নতুন দিল্লী
শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে বিশ্বৰ সৰ্ববৃহৎ লোকপিয়ল ২০২৭ ৰ প্ৰথম পৰ্যায়৷ প্ৰথমবাৰৰ বাবে ডিজিটেলৰ মাধ্যমৰে এই লোকপিয়ল অনুষ্ঠিত হ’ব। এয়া ভাৰতৰ ১৬ সংখ্যক লোকপিয়ল হোৱাৰ লগতে দেশে স্বাধীনতা লাভ কৰাৰ পিছত আৰম্ভ হোৱা অষ্টম লোকপিয়ল বা জনগণনা। প্ৰথমবাৰৰ বাবে স্ব-গণনা কৰাৰ বিকল্পও উপলব্ধ থাকিব।
উল্লেখ্য যে, ভাৰতৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল আৰু লোকপিয়ল আয়ুক্ত মৃত্যুঞ্জয় কুমাৰ নাৰায়ণে শুকুৰবাৰে নতুন দিল্লীত লোকপিয়ল-২০২৭ সম্পৰ্কীয় এখন সংবাদ সন্মিলনত ভাষণ প্ৰদান কৰে। তেওঁ কয় যে, সমগ্ৰ দেশতে ২০২৭ চনৰ লোকপিয়লত ৩০ লাখতকৈও অধিক গণনাকাৰী, নিৰীক্ষণকাৰী আৰু অন্যান্য বিষয়াসকলক জড়িত কৰা হ'ব৷ কেন্দ্রীয় চৰকাৰে ২০২৭ চনৰ লোকপিয়লৰ বাবে বাজেটত ১১,৭১৮.২৪ কোটি টকা ব্যয়ত অনুমোদন জনাইছে৷
লাডাখ, জম্মু-কাশ্মীৰৰ দৰে কেন্দ্ৰীয় শাসিত অঞ্চল আৰু তুষাৰাবৃত হৈ থকা ৰাজ্য উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ ক্ষেত্ৰত লোকপিয়লৰ দিন চলিত বৰ্ষৰ ১ অক্টোবৰৰ নিশা ১২ বজাৰ পৰা আৰম্ভ হৈ ২০২৭ চনৰ ১ মাৰ্চৰ নিশা ১২ বজা পৰ্যন্ত প্ৰযোজ্য থাকিব৷
এই লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব৷ প্ৰথম পৰ্যায়ত ঘৰে ঘৰে গণনা আৰু গৃহ নিৰ্মাণৰ লোকপিয়ল সম্পন্ন হ’ব, যি জনপ্ৰিয়ভাৱে এইচএলঅ’ নামেৰে পৰিচিত৷ যিটো চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ৰাজ্য অথবা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহৰ সুবিধা অনুযায়ী ছমাহৰ ভিতৰত ৩০ দিনৰ বাবে অনুষ্ঠিত হ’ব৷ এই সময়সীমাত তাৎক্ষণিকভাৱে ১৫ দিনৰ বাবে স্ব-গণনা কৰাৰ বিকল্প ব্যৱস্থাও উপলব্ধ হ’ব৷
এই পৰ্যায়ত ঘৰৰ অৱস্থা, ঘৰৰ বাবে উপলব্ধ সুবিধা আৰু ঘৰৰ মালিকানাধীন সম্পত্তিৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হ’ব। প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে প্ৰশ্নসমূহ ২০২৬ চনৰ জানুৱাৰী মাহত অৱগত কৰা হৈছিল।
দ্বিতীয় পৰ্যায়-জনসংখ্যা গণনা (পিই) ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত কৰা হ’ব৷ জম্মু-কাশ্মীৰৰ দৰে কেন্দ্ৰীয় শাসিত অঞ্চল আৰু তুষাৰাবৃত হৈ থকা ৰাজ্য উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ ক্ষেত্ৰত দ্বিতীয় পৰ্যায়ৰ লোকপিয়ল ২০২৬ চনৰ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব৷
লোকপিয়ল আইন (চিচিপিএ)ৰ নীতি অনুসৰি দ্বিতীয় পৰ্যায়ৰ লোকপিয়লত জাতিগত লোকপিয়লো অন্তৰ্ভুক্ত কৰা হ’ব। এই পৰ্যায়ত ব্যক্তিৰ পৰা জনগাঁথনিগত, আৰ্থ-সামাজিক, শৈক্ষিক, প্ৰব্ৰজন, উৰ্বৰতা আৰু অন্যান্য তথ্য সংগ্ৰহ কৰা হ’ব। লোকপিয়লৰ নিৰ্দিষ্ট দিন আৰু এই পৰ্যায়ে সামৰি ল’বলগীয়া প্ৰশ্নসমূহ সময়ত অৱগত কৰা হ’ব।
১৬ এপ্ৰিলৰ পৰা ১৫ মে’লৈ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দিল্লী (নতুন দিল্লী পৌৰসভা আৰু দিল্লী কেণ্টনমেণ্ট ব’ৰ্ড), গোৱা, কৰ্ণাটক, লক্ষ্যদ্বীপ, মিজোৰাম, ওড়িশা আৰু ছিকিমত গৃহ তালিকাভুক্ত আৰু গৃহৰ লোকপিয়ল ১ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈকে হোৱাৰ লগে লগে স্ব-গণনাও একে সময়তে অনুষ্ঠিত হ’ব।
আনহাতে, ১ মে’ৰ পৰা ৩০ মে’লৈ মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, চণ্ডীগড়, ছত্তীশগড় আৰু হাৰিয়ানাত গৃহ তালিকাৰ লোকপিয়ল আৰম্ভ হ’ব৷ ১৬ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ স্ব-গণনা আৰম্ভ হ’ব। গৃহ তালিকা আৰু গৃহৰ লোকপিয়লৰ বাবে প্ৰতিখন ৰাজ্যৰ বিপৰীতে নিৰ্দিষ্ট দিন ঘোষণা কৰিছে চৰকাৰে।
স্ব-গণনাৰ বাবে, উত্তৰদাতাসকলে তেওঁলোকৰ মোবাইল নম্বৰ আৰু অন্যান্য মৌলিক বিৱৰণ ব্যৱহাৰ কৰি এছই প’ৰ্টেলত লগ ইন কৰিব পাৰে আৰু তেওঁলোকৰ সুবিধা অনুসৰি লোকপিয়লৰ এক অনন্য স্ব-গণনা আইডি (এছই আইডি) সৃষ্টি কৰা হ'ব (এছই প'ৰ্টেলত প্ৰৱেশ কৰক (se.census.gov.in) → ম’বাইল নম্বৰ ব্যৱহাৰ কৰি লগইন কৰক → মানচিত্ৰত অৱস্থান চিনাক্ত কৰক → ঘৰুৱা বিৱৰণ পূৰণ কৰক → তথ্য দাখিল কৰক → এছই আইডি গ্ৰহণ কৰক → গণনাকাৰীক এছই আইডি প্ৰদান কৰক → নিশ্চিত তথ্য আৰু লোকপিয়লত অন্তৰ্ভুক্ত)৷
আনুষ্ঠানিকভাৱে প্ৰকাশিত এক বিবৃতি অনুসৰি ডিজিটেলৰ মাধ্যমৰে সম্পন্ন কৰা হ’ব লোকপিয়ল ২০২৭। লোকপিয়লৰ কৰ্মীসকলে স্মাৰ্টফোন ব্যৱহাৰ কৰি পোনপটীয়াকৈ ম’বাইল এপৰ জৰিয়তে তথ্য সংগ্ৰহ কৰি জমা দিব। ইয়াৰ উপৰিও দুয়োটা পৰ্যায়তে অনলাইন স্ব-গণনা উপলব্ধ হ’ব। ম’বাইল এপ আৰু স্ব-গণনা প’ৰ্টেলটো হিন্দী আৰু ইংৰাজীকে ধৰি ১৬ টা ভাষাত উপলব্ধ হ’ব।
লোকপিয়লৰ কৰ্মীসকলৰ প্ৰশিক্ষণৰ বাবে বিস্তৃত ব্যৱস্থা কৰা হৈছে। ১০০ গৰাকী ৰাষ্ট্ৰীয় প্ৰশিক্ষকক বিষয় বিশেষজ্ঞৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছে, যিয়ে প্ৰায় ২০০০ গৰাকী মাষ্টাৰ প্ৰশিক্ষকক প্ৰশিক্ষণ দিছে। এই মাষ্টাৰ প্ৰশিক্ষকসকলে প্ৰায় ৪৫,০০০ ফিল্ড প্ৰশিক্ষকক প্ৰশিক্ষণ দি আছে, যিয়ে প্ৰায় ৮০ হাজাৰ বেচত প্ৰায় ৩১ লাখ গণনাকাৰী আৰু পৰিদৰ্শকক প্ৰশিক্ষণ দিব। সকলো সম্ভৱপৰ প্ৰশিক্ষণ সামগ্ৰী আঞ্চলিক ভাষাত প্ৰস্তুত কৰা হৈছে, যাতে গণনাকাৰী আৰু পৰিদৰ্শকসকলে অন্তিম পৰ্যায়লৈকে সময়মতে মানসম্পন্ন তথ্য সংগ্ৰহ কৰাত অসুবিধাৰ সন্মুখীন নহয়।