চাহ শ্ৰমিকক ৫০০০ টকা এককালীন সাহায্যৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Story by  atv | Posted by  [email protected] • 1 d ago
চাহ শ্ৰমিকক ৫০০০ টকা এককালীন সাহায্যৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
চাহ শ্ৰমিকক ৫০০০ টকা এককালীন সাহায্যৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
 
গুৱাহাটী
 
ভূমিৰপট্টাৰ পিছত অসমৰ ২০০ বছৰ পুৰণি চাহৰ ঐতিহ্য সংৰক্ষণ আৰু চাহ বাগানৰ শ্ৰমিকসকলৰ কল্যাণৰ লক্ষ্যৰে এইবাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে আন এক বিশেষ পদক্ষেপ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সযোগে জানিবলৈ দিয়া মতে, এটি কলি দুটি পাত আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্ৰতিজন চাহ শ্ৰমিকে ৫,০০০ টকাৰ এককালীন আৰ্থিক সহায় লাভ কৰিব।
 
লগতে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে 'এই আঁচনিৰ জৰিয়তে মুঠ ৬ লাখ লোকক সামৰি লোৱা হ’ব৷ চাহ উদ্যোগৰ সৈতে জড়িত লক্ষাধিক শ্ৰমিক পৰিয়ালৰ আৰ্থিক সহায় আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰা' এই আঁচনিৰ মূল লক্ষ্য বুলিও তেওঁ উল্লেখ কৰে।
বিধানসভাত ভূমিপট্টা প্ৰদান কৰা আৰু নতুন বছৰৰ আৰম্ভণিতে এককালীন আৰ্থিক সাহায্য দিয়া- এই দুয়োটাই এক ঐতিহাসিক ঘোষণা বুলি অভিহিত কৰিছে আটছাৰ তেজপুৰ শাখাৰ সভাপতি পংকজ নায়কে। তেওঁ কয়, "অসম চাহ জনজাতি ছাত্র সংস্থাই চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছো।’’
 
উল্লেখযোগ্য যে, শেহতীয়া বিধানসভা অধিৱেশনত (২৮ নৱেম্বৰ) চৰকাৰে চাহ বাগান শ্ৰমিকসকলৰ বাবে আন এক ঐতিহাসিক ঘোষণা কৰে। বিধানসভাত ঘোষণা অনুসৰি, চাহ বাগানৰ শ্ৰমিকৰ লাইনত বসবাস কৰা শ্ৰমিক পৰিয়ালসমূহক ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব৷ এই সিদ্ধান্তই বহু দশক ধৰি নিজৰ বাসভূমিৰ ওপৰত আইনী অধিকাৰৰ পৰা বঞ্চিত হৈ থকা চাহ শ্ৰমিকসকলক নতুন আশাৰ এক বাট দেখুৱালে।
 
চৰকাৰৰ মতে, ভূমিপট্টা লাভৰ জৰিয়তে চাহ শ্ৰমিক পৰিয়ালসমূহে নিজ বাসভূমিত আইনী স্বীকৃতি পাব, যাৰ ফলত সামাজিক সুৰক্ষা, বেংক ঋণ, গৃহ নিৰ্মাণ আদি ক্ষেত্ৰত সুবিধা বৃদ্ধি পাব। লগতে এই ব্যৱস্থাই চাহ শ্ৰমিক সমাজৰ জীৱনমান উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি আশা কৰা হৈছে।
 
এটি কলি দুটি পাত আঁচনিৰ আৰ্থিক সহায় আৰু ভূমিপট্টা প্ৰদানৰ সিদ্ধান্ত — এই দুয়োটা পদক্ষেপে একেলগে চাহ শ্ৰমিকসকলৰ আৰ্থিক আৰু সামাজিক অধিকাৰ শক্তিশালী কৰাৰ দিশত চৰকাৰৰ সদিচ্ছা প্ৰতিফলিত কৰিছে বুলি মন্তব্য কৰে নায়কে।