গুৱাহাটীত পুনৰ মুখলধাৰ বৰষুণ; বানত স্তব্ধ মহানগৰী

Story by  atv | Posted by  [email protected] • 4 h ago
গুৱাহাটীত পুনৰ মুখলধাৰ বৰষুণ; বানত স্তব্ধ মহানগৰী
গুৱাহাটীত পুনৰ মুখলধাৰ বৰষুণ; বানত স্তব্ধ মহানগৰী
 
গুৱাহাটী
 
গুৱাহাটীত বতৰে লৈছে ভয়ংকৰ ৰূপ। দুপৰীয়াৰ এজাক বৰষুণৰ পিছতে গুৱাহাটীত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতি। খানাপাৰা-জালুকবাৰী সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত হাহাকাৰ পৰিস্থিতি।
 
খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখী ৰাষ্ট্ৰীয় ঘাইপথত নদী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। বৰাগাঁও, বেহাৰবাৰী, নালাপাৰাত ভয়ংকৰ বানৰ সৃষ্টি হৈছে। বানৰ বাবে ৰাজপথত বিকল হৈ পৰিছে কেইবাখনো বাহন।
 
ৰাষ্ট্ৰীয় ঘাইপথতে বলেৰ’, ইনোভাকে ধৰি কেইবাখনো বাহন ডুব গৈছে বানত। ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত একাঁঠু পৰ্যন্ত পানী। বানৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথতো দেখিবলৈ পোৱা গৈছে তীব্ৰ যান-জঁট।
 
এজাক বৰষুণৰ পিছতে কৃত্ৰিম বানৰ কবলত লখৰাৰ পৰা নেপালী মন্দিৰ সংযোগী পথছোৱা। উল্লেখ্যে যে লখৰাৰ পৰা নেপালী মন্দিৰ সংযোগী পথত চলি আছে উৰণ সেতুৰ নিৰ্মাণ কাৰ্যও।
 
বুধবাৰৰ পৰা বানত কৱলত থকা থকা ৰুক্মিণীগাঁৱত আজিৰ বৰষুণৰ পিছতে বৃদ্ধি পাইছে পানী। পাঞ্জাবাৰী, অনিল নগৰত বৃদ্ধি পাইছে পানী। মুঠতে গুৱাহাটীত পথ-উপপথত এতিয়া সাগৰ সদৃশ পৰিস্থিতি সৃষ্টি হৈছে।
 
উল্লেখযোগ্য যে, গণেশগুৰি-হাতীগাঁও, গণেশগুৰি-বেলতলা সংযোগী পথতো বানৰ কৱলত। বানৰ ফলত ৰাস্তাতে আৱদ্ধ হৈ পৰিছে যান-বাহন। তীব্ৰ যান-জঁট সৃষ্টি হৈছে জি এছ ৰোড, এটি ৰোড, ভৱেন্দ্ৰ নাথ শইকীয়া পথ, হৰিদেৱ পথ, পণ্ডিত দীনদয়াল উপধ্যায় পথ, একে আজাদ ৰোড, একে দেৱ ৰোড, বি বৰুৱা ৰোড, মণিৰাম দেৱান পথত।