দেশৰ মুখ্য ষ্টেচনসমূহত সুলভ মূল্যৰ খাদ্য কাউণ্টাৰ স্থাপন ভাৰতীয় ৰে’লৱেৰ

Story by  atv | Posted by  Munni Begum • 9 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
ভাৰতীয় ৰে’লৱে কেটাৰিং এণ্ড পৰ্যটন নিগমে (আই আৰ চি টি চি) মুখ্য ষ্টেচনসমূহত সুলভ মূল্যৰ খাদ্য কাউণ্টাৰ স্থাপন কৰিছে। যিবোৰত খাদ্যৰ মূল্য ২০ টকাতকৈ কম। আই আৰ চি টি চিয়ে সমগ্ৰ দেশতে মুকলি কৰিছে প্ৰায় ১৫০ টা খাদ্যৰ কাউণ্টাৰ।  
 
পশ্চিম ৰে'লৱেৰ এক আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, এই পদক্ষেপে প্লেটফৰ্মসমূহত সাধাৰণ দ্বিতীয় শ্ৰেণী (জি এছ) ডবাসমূহৰ ওচৰত সুবিধাজনকভাৱে অৱস্থিত কাউণ্টাৰসমূহত উপলব্ধ এই খাদ্যসমূহৰ সহজ সুবিধা নিশ্চিত কৰে।
 
বিবৃতিখনত লগতে উল্লেখ কৰিছে যে, গ্ৰীষ্মকালত বিশেষকৈ অসংৰক্ষিত ডবাত যাত্ৰীবাহী যাতায়তৰ বৃদ্ধিৰ কথা বিবেচনা কৰি ভাৰতীয় ৰে’লৱেই এই পদক্ষেপ গ্ৰহণ কৰিছে। 
 
পশ্চিম ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া (পি আৰ অ’) সুমিত ঠাকুৰে জাৰি কৰা এক বিবৃতি অনুসৰি, অৰ্থনৈতিক (সুলভ) খাদ্যৰ কাউণ্টাৰসমূহ প্লেটফৰ্মসমূহত সাধাৰণ দ্বিতীয় (জি এছ) শ্ৰেণীৰ ডবাসমূহৰ স্থানৰ সৈতে মিলাই  স্থাপন কৰা হৈছে। তেওঁ লগতে অৱগত কৰে যে ভাৰতীয় ৰে’লৱেৰ এই পদক্ষেপে “দুটা দিশৰ পন্থা” আগবঢ়াইছে।  
 
পদ্ধতি ১. সুলভ খাদ্য:
 
এই খাদ্যৰ মূল্য ₹২০ আৰু ই যাতায়ত কৰা যাত্ৰীসকলৰ বাবে সন্তুষ্টিদায়ক, সুলভ আৰু স্বাস্থ্যসন্মত খাদ্যৰ বিকল্প প্ৰদান কৰিব।
 
পদ্ধতি ২. জলপান: 
 
এইয়া লঘু খাদ্য। ₹৫০ টকাত উপলব্ধ হ’ব জলপান, যাৰ ফলত সুৰক্ষা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পূৰ্ণৰূপে নিশ্চিত কৰা হ'ব।
 
২০২৩ চনত ৫১টা ষ্টেচনত 'সুলভ মূল্যৰ খাদ্য কাউণ্টাৰ' সফলতাৰে মুকলি কৰা হয়, এতিয়া ৰে’লৱেই ইয়াক দেশজুৰি ১০০টাতকৈও অধিক ষ্টেচনলৈ সম্প্ৰসাৰিত কৰিছে।