বিগত দুবছৰত ভাৰতৰ পৰা বিনিয়োগ প্রত্যাহাৰ বিদেশী প্রাতিষ্ঠানিক বিনিয়োগকাৰীৰ

Story by  atv | Posted by  Munni Begum • 4 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী 
 
ভাৰতৰ বিনিয়োগত লাভৰ সম্ভাৱনা হ্রাস পোৱাৰ আশংকাতে বিদেশী প্রাতিষ্ঠানিক বিনিয়োগকাৰীসকলে বিগত দুবছৰ ধৰি ক্ৰমাগতভাৱে বিনিয়োগ প্রত্যাহাৰ কৰি আহিছে। চলিত বছৰৰ ৯ মাহতে ভাৰতৰ শ্বেয়াৰ বজাৰৰ পৰা ১.৯৮ লাখ কোটি টকা অর্থাৎ ১,৯৮,১০৩ কোটি টকা প্রত্যাহাৰ কৰিছে বিদেশী বিনিয়োগকাৰীয়ে। মাত্র ছেপ্টেম্বৰ মাহতে প্রত্যাহাৰ কৰা বিনিয়োগৰ পৰিমাণ ২৭,১৬৩ কোটি টকা। 
 
'ছেবি'ৰ তথ্যমতে বিগত ২১ মাহত বিদেশী প্রাতিষ্ঠানিক বিনিয়োগকাৰীয়ে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা ৩,১৯,৩১৩ কোটি টকা (৩.১৯ লাখ কোটি টকা) বিনিয়োগ প্রত্যাহাৰ কৰাৰ ঘটনাই ক্ৰমাৎ অস্থিৰ কৰি তুলিছে ভাৰতীয় অর্থনীতিক। বিগত দুবছৰ ধৰি বিদেশী বিনিয়োগকাৰীয়ে বিনিয়োগ প্রত্যাহাৰ কৰাৰ মূলতে হ'ল ভাৰতীয় অর্থনীতিৰ ভৱিষ্যতক লৈ অনিশ্চয়তা। এই কোম্পানীসমূহে ভাৰতৰ শ্বেয়াৰ বজাৰৰ পৰা ধন প্ৰত্যাহাৰ কৰি অন্য লাভজনক অর্থনীতিত ধন বিনিয়োগত গুৰুত্ব দি অহা পৰিলক্ষিত হৈছে। 
 
ভাৰতীয় ৰপ্তানিত ৫০ শতাংশৰ মার্কিন শুল্ক আৰোপৰ ফলত দেশৰ অর্থনীতিত মন্দা সৃষ্টি হোৱাৰ আশংকাতো বহু বিদেশী কোম্পানীয়ে বিনিয়োগ প্রত্যাহাৰ কৰি আহিছে। সাধাৰণতেই বিদেশী প্রাতিষ্ঠানিক বিনিয়োগকাৰীসকলে মিচুৱেল ফাণ্ড, পেন্স ফাণ্ড, হেডজ ফাণ্ড, বীমা কোম্পানী, ছোভাৰেইন ৱেল্থ ফাণ্ড আদিত বিনিয়োগ কৰি আহিছে। 
 
অর্থনৈতিক বিশ্লেষকসকলৰ ধাৰণা মতে, ভাৰতৰ পৰা বিনিয়োগ প্রত্যাহাৰ কৰি অধিকাংশ বিনিয়োগকাৰী ধাৱমান হৈছে চীনৰ দিশে। জিজিট ইনভেষ্টমেন্ট লিমিটেডৰ প্রধান বিনিয়োগ কুশলী ভি কে বিজয়কুমাৰৰ মতে, বিগত বৰ্ষটোত বিদেশী প্রাতিষ্ঠানিক বিনিয়োগকাৰীয়ে ভাৰতৰ পৰা ২১ বিলিয়ন ডলাৰ উলিয়াই নিছে।
 
এই প্রত্যাহাৰত ইন্ধন যোগাইছে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ৩.৫ শতাংশ হ্রাসৰ ঘটনাই। ভাৰতীয় বজাৰৰ বিপৰীতে হংকং, টাইৱান আৰু দক্ষিণ কোৰিয়াত বিনিয়োগে লৈছে অধিক লাভ। আনকি শেহতীয়া ত্রৈমাসিকত ভাৰতীয় কোম্পানীসমূহৰ লাভ  প্রত্যাশা কৰাতকৈ বহু কম।