সফলতাৰে পৰীক্ষা সম্পন্ন ভাৰতৰ ‘অগ্নি-৫’

Story by  atv | Posted by  [email protected] • 10 h ago
সফলতাৰে পৰীক্ষা সম্পন্ন হ'ল ভাৰতৰ ‘অগ্নি-৫’ৰ
সফলতাৰে পৰীক্ষা সম্পন্ন হ'ল ভাৰতৰ ‘অগ্নি-৫’ৰ
 
নতুন দিল্লী
 
থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত পাৰমাণৱিক ক্ষেপণাস্ত্ৰ কঢ়িয়াই নিব পৰা অগ্নি-৫ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ বুধবাৰে সম্পন্ন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ অধীনত উন্নত অস্ত্ৰ নিৰ্মাণৰ বাবে চৰকাৰৰ ‘মিছন দিব্যাষ্ট্ৰ’ প্ৰকল্পৰ অংশ হিচাপে ওড়িশাৰ বালাছোড় জিলাৰ চণ্ডীপুৰৰ উপকূলত এই পৰীক্ষণ সম্পন্ন হয়।
 
ইণ্টাৰমিডিয়েট ৰেঞ্জ বেলিষ্টিক মিছাইল ‘অগ্নি-৫’ ৫ হাজাৰ কিলোমিটাৰ দূৰৰ লক্ষ্যত আঘাত কৰিবলৈ সক্ষম। অৰ্থাৎ এই ক্ষেপণাস্ত্ৰই ভাৰতৰ পৰা চীনৰ ৰাজধানী বেইজিঙত খুন্দা মাৰিব পাৰে! আমেৰিকা, চীন, ৰাছিয়া, ফ্ৰান্স আৰু উত্তৰ কোৰিয়াৰ বাহিৰে আন কোনো দেশৰ হাতত এই ৰেঞ্জৰ মিছাইল নাই। এই ক্ষেপণাস্ত্ৰই একেলগে একাধিক লক্ষ্যত আঘাত কৰিবলৈ সক্ষম।
 
৫০,০০০ কিলোগ্ৰাম, ১৭.৫ মিটাৰ দৈৰ্ঘ্যৰ অগ্নি-৫এ ১৫০০ কিলোগ্ৰাম অ-পাৰমাণৱিক বিস্ফোৰক বা পাৰমাণৱিক অস্ত্ৰৰ ৱাৰহেড কঢ়িয়াব পাৰি। ইয়াক ভাৰতীয় সেনাৰ ষ্ট্ৰেটেজিক ফৰ্চ কমাণ্ড (এছ এফ চি)ৰ অস্ত্ৰ ভাণ্ডাৰত অন্তৰ্ভুক্ত কৰা হ’ব। ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই বিগত এটা বছৰত একাধিক স্বতন্ত্ৰভাৱে লক্ষ্যযোগ্য পুনৰ প্ৰৱেশ বাহন (MIRV) প্ৰযুক্তি ব্যৱহাৰ কৰি ‘অগ্নি-৫’ৰ সফলতাৰে পৰীক্ষণ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বুধবাৰে এছ এফ চিৰ তত্বাৱধানত এই পৰীক্ষা সম্পন্ন কৰা হয়।