গুৱাহাটী
বৰ্তমান আকাশ ফৰকাল হোৱাৰ আশা নাই অসমত। অনাগত ৩ দিন ধৰি অসমৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে ধাৰাসাৰ বৰষুণৰ আশংকা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
এই ৩ টা দিনত ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা অহাৰো সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী জাৰি কৰিছে। নলবাৰী, গুৱাহাটী, বৰপেটা, পশ্চিম কাৰ্বিআংলং, গোৱালপাৰা, বঙাইগাঁও আৰু ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা অহাৰ সম্ভাৱনা আছে।
একেদৰে শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আদি জিলাত ইয়াল্লো এলাৰ্ট জাৰি কৰিছে কেন্দ্ৰই। গতিকে উল্লেখিত আটাইকেখন জিলাৰ ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈ অনুৰোধ জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। এই সময়ছোৱাত অপ্ৰয়োজনত বাহিৰলৈ ওলোনৱা- সোমোৱা নকৰিবলৈ সতৰ্কবাণী জাৰি কৰিছে।