গুৱাহাটী
ভাৰতীয় নাগাৰিক সুৰক্ষা সংহিতা (বিএনএছএছ), ২০২৩ ৰ ৩২৯ (৪) ধাৰা অনুসৰি মেঘালয় চৰকাৰে এক অধিসূচনাৰ জৰিয়তে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ বন্যপ্ৰাণী জিনতত্ত্ব পৰীক্ষাগাৰ (ডব্লিউ জি এল) আৰু ইয়াৰ সঞ্চালকলৈ স্বীকৃতি আগবঢ়াইছে।
২০২৬ চনৰ ২৪ মাৰ্চত মেঘালয়ৰ ৰাজ্যপালৰ আদেশৰ পাছতে মেঘালয় চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ প্ৰধান সচিব এম কে বি ৰেড্ডীয়ে (আই এফ এছ) এই অধিসূচনা জাৰি কৰিছে। এই অধিসূচনাই বন্যপ্ৰাণী অপৰাধৰ তদন্তত বন্যপ্ৰাণী জিনতত্ত্ব আৰু বন্যপ্ৰাণী ফৰেনছিক ডি এন এ বিশ্লেষণৰ ব্যৱহাৰ বৃদ্ধি কৰিব।
ডি এন এ নমুনা সংগ্ৰহ পদ্ধতি ব্যৱহাৰ কৰি ফৰেনছিক প্ৰমাণ সংগ্ৰহৰ জৰিয়তে বন্যপ্ৰাণী অপৰাধৰ তদন্ত আৰু প্ৰতিৰোধত সহায় কৰাৰ উদ্দেশ্যে বিএনএছএছ, ২০২৩ৰ অধীনত এটা পৰীক্ষাগাৰ আৰু এজন বন্যপ্ৰাণী বিশেষজ্ঞক মেঘালয় চৰকাৰে প্ৰদান কৰা এইটোৱেই প্ৰথম স্বীকৃতি।
বিএনএছএছ ২০২৩ত গুৰুতৰ অপৰাধত ফৰেনছিক তদন্তৰ ব্যৱহাৰ বাধ্যতামূলক কৰি ভাৰতত বৈজ্ঞানিক পুলিচিঙৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। সেই অনুসৰি সাত বছৰ বা তাতকৈ অধিক কাৰাদণ্ডৰ শাস্তিযোগ্য অপৰাধৰ ক্ষেত্ৰত ফৰেনছিক বিশেষজ্ঞসকলে অপৰাধৰ স্থান পৰীক্ষা কৰি প্ৰমাণ সংগ্ৰহ কৰাৰ লগতে সমগ্ৰ পদ্ধতিৰ দৃশ্য-শ্ৰব্য ৰেকৰ্ডিং কৰিব লাগে।
আৰণ্যকৰ বন্যপ্ৰাণী জিনতত্ত্ব পৰীক্ষাগাৰৰ সঞ্চালক উদয়ন বৰঠাকুৰে তেওঁৰ লগতে ডব্লিউ জি এলক এই গুৰু দায়িত্ব অৰ্পণ কৰাৰ বাবে মেঘালয়ৰ বন আৰু পৰিৱেশ বিভাগৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয়, "আমি মেঘালয় চৰকাৰৰ অধিসূচনাক বন্যপ্ৰাণী অপৰাধৰ তদন্তত আমাৰ সহায় সম্প্ৰসাৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে গণ্য কৰিছোঁ।"
বৰঠাকুৰে লগতে কয় যে, শেহতীয়াকৈ মেঘালয় চৰকাৰ আৰু পূৰ্বে অসম চৰকাৰে জাৰি কৰা অনুৰূপ অধিসূচনা পাছত আৰণ্যকৰ পৰীক্ষাগাৰ আৰু বৈজ্ঞানিক বিশেষজ্ঞসকল বন্যপ্ৰাণী অপৰাধত ফৰেনছিক বিশ্লেষণৰ অৰ্থে সাক্ষ্য-প্ৰমাণ সংগ্ৰহ আইন বলৱৎকাৰী সস্থাসমূহক সহায় কৰিবলৈ সক্ষম হ’ব আৰু ইয়াৰ ফলস্বৰূপে অদূৰ ভৱিষ্যতে অভিযুক্ত দোষী সাব্যস্ত হোৱাৰ হাৰ বৃদ্ধি পাব।
উল্লেখযোগ্য যে, বিএনএছএছ ২০২৩ৰ অধীনত যোৱা বছৰ অসম চৰকাৰে আৰণ্যকৰ বন্যপ্ৰাণী জিনতত্ত্ব পৰীক্ষাগাৰ আৰু ইয়াৰ বিশেষজ্ঞক অনুৰূপ স্বীকৃতি প্ৰদান কৰিছিল।
২০০৮ চনত স্থাপিত 'ডব্লিউ জি এল আৰণ্যক' হৈছে উত্তৰ-পূব ভাৰতৰ একমাত্ৰ সংৰক্ষণ জিনতত্ত্ব আৰু বন্যপ্ৰাণীৰ ডিএনএ ফৰেনছিক সুবিধাসম্পন্ন পৰীক্ষাগাৰ। এই পৰীক্ষাগাৰে বিগত এটা দশকত জিনীয় বিশ্লেষণ আৰু ঘটনাস্থালীতে ডি এন এৰ নমুনা সংগ্ৰহৰ ব্যৱস্থা কৰি প্ৰায় দুশ বন্যপ্ৰাণী অপৰাধৰ তদন্তত চৰকাৰী কৰ্তৃপক্ষক সহায় কৰিছে।
ফৰেনছিক কাম-কাজৰ লগতে পৰীক্ষাগাৰটোৱে ভাৰত আৰু বিদেশৰ বিপন্ন বন্যপ্ৰাণী প্ৰজাতি বিষয়ক বাইশটাতকৈও অধিক সংৰক্ষণ জিনতত্ত্ব সম্পৰ্কীয় গৱেষণা প্ৰকল্পৰ ৰূপায়ণ কৰিছে।