শম্পি চক্ৰৱৰ্তী পুৰকায়স্থ
কলকাতাৰ ব্যস্ত ৰাজপথত হঠাৎ এগৰাকী হিজাব পৰিহিতা তৰুণীয়ে যদি অতি আত্মবিশ্বাসেৰে বাইক চলাই পাৰ হৈ যায়, তেন্তে আজিকালি তাত আচৰিত হ'বলগীয়া একো নাই। চহৰখনৰ মানুহে এতিয়া তেওঁক - ‘হিজাবী বাইকাৰ’ হিচাপে চিনি পায়। তেওঁৰ নাম আলিমা ৰহমান, এক সাধাৰণ মধ্যবিত্ত মুছলমান পৰিয়ালৰ জীয়ৰী, যাৰ অদম্য জেদ, অধ্যাৱসায় আৰু পৰিয়ালৰ সমৰ্থনে তেওঁক আজি এই পৰিচিতি আনি দিছে।
বাইকৰ প্ৰতি আলিমাৰ আকৰ্ষণৰ আৰম্ভণি হৈছিল সৰুতেই। পৰিয়ালৰ এজন আত্মীয়- ককায়েকক বাইক চলোৱা দেখিয়েই তেওঁৰ মনত বাইকৰ প্ৰতি আগ্ৰহৰ জন্ম হৈছিল। সেই আগ্ৰহ লাহে লাহে নিচাত পৰিণত হয়। কিন্তু বিষয়টো ইমান সহজ নাছিল। এটা ৰক্ষণশীল মুছলমান পৰিয়ালত ছোৱালীয়ে বাইক চলোৱা কথাত আত্মীয়-স্বজনৰ তীব্ৰ আপত্তি আছিল। “পৰ্দা প্ৰথা মানি চলা ঘৰৰ ছোৱালীয়ে ৰাজপথত বাইক চলাব”- এই ধাৰণাটো মানি লোৱাটো বহুতৰ বাবেই টান আছিল।
কিন্তু আলিমাৰ কাষত থিয় দিছিল তেওঁৰ পিতৃ আজিজুৰ ৰহমান। জীয়েকৰ সপোনক দমাই নৰাখি বৰঞ্চ তেওঁ নিজেই প্ৰশিক্ষক হিচাপে আগবাঢ়ি আহিছিল। মাত্ৰ ১০–১১ বছৰ বয়সৰ পৰাই দেউতাকৰ হাতত ধৰি আলিমাৰ বাইক চলোৱাৰ আদিপাঠ আৰম্ভ হৈছিল। হাতত গিয়াৰ ধৰি, পথাৰে-ঘাটে অনুশীলন কৰি কৰি তেওঁৰ আত্মবিশ্বাস বাঢ়িবলৈ ধৰে।
আলিমা ৰহমান
অৱশ্যে সমাজৰ ৰঙা চকুৰ পৰা তেওঁ সাৰি যোৱা নাছিল। চুবুৰীয়া ল'ৰাৰ ককৰ্থনা, ব্যংগ, কেতিয়াবা আকৌ ইচ্ছাকৃতভাৱে জোকোৱা- এই সকলোবোৰৰ সন্মুখীন হ'বলগীয়া হৈছিল তেওঁ। ৰাস্তালৈ ওলালেই নানা ধৰণৰ মন্তব্যৰ সন্মুখীন। কিন্তু আলিমা দমি যোৱা নাছিল। নীৰৱে আৰু সংযতভাৱে তেওঁ নিজৰ লক্ষ্যৰ দিশে আগুৱাই গৈছিল। তেওঁৰ মাত্ৰ এটাই উদ্দেশ্য আছিল- বাইক চলোৱা শিকা আৰু এইটো প্ৰমাণ কৰা যে ল'ৰা আৰু ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাই।
আজি কুৰিৰ ঘৰ অতিক্ৰম কৰা আলিমা কলকাতা চহৰৰ এখন চিনাকি মুখ। হিজাব পৰিহিত অৱস্থাত নিয়মীয়াকৈ বাইক চলোৱাৰ বাবেই তেওঁৰ এই বিশেষ পৰিচিতি। তেওঁ কেতিয়াও নিজকে নিজৰ ধৰ্ম বা সংস্কৃতিৰ পৰা আঁতৰাই ৰখা নাই। বাহিৰলৈ ওলালেই তেওঁ হিজাব পিন্ধে, অথচ সেই হিজাবৰ আঁৰতেই লুকাই থাকে এগৰাকী দৃঢ়মনৰ বাইকাৰৰ আত্মবিশ্বাস। ৰাস্তালৈ ওলালেই তেওঁৰ দৃষ্টি নিবদ্ধ থাকে কেৱল গন্তব্যস্থানৰ ফালে, কোনো কথাতেই তেওঁৰ মনোযোগ বিচ্যুত নহয়।
আলিমাৰ পিতৃ আজিজুৰ ৰহমানে জনায়, “ছোৱালী ঘৰলৈ ঘূৰি নহালৈকে স্বাভাৱিকতেই চিন্তা হয়। টোপনি নাহে, বাৰে বাৰে বাহিৰত পায়চাৰি কৰি থাকোঁ। কিন্তু মই কেতিয়াও তাইৰ স্বাধীনতাত বাধা দিব বিচৰা নাই। ছোৱালী বুলিয়েই তাইক আৱদ্ধ কৰি ৰখাটো অনুচিত।” তেওঁ বিশ্বাস কৰে যে, ভৰসা আৰু সাহস দিলে ছোৱালীয়েও নিজৰ পথ নিজেই তৈয়াৰ কৰি ল'ব পাৰে।
আনহাতে, আলিমায়ো পিতৃ-মাতৃৰ ভূমিকাৰ কথা বাৰে বাৰে উল্লেখ কৰে। তেওঁৰ মতে, পিতৃ-মাতৃৰ বিৰোধিতা কৰি জীৱনত আগবাঢ়িব নোৱাৰি। তেওঁ কয়, “তেওঁলোকক ভালদৰে বুজাই, সন্মত কৰাই লগত লৈ চলিব লাগে। উন্নতিৰ বাবে পিতৃ-মাতৃৰ আশীৰ্বাদ অতি জৰুৰী।”
আলিমা ৰহমান
বাইক চলোৱা সন্দৰ্ভত আলিমাৰ বাৰ্তা স্পষ্ট। তেওঁ অনুভৱ কৰে যে, আজিকালি বহুত ছোৱালীয়েই বাহিৰলৈ ওলাইছে, যিটো নিঃসন্দেহে এক ইতিবাচক দিশ। কিন্তু নিৰাপত্তাৰ ক্ষেত্ৰত সচেতন হৈ থকাটো অত্যন্ত জৰুৰী। তেওঁ ৰাশ ড্ৰাইভিং (বেপৰোৱা চালন) আৰু অভাৰটেকিং এৰাই চলিবলৈ পৰামৰ্শ দিয়ে। কেৱল ছোৱালীয়েই নহয়, ল'ৰা-ছোৱালী সকলোৱে যান-বাহনৰ নিয়ম মানি চলা উচিত বুলি আলিমাই বিশ্বাস কৰে।
বহু বছৰ ধৰি বাইক চলাই অহাৰ পিছতো আজিলৈকে তেওঁ কোনো দুৰ্ঘটনাৰ সন্মুখীন হোৱা নাই। তেওঁৰ দাবী, সাৱধানতা অৱলম্বন কৰিলে আৰু নিয়ম মানি চলিলে দুৰ্ঘটনা এৰাই চলাটো সম্ভৱ। এই বাৰ্তাই তেওঁ সকলোৰে মাজলৈ লৈ যাব বিচাৰে- ৰাস্তালৈ বাইক লৈ ওলালে কেৱল নিজৰেই নহয়, আনৰ সুৰক্ষাৰ প্ৰতিও চকু ৰাখিব লাগে।
হিজাবী বাইকাৰ আলিমা ৰহমান আজি কেৱল এগৰাকী বাইকচালকেই নহয়, তেওঁ সমাজৰ বাবে এক বাৰ্তাস্বৰূপ। তেওঁ প্ৰমাণ কৰি দেখুৱাইছে যে বিশ্বাস, সংস্কৃতি আৰু সপোন- এই তিনিওটাক একেলগে লৈও জীৱনত আগবাঢ়িব পাৰি।