ভাৰতৰ প্ৰথমটো সম্পূৰ্ণ ডিজিটেল বিমানবন্দৰ; নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বিষয়ে ১০ টা গুৰুত্বপূৰ্ণ তথ্য

Story by  atv | Posted by  [email protected] • 4 h ago
নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আটকধুনীয়া ৰূপ
নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আটকধুনীয়া ৰূপ
 
নৱী মুম্বাই

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৮ অক্টোবৰত মুম্বাইত স্থাপন কৰা অত্যাধুনিক ডিবি পাটিল নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰে। ইয়াৰ লগে লগে মুম্বাই চহৰখন লণ্ডন, নিউয়ৰ্ক আৰু টকিঅ'ৰ দৰে একাধিক বিমান বন্দৰ থকা বিশ্বৰ কেইখনমান চহৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।
 
ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বা ছিংগাপুৰ চাংগি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ দৰে নৱী মুম্বাই বিমানবন্দৰ এটা আন্তঃৰাষ্ট্ৰীয় পৰিবহণ কেন্দ্ৰ হোৱাৰ পথত অগ্ৰসৰ হৈছে। এই অত্যাধুনিক বিমানবন্দৰটোত দুটা মাহৰ পাছত অৰ্থাৎ ডিচেম্বৰত বাণিজ্যিক কাম-কাজ আৰম্ভ কৰাৰ আশা কৰা হৈছে।
 
নৱী মুম্বাই বিমানবন্দৰৰ বিষয়ে ১০ টা গুৰুত্বপূৰ্ণ তথ্য তলত উল্লেখ কৰা হৈছেঃ
 
১. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্বোধন কৰা নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ভাৰতৰ প্ৰথমটো সম্পূৰ্ণ ডিজিটেল বিমানবন্দৰ।
 
২. ১৯,৬৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পটোৱে ৰিয়েল ইষ্টেটৰ বিকাশ, পৰ্যটন, বাণিজ্য আৰু সেউজ উদ্ভাৱনক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। তদুপৰি, ইয়াৰ ফলত বিমান পৰিবহণ, লজিষ্টিক, তথ্য প্ৰযুক্তি, আতিথ্য আৰু ৰিয়েল ইষ্টেটকে ধৰি বিভিন্ন খণ্ডত ২ লাখৰো অধিক নিয়োগ সৃষ্টিৰ সম্ভাৱনা আছে।
৩. নৱনিৰ্মিত বিমানবন্দৰটোত আগবঢ়োৱা উল্লেখযোগ্য সা-সুবিধাসমূহৰ ভিতৰত আছে--ইয়াক সম্পূৰ্ণ স্বয়ংক্ৰিয় আৰু এআই-সক্ষম টাৰ্মিনেলৰ দ্বাৰা সংযুক্ত কৰা হৈছে। ইয়াত যান-বাহন পাৰ্কিং স্পট, অনলাইন বেগেজ ড্ৰ'প আৰু ইমিগ্ৰেশ্যন সেৱাসমূহৰ বাবে পূৰ্ব-বুকিং সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে।
 
৪. পদুম ফুলৰ আকৃতিৰে ইয়াৰ স্থাপত্য ডিজাইন কৰা হৈছে। ইয়াত বৃহৎ কাঁচৰ আৱৰণ, মুকলি স্থান আৰু প্ৰাকৃতিক পোহৰ ব্যৱহাৰ কৰা হৈছে।
 
৫. যদিও এটা টাৰ্মিনেল আৰু ৰানৱে প্ৰাৰম্ভিক পৰ্যায়ত আছে, ১,১৬০ হেক্টৰজোৰা বিমানবন্দৰটোৰ বছৰি প্ৰায় ২০ মিলিয়ন যাত্ৰীক সামৰি লোৱাৰ সক্ষমতা আছে। সম্পূৰ্ণ কাৰ্যক্ষম চাৰিটা টাৰ্মিনেল আৰু দুটা ৰানৱে'ৰ সৈতে, বিমানবন্দৰটোৱে পূৰ্ণ ক্ষমতাত ১৫৫ মিলিয়ন যাত্ৰীক সামৰি ল'ব পাৰিব।
 
৬. ইণ্ডিগ' এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ, আকাছা এয়াৰ আৰু আন কেইবাটাও বিমান সংস্থাই ইতিমধ্যে দেশৰ বিভিন্ন চহৰক সংযোগ কৰি বিমান সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা প্ৰকাশ কৰিছে।
 
৭. প্ৰায় ৪০ শতাংশ আন্তঃৰাষ্ট্ৰীয় যাতায়াতৰ সৈতে, ডিচেম্বৰত বাণিজ্যিক কাৰ্যকলাপ আৰম্ভ হ'ব। চৰকাৰী বিষয়াসকলৰ মতে, বিমানবন্দৰটো প্ৰথমে দৈনিক ১২ ঘন্টাৰ বাবে কাৰ্যক্ষম হ'ব আৰু ইয়াৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় যাতায়ত ৭৫ শতাংশলৈ বৃদ্ধি পাব।
৮. আদানী এয়াৰপৰ্টছ হ'ল্ডিংছ লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া অৰুণ বানছালে নৱী মুম্বাই বিমানবন্দৰক 'চিন্তামুক্ত বিমানবন্দৰ' (anxiety-free airport) বুলি অভিহিত কৰে। ইয়াৰ স্বয়ংক্ৰিয়কৰণ আৰু ডিজিটেল সুবিধাসমূহৰ প্ৰশংসা কৰি তেওঁ কয়, "আমি আহমেদাবাদত এআই-সক্ষম বেগেজ ট্ৰেকিংৰ সম্পৰীক্ষা কৰিছো আৰু ইয়াত আপুনি আপোনাৰ ফোনত এটা বাৰ্তা লাভ কৰিব যে আপোনাৰ বেগটো কাৰুছেলত ২০ নম্বৰত আছে।"
 
৯. ই ভাৰতৰ প্ৰথমটো বৃহৎ বিমান পৰিবহণ কেন্দ্ৰ হিচাপে কাম কৰিব য'ত এক্সপ্ৰেছৱে, মেট্ৰ' আৰু চহৰাঞ্চলৰ ৰে'ল নেটৱৰ্ক আৰু জলপথ সেৱাকে ধৰি কেইবাটাও পৰিবহণ ব্যৱস্থাৰ সৈতে সংযোগ স্থাপন কৰা হ'ব।
 
১০. চিআইডিচিঅ' (চিটি এণ্ড ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেচন অফ মহাৰাষ্ট্ৰ লিমিটেড) আৰু আদানী এয়াৰপ'ৰ্ট হ'ল্ডিংছৰ মাজত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্বৰ অধীনত নৱী মুম্বাই বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে।