গুৱাহাটী
চৰকাৰী বিদ্যালয় সমূহত আৰম্ভ হ'ল চলিত বৰ্ষৰ গুণোৎসৱ। গুণোৎসৱ ২০২২ ৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা দৰং জিলাৰ ছিপাঝাৰৰ ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয় আৰু বি জে বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰে।
তিনিটা পৰ্যায়ত ১১ মে'ৰ পৰা ৪ জুন, ২০২২ লৈ গুণোৎসৱ অনুষ্ঠিত হ'ব আৰু এই প্ৰক্ৰিয়াত ৪৬,০০০খন বিদ্যালয়ৰ ৪২,৫০,২২৪গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব। চৰকাৰী, প্ৰাদেশিকৃত, চাহ বাগিচা পৰিচালিত প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহে অংশগ্ৰহণ কৰিবলগীয়া গুণোৎসৱত প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলৰ মূল্যাঙ্কন কৰা হ'ব।
প্ৰথম পৰ্যায়ৰ গুণোৎসৱ মে'ৰ ১১ তাৰিখৰ পৰা ১৪ তাৰিখলৈ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'ব লগা জিলা সমূহ হ'ল বিশ্বনাথ, বঙাইগাঁও, চৰাইদেও, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, কাৰ্বি আংলং, কৰিমগঞ্জ আৰু নগাঁও।
আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে বিভাগীয় মন্ত্ৰী ডাঃ ৰণোজ পেগু, মাননীয় বিধায়ক ড০ পৰমানন্দ ৰাজবংশী আৰু মীন উন্নয়ন নিগমৰ মাননীয় অধ্যক্ষ শ্ৰীগুৰুজ্যোতি দাসকে ধৰি বিভাগীয় উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল।