰাষ্ট্রায়াত্ত বেংকসমূহে বজাৰৰ পৰা ঋণ ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ভাৰতীয় অর্থনীতিক লৈ ভাৰতীয় ৰিজার্ভ বেংকে প্রকাশ কৰা শেহতীয়া প্রতিবেদনত জমাৰ পৰিবৰ্তে বেংকসমূহৰ ঋণ প্রদান বৃদ্ধি পাইছে অভাৱনীয়ভাৱে, এনে অৱস্থাত বেংকসমূহে বজাৰৰ পৰা ধাৰ ল'বলৈ বাধ্য হৈছে, অতিৰিক্ত এছ এল আৰক সাৰথি কৰি ল'বলগীয়া হৈছে। অন্যথা বেংকসমূহ দেউলীয়াপ্রায় হৈ পৰিব। 
 
বেংকসমূহে ২০২৫ বর্ষত প্ৰদান কৰা ঋণৰ পৰিমাণে ১০২ শতাংশ অতিক্ৰম কৰিছে, পূৰ্বৰ বৰ্ষত এই হাৰ আছিল ৭৯ শতাংশ। জেফিয়ন কেপিটেলৰ প্ৰকাশ আগৰৱালে জনায় যে, বেংকসমূহত জমাধনৰ পৰিমাণ অভাৱনীয়ভাৱে হ্রাস পোৱাৰ বাবে বজাৰৰ পৰা পুঁজি সংগ্ৰহ কৰিবলৈ বেংকসমূহ বাধ্য হৈ পৰিছে। ধাৰ আৰু জমাৰ মাজৰ ব্যৱধান সোনকালে জোৰা মৰাৰ সম্ভাৱনা নাই, অর্থাৎ পৰিস্থিতি অধিক জটিলহে হ'ব।
 
'ইক'নমিক টাইমছ'ৰ বাতৰি মতে, ২০২৫ বর্ষত পাঞ্জাব নেচনেল বেংক, বেংক অব ইণ্ডিয়া, ইউকো বেংক আৰু পঞ্জাব এণ্ড সিন্ধ বেংকৰ জমাৰাশিৰ বৃদ্ধি আছিল ১০.৭২ শতাংশ, তাৰ বিপৰীতে ঋণৰ হাৰ আছিল ১৪.২৪ শতাংশ। পাঞ্জাব নেচনেল বেংকৰ জমাধনৰ পৰিমাণ আছিল ১৫.৯৭ লাখ কোটি টকা (বিগত বৰ্ষৰ তুলনাত বৃদ্ধি ৮.৩২ শতাংশ), ঋণৰ পৰিমাণ ১১.৬৭ লাখ কোটি টকা (বৃদ্ধিৰ পৰিমাণ ১০.১৫ শতাংশ)। ২০২৫ চনত বেংক অব ইণ্ডিয়াৰ জমাধনৰ বৃদ্ধি ১২.৮ শতাংশ আৰু ঋণৰ বৃদ্ধি ১৫.১ শতাংশ, ইউকো বেংকৰ জমাধনৰ বৃদ্ধি ১০.৭ শতাংশ আৰু ঋণৰ বৃদ্ধিৰ হাৰ ১৬.৩ শতাংশ, পঞ্জাব এণ্ড  সিন্ধ বেংকৰ জমাধনৰ পৰিমাণ ৯.৩ শতাংশ আৰু ঋণদানৰ পৰিমাণ ১৫.২ শতাংশ, কাৰুৰ ব্যাঘা বেংকৰ জমাধন বৃদ্ধিৰ হাৰ ১৫.৬ শতাংশ, আনহাতে ঋণৰ হাৰ ১৭.১ শতাংশ আৰু বি এছ বি বেংকৰ জমাধনৰ পৰিমাণ ২১.০ শতাংশ আৰু ঋণৰ হাৰ ২৯.০ শতাংশ। 
 
২০২৫ বিত্তীয় বর্ষব অন্তত বেংকত জমাৰ পৰিমাণ ৮.৯৭ শতাংশ হ্রাস পাই ১২.৫৪ লাখ কোটি টকা হৈছে। জীৱন বীমা পুঁজিত বিনিয়োগো প্রায় এক-পঞ্চমাংশ বা ১৭.৩ শতাংশ হ্রাস পাই ৫.৩ লাখ কোটি টকা হৈছে আৰু ভৱিষ্যনিধি তথা পেন্সন ফাণ্ডৰ বাহিৰে অন্যান্য ক্ষুদ্র সঞ্চয়ৰ পৰিমাণ প্রায় এক-চতুর্থাংশ বা ২৪ শতাংশ হ্রাস পাইছে। 
 
ইয়াৰ বিপৰীতে সাধাৰণ লোকে এতিয়া অধিক বিপদ-শংকা থকা ক্ষেত্রত বিনিয়োগ কৰিছে। ইকুইটি বা শ্বেয়াৰ বজাৰত বিনিয়োগ প্রায় ১৫৩ শতাংশ বৃদ্ধি পাইছে আৰু মিউচুৱেল ফাণ্ডত বিনিয়োগৰ হাৰ যোৱা বছৰৰ তুলনাত প্রায় দুগুণ বা ৯৫ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ লগতে গ্ৰাহকৰ হাতত নগদ ধন জমা কৰি ৰখাৰ প্ৰৱণতাও প্রায় ৭৭.৬ শতাংশ বৃদ্ধি পাইছে। পৰিসংখ্যা অনুসৰি মুঠ বিত্তীয় সঞ্চায়ৰ ভিতৰত বেংক জমা অংশ ২০২১ বিত্তীয় বৰ্ষৰ ৪০.৯ শতাংশৰ পৰা হ্রাস পাই ২০২৫ বিত্তীয় বর্ষত ৩৫.২ শতাংশ হৈছে। 
 
আনহাতে একে সময়ছোৱাতে মিউচুৱেল ফাণ্ডৰ অংশ ২.১ শতাংশৰ পৰা ১৩.১ শতাংশলৈ বৃদ্ধি পাইছে। বেংকত জমা সংগ্ৰহৰ হাৰৰ তুলনাত ঋণ দিয়াৰ গতি অধিক দ্রুত হোৱাৰ বাবে এক ভাৰসাম্যহীন পৰিস্থিতিৰ সৃষ্টি হৈছে। বর্তমান নতুন জমাৰ বিপৰীতে ঋণৰ অনুপাত ১০২ শতাংশলৈ বৃদ্ধি পাইছে, যিটো মাত্র এবছৰ আগতে ৭৯ শতাংশ আছিল। 
 
এই অনুপাত ১০০ শতাংশ অতিক্রম কৰাৰ অৰ্থ হ'ল বেংকৰ ওচৰত জমা থকা ধনতকৈ ঋণৰ চাহিদা বহুত বেছি। এই পৰিস্থিতি চম্ভালিবলৈ বেংকসমূহে এতিয়া বজাৰৰ পৰা ঋণ ল'বলগীয়া হৈছে অথবা অতিৰিক্ত বিধিবদ্ধ তৰল অনুপাত আৰু বেলেন্সশ্বিট বাফাৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে বুলি বেংক বিষয়াসকলে জনাইছে। 
 
বিশ্লেষকসকলৰ মতে ক'ভিডৰ পৰৱৰ্তী সময়ত ভাৰতীয় ব্যৱস্থাত 'সঞ্চয়ৰ বিত্তীয়কৰণ' এক দীর্ঘম্যাদী গাঁথনি হিচাপে আত্মপ্রকাশ কৰিছে। ইয়াৰ ফলত মানুহে পৰম্পৰাগত বেংকত জমা ধনৰ সলনি শ্বেয়াৰ বজাৰ আৰু মিউচুৱেল ফাণ্ডৰ প্রতি আগ্রহী হৈছে। যোৱা এক দশকত মিউচুৱেল ফাণ্ড উদ্যোগৰ মুঠ সম্পত্তিৰ পৰিমাণ বেংক জমাৰাশিতকৈ বহু দ্রুতগতিত বৃদ্ধি পাইছে। 
 
২০২৪ চনতে ৰিজার্ভ বেংকৰ তদানীন্তন গৱর্নৰ শক্তিকান্ত দাসে সতর্ক কৰি দিছিল যে, জমা সংগ্ৰহৰ এই মন্থৰ গতি অব্যাহত থাকিলে ই বেংক ব্যৱস্থা তথা দেশৰ অৰ্থনীতিৰ বাবে প্রতিকূল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। তেওঁ জনাইছিল যে, সেই সময়ত এইটো উদ্বেগৰ কাৰণ নাছিল যদিও এই ধাৰা দীর্ঘদিন ধৰি চলি থাকিলে ভৱিষ্যতে ডাঙৰ সংকটৰ আশংকা আছে। শ্বেয়াৰ বজাৰ আৰু মিউচুবেল ফাণ্ডত অভাৱনীয় লাভৰ পৰিবৰ্তে বেংকসমূহত নামমাত্র সুত ব্যৱস্থাই গ্রাহকক বিতৃষ্ট কৰি তোলা পৰিলক্ষিত হৈছে। 
 
বেংকসমূহৰ অব্যৱস্থাপনাৰ বাবে গ্রাহকে বেংকৰ ওপৰত নিৰ্ভৰশীলতা কম কৰিবলৈ বাধ্য হৈছে। বেংক অব্যৱস্থাপনাৰ বাবেই ২০২৫ চনৰ ছেপ্টেম্বৰপর্যন্ত বিগত পাঁচ বছৰত কেন্দ্রীয় চৰকাৰে ৮.৯০ লাখ কোটি টকাৰ 'বেয়া ঋণ' (বেড লোন) মাফ কৰিবলৈ বাধ্য হৈছে। এনেধৰণে ৰাজহুৱা ধনৰ শৰাধৰ বাবেও বেংকসমূহ ভয়াৱহ অৱস্থালৈ গতি কৰিছে।