বালাছ'ৰৰ ৰে'ল দুৰ্ঘটনাত চিকিৎসাধীন অসমৰ যুৱকৰ খবৰ ল'বলৈ ৰাওনা অসম চৰকাৰৰ বিষয়া

Story by  atv | Posted by  [email protected] • 10 Months ago
বালাছ'ৰৰ ৰে'ল দুৰ্ঘটনাত চিকিৎসাধীন অসমৰ যুৱকৰ খবৰ ল'বলৈ ৰাওনা অসম চৰকাৰৰ বিষয়া
বালাছ'ৰৰ ৰে'ল দুৰ্ঘটনাত চিকিৎসাধীন অসমৰ যুৱকৰ খবৰ ল'বলৈ ৰাওনা অসম চৰকাৰৰ বিষয়া
 
উৰিষ্যা
 
উৰিষ্যাৰ বালাছ'ৰৰ ৰে'ল দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন হৈ থকা অসমৰ ৰেলযাত্ৰী ৰূপক দাসক সহায়ৰ বাবে আজি গুৱাহাটীৰ পৰা ৰাওনা হৈছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ দুগৰাকী জ্যেষ্ঠ বিষয়া। ৰাজ্যৰ অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক তথা অসম অসামৰিক সেৱাৰ বিষয়া ৰণবীৰ বৰা আৰু যুটীয়া চিকিৎসা শিক্ষা সঞ্চালক ডাঃ ছৈয়দ তনৱীৰ আলম দেওবাৰে দুপৰীয়া গুৱাহাটীৰ পৰা বিমান যোগে ভূৱনেশ্বৰলৈ ৰাওনা হয়।
 
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মৰ্মে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশত বিষয়া দুগৰাকীয়ে সম্প্ৰতি বালাছ'ৰৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন ৰূপক দাসক লগ ধৰিবলৈ গৈছে। আহত ৰূপক দাসৰ ঘৰ অসমৰ বিশ্বনাথ চাৰিআলিত।
 
যোৱা নিশা অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বালাচোৰৰ চিকিৎসালয়ত চিকিৎসাধীন ৰূপক দাসৰ সৈতে ফোনত কথা পাতি তেওঁৰ খবৰ লৈছিল। ৰূপক দাসৰ সৈতে হোৱা ফোন যোগাযোগৰ সময়ত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ ফালৰ পৰা তেওঁলৈ প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী শৰ্মাই নিৰ্দেশনা আগবঢ়োৱাৰ বিষয়ে তেওঁক অৱগত কৰিছিল।
 
সেই মতে আজি গুৱাহাটীৰ পৰা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া দুগৰাকীয়ে বালাচোৰলৈ যাত্ৰা কৰিছে। স্বাস্থ্য বিভাগৰ বিষয়াদ্বয়ে বালাছ'ৰৰ চিকিৎসালয়ত আহত ৰূপক দাস লগ ধৰিব আৰু চিকিৎসালয়ৰ পৰা ৰিলীজৰ পাছতে অসমলৈ সুকলমে অনাৰ ব্যৱস্থা কৰাব। অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে তেওঁৰ পৰিয়ালৰ সৈতেও নিৰন্তৰ যোগাযোগ চলাই থকা হৈছে।
 
ইফালে, দুয়োগৰাকী বিষয়াই বালাচোৰৰ ভয়াবহ ৰেল দুৰ্ঘটনাটোত ৰূপক দাসৰ বাদেও অসম আন কোনো ৰে'লযাত্ৰী ক্ষতিগ্ৰস্ত হৈছে নেকি, সেই বিষয়েও স্থানীয় প্ৰশাসন আৰু ৰে'ল বিভাগৰ সৈতে যোগাযোগ কৰিব।