শতানন্দ ভট্টাচাৰ্য / কৰিমগঞ্জ
দক্ষিণ অসমৰ বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলা সীমান্তত থকা ন' মেনছ লেণ্ডত পোন প্ৰথমবাৰৰ বাবে উৰিল ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা। সীমান্তৰ কাইটীয়া তাৰৰ বাহিৰত থকা ৰাইজে স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে এইবাৰ ত্ৰিৰংগা উত্তোলন কৰি দেশৰ আজাদী কা অমৃত মহোৎসৱৰ আনন্দ উৎসৱত অংশ লয়।
উল্লেখ্য যে, দেশ বিভাজনৰ সময়ত এইসকল লোক দুৰ্ভাগ্যজনকভাৱে কাইটীয়া তাৰৰ বাহিৰত থাকি যায়। দেশৰ সকলো আনন্দ-উৎসৱ, সকলো মৌলিক অধিকাৰৰ পৰা তেওঁলোক বঞ্চিত হৈ আহিছে। ন' মেনছ লেণ্ডত থকা বুলি তেওঁলোক অধিকাৰৰ পৰা বঞ্চিত যদিও মনে-প্ৰাণে এইসকল লোক ভাৰতীয়।
ন' মেনছ লেণ্ডত মুঠ ৮খন গাওঁৰ কেইবাশ মানুহ বাস কৰি আছে। সেই গাওঁকেইখন হ'ল-গোৱিন্দপুৰ, লাতুকান্দি, জাৰাপাতা, লাফাছাইল, কুঁৱৰবাগ, দেওতলী, মহিছাশন আৰু জবাইনপুৰ। হিন্দু-মুছলমান দুয়োটা সম্প্ৰদায়ৰ মানুহে এই গাওঁসমূহত একতা-সম্প্ৰীতিৰে বসবাস কৰি আছে।
ইতিমধ্যে, ভাৰত চৰকাৰে এই গাওঁসমূহ ভাৰতৰ সীমান্তত অন্তৰ্ভুক্ত কৰিবলৈ আলোচনা চলাই আছে। এই অঞ্চলসমূহৰ ওপৰত সকলো সময়তে বি এছ এফৰ দৃষ্টি নিৱদ্ধ হৈ থাকে। তেওঁলোকে সকলো কামকাজ বি এছ এফৰ অনুমতি লৈ কৰিব লাগে।
এইবাৰ স্বাধীনতাৰ ৭৫বৰ্ষপূৰ্তি উপলক্ষে বি এছ এফে ন' মেনছ লেণ্ডৰ গাওঁবাসীৰ মাজত ৰাষ্ট্ৰীয়তাবাদ আৰু দেশপ্ৰেমৰ ভাৱ শক্তিশালী কৰাৰ লক্ষ্যৰে আজাদী কা অমৃত মহোৎসৱ আয়োজন কৰে। অঞ্চলটোৰ সকলোৰে ঘৰতে উত্তোলন কৰা হয় ভাৰতৰ তিনি ৰঙী জাতীয় পতাকা। গাঁওৱাসীৰ মাজত মিঠাই বিতৰণ কৰি উৎসৱমুখৰ পৰিবেশ সৃষ্টি কৰা হৈছে। অৱশ্যে, ভাৰত-বাংলা সীমান্তৰ ন' মেনছ লেণ্ডত বাস কৰা এই লোকসকলৰ ভৱিষ্যত এতিয়াও অনিশ্চয়তাৰে ভৰি আছে।