নতুন দিল্লী
ওড়িশাৰ কটকত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। কটকৰ এছ চি বি মেডিকেল কলেজত সংঘটিত এই অগ্নিকাণ্ডত বৰ্তমানলৈকে ১০ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ কটকৰ এছ চি বি চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ জৰুৰীকালীন সেৱাৰ আই চি ইউ কক্ষত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে ৷ যাৰ ফলত ১০ জন লোকে মৃত্য়ু হোৱা বুলি শেহতীয়া তথ্য়ত প্ৰকাশ ৷
ঘটনাৰ বিৱৰণি অনুসৰি, দেওবাৰে নিশা ২ বাজি ৩০ মিনিটত সংঘটিত হৈছিল এই ভয়ংকৰ অগ্নিকাণ্ডটো ৷ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখনৰ প্ৰথম মহলাত প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ এই অগ্নিকাণ্ডৰ ফলত আতংকিত হৈ পৰে চিকিৎসালখনত থকা ৰোগী আৰু ৰোগীৰ আত্মীয় ৷ ইফালে তাৎক্ষণিকভাবে অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷
উল্লেখযোগ্য যে, অগ্নিকাণ্ডৰ সময়ত অতি সংকটজনক অৱস্থাত চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখনৰ আই চি ইউত ১০ জনক ভৰ্তি কৰা আছিল ৷ বৰ্তমান আইটাইকেইজন ৰোগীকে সুৰক্ষিতভাবে উদ্ধাৰ কৰি অন্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷ ইফালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী মুকেশ মহলিঙৰ সৈতে ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে পুৱাতে চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷
সমগ্ৰ ঘটনাৰ সন্দৰ্ভত উচ্চস্তৰীয় তদন্ত গঠনৰ নিৰ্দেশ দি মুখ্যমন্ত্ৰী মাঝিয়ে X ত কয়, "অনাকাংক্ষিত ঘটনাত ১০ জন লোকৰ মৃত্যু হৈছে। এই ঘটনাত চিকিৎসালয়খনৰ ১১ জনকৈ কৰ্মচাৰী আহত হৈছে। ঘটনাত নিহত পৰিয়াললৈ ২৫ লাখকৈ এককালীন সাহায প্ৰদান কৰা হ'ব৷ অগ্নিনিৰ্বাপক বাহিনীৰ ডিজিৰ নেতৃত্বত এটা দলে উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিব আৰু এই তথ্যৰ ভিত্তিত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব।" ইফালে শ্ব’ৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি উল্লেখ কৰিছে ওড়িশাৰ মুখ্যমন্ত্ৰীয়ে৷
ইতিমধ্যে ঘটনাত নিহত লোকৰ পৰিচয় উদ্ধাৰ কৰা হৈছে। নিহতসকলৰ ভিতৰত আছে ৰমেশ চন্দ্ৰ পাৰিদা, দাসুৰ মুণ্ডা, এম ডি নয়ুম, গৌৰাং চন্দ্ৰ বাৰিক, এছ কে আব্দুল ছাটাৰ, মধুসূধন দালাই, কুৰশান চন্দ্ৰ বিশৱাল, ৰবিন্দা দাস, ছেৰু পাৰিদা আৰু মেনকা ৰাউট। মুখ্যমন্ত্ৰী মাঝিয়ে Xত উল্লেখ কৰা অনুসৰি, চিকিৎসালয়খনৰ আই চি ইউত ২৩ গৰাকী ৰোগীক ভৰ্তি কৰা আছিল৷ তাৰে অগ্নিদ্বগ্ধ হৈ ৭জন ৰোগীৰ মৃত্যু হৈছে৷
ওড়িশাৰ ঘটনাক লৈ শোকপ্ৰকাশ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ৷ শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনাই ৰাষ্ট্ৰপতি মূৰ্মুৱে Xত কয়," ওড়িশাৰ কটকত হোৱা ঘটনা অতি দুখজনক ৷ নিহত পৰিয়াললৈ সমবেদনা জনাইছো ৷ আহতসকল শীঘ্ৰে সুস্থ হৈ উঠক তাৰে কামনা কৰিছো ৷"