কঠোৰ পৰিশ্ৰমী মধ্যবিত্ত শ্ৰেণীটোৱেই আমাৰ সমৃদ্ধিৰ যাত্ৰাৰ মূল শক্তিঃ প্ৰধানমন্ত্ৰী মোদী

Story by  atv | Posted by  [email protected] • 12 h ago
প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী মোদী

নতুন দিল্লী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অৰ্থনৈতিক প্ৰগতি আৰু সামাজিক পৰিৱৰ্তনৰ চালিকা শক্তি হিচাবে পৰিগণিত হোৱা ভাৰতৰ মধ্যবিত্ত শ্ৰেণীক সমৰ্থনৰ ক্ষেত্ৰত চৰকাৰৰ গভীৰ প্ৰতিশ্ৰুতিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।
 
ঐতিহাসিক আয়কৰ হ্ৰাসক লৈ মন্তব্য  তেওঁ কয়, ‘ভাৰতৰ কঠোৰ পৰিশ্ৰমী মধ্যবিত্ত শ্ৰেণীটোৱেই আমাৰ বৃদ্ধিৰ যাত্ৰাৰ মূল শক্তি। ঐতিহাসিক আয়কৰ কৰ্তন আৰু এতিয়া নেক্সটজেন জিএছটিৰ সংস্কাৰে টিভি, এচি আৰু দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ দৰে সামগ্ৰী অধিক সুলভ কৰি তুলিছে। আমি জীৱন-যাপনৰ সহজতা বৃদ্ধি আৰু কোটি কোটি পৰিয়ালৰ আকাংক্ষাক সমৰ্থন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”

উল্লেখ্য যে, শেহতীয়াকৈ জিএছটিৰ সংস্কাৰে দেশৰ জনসাধাৰণক বহুপ্ৰত্যাশিত সকাহৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। এই সংস্কাৰে ঘৰুৱা সামগ্ৰী যেনে টেলিভিছন, এয়াৰ কণ্ডিচনাৰ আৰু অন্যান্য দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীকে ধৰি বহু সামগ্ৰী লাখ লাখ পৰিয়ালৰ বাবে অধিক সুলভ কৰি তুলিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)ৰ যুক্তিসংগতকৰণক স্বাধীনতাৰ পিছত সৰ্ববৃহৎ সংস্কাৰ বুলি অভিহিত কৰিছে। মোদীয়ে কয় যে এই পদক্ষেপে খাদ্য-সামগ্ৰী আৰু জীৱন ৰক্ষাকাৰী ঔষধকে ধৰি গুৰুত্বপূৰ্ণ সামগ্ৰীৰ কৰ হ্ৰাস কৰি মধ্যবিত্ত শ্ৰেণীক সকাহ দিব বুলি আশা কৰা হৈছে।