নতুন দিল্লী
ৰাজস্থানৰ এখন চিকিৎসালয়ত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড৷ নিমিখতে ক’লা ধোঁৱাই ছানি ধৰে সমগ্ৰ অঞ্চলটো৷ চাৰিওফালে সৃষ্টি হ'ল হাহাকাৰ পৰিস্থিতি, শুনা গ’ল কান্দোনৰ ৰোল৷ ঘটনাৰ খবৰ লাভ কৰাৰ পাচতেই ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী। ইতিমধ্য়ে ঘটনা সন্দৰ্ভত আৰম্ভ হৈছে তদন্ত৷
ৰাজস্থানৰ সৱাই মানসিংহ হাস্পতালত মাজনিশা এক বৃহৎ দুৰ্ঘটনা সংঘটিত হয়। চিকিৎসালয়খনৰ ট্ৰমা চেণ্টাৰৰ দ্বিতীয় মহলাত হঠাতে জুইৰ সূত্ৰপাত ঘটে।
এই অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে হাস্পতালখনৰ আই চি ইউত ভৰ্তি হৈ থকা ৮ জন ৰোগীৰ মৃত্যু হৈছে। সোমবাৰে পুৱা প্ৰায় ২ ৰ পৰা ৩ বজাৰ ভিতৰত সংঘটিত হয় এই দুৰ্ঘটনাটো। শ্বৰ্ট চাৰ্কিটৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
প্ৰথম অৱস্থাত লাভ কৰা তথ্য মতে, চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ দীপক মহেশ্বৰীয়ে উল্লেখ কৰে, ‘‘এই জুইৰ ফলত ছয়জন লোকৰ মৃত্যু হৈছে আৰু আহতসকলৰ চিকিৎসা চলি আছে।’’
ৰোগী আৰু তেওঁলোকৰ আত্মীয়ই জনোৱা মতে, আই চি ইউৰ পৰা হঠাতে ধোঁৱা ওলাবলৈ ধৰে। তেওঁলোকে চিকিৎসালয়ৰ কৰ্মচাৰীক এই বিষয়ে কোৱাৰ পাচতো প্ৰথম অৱস্থাত কোনো লোক উপস্থিত হোৱা নাছিল।
লাহে লাহে সমগ্ৰ ট্ৰমা চেণ্টাৰটো ধোঁৱাই ভৰি পৰে আৰু ৰোগীসকলে উশাহ-নিশাহ লোৱাত অসুবিধাৰ সন্মুখীন হয়। তাৰ পাচত কিছু সময়ৰ ভিতৰতে পৰিস্থিতি বেয়াৰ ফালে গতি কৰে আৰু বহু ৰোগীৰ স্বাস্থ্যৰ অৱনতি ঘটে।
দুৰ্ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই ততাতৈয়াকৈ চিকিৎসালয়লত উপস্থিত হয়। মন্ত্ৰী জৱাহৰ সিং বেধামেও মুখ্যমন্ত্ৰীৰ লগতে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
দুয়োগৰাকী নেতাই চিকিৎসালয় প্ৰশাসনৰ পৰা সম্পূৰ্ণ ঘটনাৰ প্ৰতিবেদন বিচৰাৰ লগতে সাহায্যৰো ব্য়ৱস্থা কৰে৷ ভজনলাল শৰ্মাই উল্লেখ কৰে যে ঘটনাৰ পুংখানুপুংখ তদন্ত কৰা হ’ব আৰু দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
গোটেই নিশাটো ঘটনাস্থলীত উপস্থিত আছিল প্ৰায় ডেৰ ডজন অগ্নিনিৰ্বাপক বাহিনীৰ দল। অগ্নিনিৰ্বাপক বাহিনীক জুই নিয়ন্ত্ৰণ কৰিবলৈ প্ৰায় দুঘণ্টা সময় লাগিছিল । জুই নিয়ন্ত্ৰণলৈ অনাৰ পিছত ট্ৰমা চেণ্টাৰৰ পৰা সকলো ৰোগীক নিৰাপদে উলিয়াই অনা হয়। সাৱধানতা স্বৰূপে চিকিৎসালয়ৰ বাহিৰত চিকিৎসকৰ এটা দলক মোতায়েন কৰি ৰোগীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়।
সৱাই মানসিং চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ দীপক মহেশ্বৰীয়ে আহত ৰোগীসকলৰ চিকিৎসা চলি আছে বুলি উল্লেখ কৰে। ট্ৰমা চেণ্টাৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ অনুৰাগ ঢাকাদে নিশ্চিত কৰিছে যে ৬ জন লোকৰ মৃত্যু আনুষ্ঠানিকভাৱে নিশ্চিত কৰা হৈছে। প্ৰাথমিক তদন্তত এই জুইৰ প্ৰধান কাৰণ শ্বৰ্ট চাৰ্কিট বুলি জানিব পৰা গৈছে৷ তেওঁ লগতে কয় যে এই অগ্নিকাণ্ড সংঘটিত হোৱা আই চি ইউত ১১ জন ৰোগী আছিল আৰু কাষৰ আই চি ইউত ১৩ জন ৰোগী আছিল।
এই অগ্নিকাণ্ডৰ ফলত চিকিৎসালয় চৌহদৰ ভিতৰত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। ফলত ভয়ত বিতত হৈ বহু ৰোগীৰ আত্মীয়ই নিজৰ আপোনজনৰ সৈতে চিকিৎসালয়ৰ পৰা বাহিৰলৈ ওলাই যায়। একাংশ ৰোগীক বিচনাৰ লগতে চিকিৎসালয়ৰ বাহিৰলৈ লৈ যোৱা হয়। ঘটনাৰ সময়ত কেইবাজনো ৰোগীক ৰাজপথত পৰি থকা দেখা গৈছিল, য’ত বাহিৰত উপস্থিত চিকিৎসকে লগে লগে চিকিৎসা আৰম্ভ কৰিছিল।
শেহতীয়াকৈ জানিব পৰা মতে, এই অগ্নিকাণ্ডত মৃত্যু হোৱা আঠজন ৰোগীৰ ভিতৰত পাঁচজন পুৰুষ আৰু তিনিগৰাকী আছিল। এই অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে তেওঁলোকক বাহিৰলৈ উলিয়াই অনাৰ বাবে কোনো সুযোগে নাপালে হাস্পতাল কৰ্তৃপক্ষই। ফলত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে আঠজন ৰোগী। ইতিমধ্যে সমগ্ৰ বিষয়টোৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰিছে।