গুৱাহাটী
বিশ্বজুৰি সংকটৰ সন্মুখীন হোৱা জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে অতি প্ৰয়োজনীয় এটা সামগ্ৰিক ৰেঞ্জাৰ বাহিনী গঠনৰ উদ্দেশ্যে বিশ্ব সমূদায়, চৰকাৰ, ৰেঞ্জাৰ ফেডাৰেশ্যন অব্ এছিয়া, ইণ্টাৰনেচনেল ৰেঞ্জাৰ ফেডাৰেশ্যন, সংৰক্ষণ আৰু অন্য সামাজিক সংস্থা আৰু দাতা সকলোকে আহ্বান জনায় এছিয়ান ৰেঞ্জাৰ ফ'ৰামে।
গুৱাহাটীত ৫ ডিচেম্বৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্রথম এছিয়ান ৰেঞ্জাৰ ফ'ৰাম-২০২৩ৰ শুকুৰবাৰে সামৰণি পৰে। এই ফ'ৰাম আয়োজনত অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে মুখ্য ভূমিকা গ্ৰহণ কৰে। এই সম্মিলনত গ্ৰহণ কৰা গুৱাহাটী ঘোষণাপত্ৰই বিশ্বৰ খিলঞ্জীয়া ৭০ শতাংশ লোকৰ বসতিস্থল এছিয়াত সংৰক্ষিত অঞ্চলৰ সুৰক্ষা আৰু পৰিচালনাত খিলঞ্জীয়া লোক, স্থানীয় সমুদায়, মহিলা আৰু পৰ্যাপ্ত প্ৰতিনিধিত্ব নথকা গোটবোৰে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দিয়ে।
সম্মিলনত কোনো পক্ষপাত বা বৈষম্য নোহোৱাকৈ গুণসম্পন্ন ৰেঞ্জাৰ নিযুক্তি, বৈষম্য বিৰোধী প্ৰশিক্ষণ, সকলো পৰ্যায়ৰ ৰেঞ্জাৰৰ বাবে প্ৰযোয্য নীতি আৰু নিৰীক্ষণ ব্যৱস্থাৰ প্ৰৱৰ্তন, সমৰ্থন গাঁঠনি আৰু দক্ষতা বৃদ্ধি আৰু ৰেঞ্জাৰ বাহিনীত পৰ্যাপ্ত প্ৰতিনিধিত্ব নথকা গোটৰ বাবে পদোন্নতিৰ সুবিধাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
গুৱাহাটী ঘোষণাপত্ৰত উল্লেখ কৰা হৈছে, "এছিয়া এটা অতি জৈৱ বৈচিত্ৰ্যপূৰ্ণ অঞ্চল, তথাপিও বিগত ৫০ বছৰত অঞ্চলটোৰ প্ৰাকৃতিক সম্পদৰ অৰ্ধেক ধ্বংস হৈছে। ৰেঞ্জাৰসকলে এছিয়াৰ চহকী বন্যপ্ৰাণী আৰু পাৰিৱেশতন্ত্ৰৰ ৰক্ষকৰ ভূমিকা পালন কৰি ২০৩০ (৩০ৰ ভিতৰত ৩০) চনৰ ভিতৰত পৃথিৱীৰ ভূ-ভাগ, মহাসাগৰ, উপকুলীয় অঞ্চল আৰু আভ্যন্তৰীণ জলভাগৰ ৩০%ৰ সঠিক সংৰক্ষণ আৰু পৰিচালনাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে।"
ঘোষণাপত্ৰত উল্লেখ কৰা হৈছে, "এই গুৰুত্ব সত্বেও ৰেঞ্জাৰসকল প্ৰায়ে প্ৰশিক্ষণ, স্বীকৃতি আৰু সজুলিৰ অভাৱত ভোগে। ৩০ৰ ভিতৰত ৩০ ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে বিশ্বত ৰেঞ্জাৰৰ সংখ্যা আৰু বৰ্তমানৰ আৰু ভৱিষ্যতৰ সুৰক্ষিত আৰু সংৰক্ষিত এলেকাৰ পৰিচালনা দক্ষতা দুয়োটাই বৃদ্ধি কৰিব লাগিব। আকাৰ আৰু পাৰিপাৰ্শ্চিক গুৰুত্বৰ দিশৰ পৰা এছিয়াই এই গোলকীয় লক্ষ্য আহৰণত মূল ভূমিকা পালন কৰিব।"
এছিয়ান ৰেঞ্জাৰ ফ'ৰামৰ সামৰণি অনুষ্ঠানত দিয়া ভাষণত প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মূৰব্বী আই এফ এছ বিষয়া এম কে যদৱে বিশ্বজুৰি সংৰক্ষণৰ বাবে অক্লান্তভাৱে কাম কৰা বন ৰেঞ্জাৰসকলক প্ৰশংসা কৰে আৰু তেওঁলোকৰ সংৰক্ষণ বিষয়ক সফলতাৰ কথাবোৰ প্ৰচাৰ কৰাৰ ওপৰত গুৰুত্ব দিয়ে।
তেওঁ কয়, "ৰেঞ্জাৰ, বনৰক্ষী, বনকৰ্মী, আমি সকলো এক। আমি জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূলতাৰ বিৰুদ্ধে একত্ৰিত হৈ থিয় দিঁও। জলবায়ু পৰিৱৰ্তনে বন্যপ্ৰাণীক অধিক ক্ষতি কৰিব আৰু সংৰক্ষিত অঞ্চল আৰু বনাঞ্চলৰ প্ৰান্তীয় লোকসকলৰ ওপৰত ইয়াৰ সৰ্বাধিক প্ৰভাৱ দেখা যাব। অসমতো জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ইতিমধ্যে বিদ্যমান। অৰণ্যৰ দাতি-কাষৰীয়া অঞ্চলত বাস কৰা দুখীয়া লোকসকলেই আটাইতকৈ বেছি প্ৰভাৱিত লোক। মোৰ বিশ্বাস এছিয়ান ৰেঞ্জাৰছ ফ’ৰাম, ২০২৩ সফল হৈছে আৰু আমি ভাৰতত পুনৰবাৰ এ আৰ এফ আয়োজন কৰিবলৈ আগ্ৰহী।"
আন্তঃৰাষ্ট্ৰীয় ৰেঞ্জাৰ ফেডাৰেচনৰ সভাপতি ক্ৰীছ গেলিয়াৰ্ছে ৰেঞ্জাৰ ফেডাৰেচন অৱ এছিয়াৰ নৱনিৰ্বাচিত কমিটীখন ঘোষণা কৰে। ভাৰতৰ বাণ্টী টাওক সভাপতি আৰু নেপালৰ মানৱ খাডকাক উপ-সভাপতি হিচাপে লৈ গঠিত কমিটিখনত, হানেৰা আইছাক সম্পাদক, শ্ৰীনাথ ভাণ্ডাৰাক দক্ষিণ এছিয়াৰ প্ৰতিনিধি আৰু পীৰানুচ দুলকুল কেপেলক দক্ষিণ-পূব এছিয়াৰ প্ৰতিনিধি হিচাপে বাচনি কৰা হৈছে।
আই ইউ চি এন ডব্লিউ চি পি এ কেপাচিটি ডেভেলপমেণ্ট থিমেটিক গ্ৰুপৰ উপাধ্যক্ষ আৰু ৰি:ৱাইল্ডৰ প্ৰটেক্টেড এৰিয়া মেনেজমেণ্টৰ সঞ্চালক মাইকেল এপলটনে আই ইউ চি এন ডব্লিউ চি পি এ ৰেঞ্জাৰছ বঁটাবোৰ ঘোষণা কৰে। তেওঁ কয় যে এই বঁটাসমূহৰ জৰিয়তে নিজৰ সামৰ্থ্য প্ৰমাণ, সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে নিজৰ ক্ষমতা বৃদ্ধি কৰাৰ বাবে অক্লান্তভাৱে কাম কৰা ৰেঞ্জাৰ সকলৰ প্ৰচেষ্টাক স্বীকৃতি দিয়া হৈছে। এই বঁটাত এখন প্ৰমাণ-পত্ৰ আৰু এক অনন্য ইউনিফৰ্ম প্ৰতীকচিহ্ন থাকে।
সামৰণি অনুষ্ঠানত আমেৰিকাৰ দূতাবাসৰ প্ৰিয়া ঘোষ আৰু আৰণ্যকৰ সচিব প্ৰধান তথা মুখ্য কাৰ্যবাহী বিষয়া বিভৱ কুমাৰ তালুকদাৰে অংশগ্ৰহণ কৰে। ভাৰতৰ অৰুণাচল প্ৰদেশৰ কমলাং ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ফৰেষ্ট ৰেঞ্জাৰ তথা এছিয়ান ৰেঞ্জাৰছ ফেডাৰেচনৰ নৱনিৰ্বাচিত সভাপতি বাণ্টী টাৱে তেওঁৰ প্ৰতি প্ৰদৰ্শন কৰা বিশ্বাসৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু সাগৰৰ পৰা পৰ্বতৰ সৰ্বোচ্চ শৃংগলৈকে ব্যাপি থকা এছিয়াৰ বৈচিত্ৰময় পৰিৱেশৰ প্ৰতি লক্ষ্য ৰখাৰ এই প্ৰত্যাহ্বানপূৰ্ণ কামত সকলো ৰেঞ্জাৰৰ সমৰ্থন আৰু একতা বিচাৰে।
সামৰণি অনুষ্ঠানত ৰেঞ্জাৰ ফেডাৰেচন অৱ এছিয়াৰ বিদায়ী সভাপতি ৰোহিত সিঙক সম্বৰ্ধনা জনোৱা হয়। ৫ৰ পৰা ৮ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা এ আৰ এফত ৮৯ জন কৰ্মৰত ৰেঞ্জাৰকে ধৰি ২০খন দেশৰ ১৪৬ জন অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলৰ এক চতুৰ্থাংশ (২৫%) মহিলা আৰু ৩০% খিলঞ্জীয়া বা স্থানীয় সমূদায়ৰ সদস্য আছিল।