আৱাজ-দ্য ভইচ ব্যুৰ'
ৰঙা চীনক কঠোৰ বাৰ্তাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্বোধন কৰিলে মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণত কৰা জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰ (ELF)। আজি পুৱা বায়ুসেনাৰ বাহুবলী C130 হাৰকিউলিছেৰে মৰাণৰ এই ELFত অৱতৰণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। অসম তথা উত্তৰ-পূবৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এই সুবিধা মুকলি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে।
অসমৰ ডিব্ৰুগড়-মৰাণ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা জৰুৰীকালীন অৱতৰণ সুবিধা (ELF)টোৰ গুৰুত্বৰ আঁৰত অন্যতম মুখ্য কাৰণ হৈছে ‘চীন কাৰক’। জৰুৰীকালীন পৰিস্থিতিৰ সময়ত ভাৰতীয় বায়ুসেনাৰ (IAF) আগশাৰীৰ যুঁজাৰু বিমান আৰু পৰিবহণ বিমানসমূহ ইয়াত অৱতৰণ কৰাব পৰা যাব।
প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC)ৰ সমগ্ৰ অঞ্চলজুৰি চীনৰ বিমান ঘাটিসমূহৰ বিপৰীতে ভাৰতীয় বায়ুসেনাৰ বহুতো ঘাটি আছে। পশ্চিম বংগৰ উত্তৰত আৰু ভূটানৰ দক্ষিণে থকা হাচিমাৰাত ৰাফেল বিমানৰ দ্বিতীয়টো স্কোৱাড্ৰন অৱস্থিত। এই অঞ্চলটোৰ দক্ষিণ-পূব দিশটোৱেই হৈছে ভাৰতৰ বাবে আটাইতকৈ স্পৰ্শকাতৰ বা দুৰ্বল স্থান।
সেইবাবেই ডোকলাম সংকটৰ সময়ত ভাৰত সাজু আছিল যে যদি চীনে ওচৰ চাপি আহিবলৈ কোনো ধৰণৰ চেষ্টা কৰে, তেন্তে ভাৰতে এই অঞ্চলটো অৱৰোধ কৰিবলৈ যত্ন কৰিব। ভাৰতৰ আন বিমান ঘাটিসমূহ তেজপুৰ, যোৰহাট আৰু চাবুৱাত আছে।
আনহাতে, চীনৰ দিশত অতি কমেও সাতটা বিমান ঘাটি আছে। যুদ্ধৰ দৰে পৰিস্থিতি হ’লে ভাৰতৰ বিমান ঘাটিসমূহ শত্ৰুৰ লক্ষ্য হৈ পৰিব পাৰে, সেইবাবেই ভাৰতক এনে বিকল্প সুবিধাৰ প্ৰয়োজন য’ত যুঁজাৰু বিমানসমূহ মোতায়েন কৰিব পৰা যায়। কাৰণ মাটিত ৰৈ থকা যুঁজাৰু বিমানসমূহ আক্ৰমণৰ প্ৰতি অতিশয় অসুৰক্ষিত হৈ থাকে।
ঠিক ইয়াতেই এই জৰুৰীকালীন অৱতৰণ সুবিধা (ELF)টো কামত আহে। এই ELF টো বিশেষভাৱে শক্তিশালী কৰা হৈছে আৰু বিমান অৱতৰণৰ বাবে ই যথেষ্ট দীঘল তথা বহল। ব্যৱহাৰৰ পূৰ্বে ঘাইপথটোত যাতায়ত বন্ধ কৰি দিয়া হ’ব আৰু নিৰাপত্তা বাহিনীয়ে ইয়াৰ চাৰিওফালৰ এলেকা সুৰক্ষিত কৰিব। ইয়াত অৱতৰণ কৰা বিমানবোৰত অতি সোনকালে ইন্ধন ভৰোৱাৰ লগতে অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত কৰিব পৰা যাব।
কেৱল যুদ্ধৰ বাবেই নহয়, এই ELF মানৱীয় সহায় বা উদ্ধাৰ কাৰ্যৰ বাবেও ব্যৱহাৰ কৰিব পাৰি।
প্ৰধানমন্ত্ৰী মোদীয়ে চাবুৱা বিমানঘাটিৰ পৰা উৰা মাৰিছিল আৰু মৰাণৰ এই জৰুৰীকালীন সুবিধাটোত অৱতৰণ কৰিছিল। ১০০ কোটি টকা ব্যয়েৰে নিৰ্মিত এই ELF টো ৪.২ কিলোমিটাৰ দীঘল। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এয়াৰ চিফ মাৰ্শ্বাল এ.পি. সিং উপস্থিত আছিল।
ইয়াৰ পূৰ্বে 'X'ত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে এই জৰুৰীকালীন অৱতৰণ সুবিধাটো জৰুৰীকালীন সঁহাৰিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব, যিয়ে প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সময়ত উদ্ধাৰ আৰু সাহায্য অভিযানৰ দ্ৰুত মোতায়েনত সহায় কৰিব। মৰাণ বাইপাছত ৪.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুদৃঢ় পথছোৱা ১০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। ই ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান আৰু পৰিবহণ বিমানৰ বাবে এক কৌশলগত আৰু বহুমুখী ৰানৱে হিচাপে কাম কৰিব, যাৰ ফলত প্ৰতিৰক্ষা, সামগ্ৰী পৰিবহণ (logistics) আৰু দুৰ্যোগ ব্যৱস্থাপনা অধিক শক্তিশালী হ'ব। এই সুবিধাটো অসামৰিক আৰু সামৰিক উভয় কামতে ব্যৱহাৰ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে, যিটো জৰুৰী অৱস্থাত ডিব্ৰুগড় বিমানবন্দৰৰ বিকল্প হিচাপে ব্যৱহাৰ হ'ব। এই ELF-এ ৪০ টন ওজন পৰ্যন্ত যুঁজাৰু বিমান আৰু সৰ্বাধিক ৭৪ টন উৰণ ওজনৰ (take-off weight) পৰিবহণ বিমান চম্ভালিবলৈ সক্ষম। উল্লেখ্য যে ভাৰতৰ প্ৰথমটো ELF ২০২১ চনত ৰাজস্থানৰ বাড়মেৰ জিলাত উদ্বোধন কৰা হৈছিল।
অৱতৰণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে তেজছ, ছুখই, ৰাফেল আৰু অন্যান্য যুঁজাৰু বিমানৰ দ্বাৰা প্ৰদৰ্শিত ৪০ মিনিট জোৰা এটা এয়াৰ শ্ব' (আকাশী প্ৰদৰ্শনী) প্ৰত্যক্ষ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও উন্নয়নমূলক কামৰ উদ্বোধন কৰিব। তেওঁ গুৱাহাটীৰ সৈতে উত্তৰ গুৱাহাটীক সংযোগ কৰা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত বহু প্ৰত্যাশিত দলংখন মুকলি কৰিব। এই দলংখনে যান-জঁটৰ সমস্যা যথেষ্ট পৰিমাণে লাঘৱ কৰিব, যাত্ৰাৰ সময় কমাব আৰু নদীৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত যোগাযোগ ব্যৱস্থা উন্নত কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও তেওঁ বংগৰাত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (IIM) গুৱাহাটীৰ অস্থায়ী চৌহদটো উদ্বোধন কৰিব।
প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীৰ বাবে অতিৰিক্ত ১০০ খন বৈদ্যুতিক বাছৰ ফ্লেগ অফ (শুভাৰম্ভ) কৰিব। নগৰখনত কাৰ্বন নিৰ্গমন হ্ৰাস কৰি বায়ুৰ মানদণ্ড উন্নত কৰাৰ লগতে ৰাজহুৱা পৰিবহণ ব্যৱস্থা শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই পদক্ষেপ লোৱা হৈছে। তেওঁ গুৱাহাটীত বিজেপি কৰ্মীসকলক সম্বোধন কৰি ভাষণো প্ৰদান কৰিব।