ম’বাইল ফোন ছাৰ্জত দি শুইছিল; শ্বৰ্ট চাৰ্কিত হৈ কৰুণ মৃত্যুক আঁকোৱালি ল’লে মাতৃ-কন্যাই

Story by  atv | Posted by  [email protected] • 1 d ago
ম’বাইল ফোন ছাৰ্জত দি শুইছিল; শ্বৰ্ট চাৰ্কিত হৈ কৰুণ মৃত্যুক আঁকোৱালি ল’লে মাতৃ-কন্যাই
ম’বাইল ফোন ছাৰ্জত দি শুইছিল; শ্বৰ্ট চাৰ্কিত হৈ কৰুণ মৃত্যুক আঁকোৱালি ল’লে মাতৃ-কন্যাই
 
গুৱাহাটী
 
গুৱাহাটীৰ মালিগাঁৱৰ কামাখ্যা নগৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। নিশা শ্বৰ্ট চাৰ্কিত হৈ শোৱাপাটীতে প্ৰাণ গ’ল মাতৃ-কন্যাৰ। প্ৰাণ গ’ল মাতৃ দীপশিখা চক্ৰৱৰ্তী আৰু কন্যা শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ।
 
খবৰ অনুসৰি নিশা ম’বাইল ফোন আৰু টেবলেট চাৰ্জ দি একেটা কোঠাতে শুই আছিল মাতৃ-কন্যা। চাৰ্জ দিয়াৰ সময়ত নিশা বিছনাতে ৰখা আছিল ম’বাইল ফোন আৰু টেবলেটটো। কিন্তু সেই সময়তে বৈদ্যুিতক শ্বৰ্ট চাৰ্কিটৰ ফল বিস্ফোৰিত হয় ম’বাইল ফোন আৰু টেবলেটো।
 
আনফালে ঘৰৰ ভিতৰত চলি আছিল ACও। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ পিছতে বিছনাত সূত্ৰপাত হয় জুইৰ। তেনেকৈ কৰুণ মৃত্যুক আঁকোৱালি লয় মাতৃ-কন্যাই।
 
পৰিয়ালটোত আছিল চাৰিগৰাকী সদস্য। দীপশিখা আৰু সুব্ৰতৰ জ্যেষ্ঠ কন্যা আছিল শৰ্মিষ্ঠা চক্ৰৱৰ্তী আৰু কনিষ্ঠা কন্যাৰ নাম আছিল শ্ৰেয়াশ্ৰী চক্ৰৱৰ্তী। আনফালে ঘৰটোৰ অন্য এটা কোঠাত শুই আছিল পিতৃ সুব্ৰত চক্ৰৱৰ্তী।
 
জানিব পৰা অনুসৰি বেংগালুৰুৰ এটা প্ৰতিষ্ঠানত কৰ্মৰত আছিল শৰ্মিষ্ঠাই চক্ৰৱৰ্তী আৰু ৱৰ্ক ফৰ্ম হ’ম আছিল শৰ্মিষ্ঠৰ চাকৰি। মাতৃ দীপশিখা আছিল গানৰ প্ৰশিক্ষক।
 
ইতিমধ্যে আৰক্ষীয়ে মাতৃ-কন্যাৰ নিথৰ দেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। মালিগাঁৱৰ কামাখ্যা নগৰৰ বাইলেন ৪ত সংঘটিত হৈছে কৰুণ ঘটনা। এই ঘটনাত কিছু পৰিমাণে আহত হৈছে পিতৃ সুব্ৰত চক্ৰৱৰ্তীও। আহত পিতৃক GMCHত ভৰ্তি কৰা হৈছে। আনফালে ঘটনাস্থলীত উপস্থিত হৈ জালুকবাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। লগে ঘটনাস্থলীত উপস্থিত হৈছে ফৰেনসিক বিশেষজ্ঞৰ দল।


শেহতীয়া খবৰ