গুৱাহাটী
শগুণ সংৰক্ষণৰ বাৰ্তা বিয়পোৱা তথা কামৰূপ জিলাত অহা দিনবোৰত শগুণৰ মৃত্যুৰ হাৰ শূণ্যলৈ হ্ৰাস কৰাৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে জিলাখনৰ ছয়গাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ত ২১ আগষ্টত সংৰক্ষণ শিক্ষা আৰু সজাগতা অভিযান বিষয়ক এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে ছয়গাঁও ৰাজহ চক্ৰ কাৰ্যালয়, অসম বন বিদ্যালয়, অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ (এছটেক), ব’ম্বে নেচাৰেল হিষ্ট্ৰী চ’চাইটী (বিএনএইচএছ) আৰু বন্যবন্ধুৰ সহযোগত আৰু “অৰিয়েণ্টেল বাৰ্ড ক্লাব”ৰ সমৰ্থনত আয়োজন কৰা এই অনুষ্ঠানত ছয়গাঁও ৰাজহ চক্ৰৰ ভালেসংখ্যক গাওঁবুঢ়াৰ লগতে স্থানীয় লোকে অংশগ্ৰহণ কৰে।
“প্ৰকৃতিৰ জামাদাৰ” হিচাপে পৰিচিত শগুণে পৰিৱেশক ৰোগমুক্ত আৰু পৰিষ্কাৰ কৰি ৰখাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পাৰিপাৰ্শ্চিক ভাৰসাম্য বজাই ৰখাৰ বাবে অপৰিহাৰ্য্য এই পক্ষীকূল এতিয়া বিভিন্ন কাৰণত অস্তিত্বৰ সংকটত ভুগিছে।
যোৱা দুটা দশকত আমাৰ স্থানীয় শগুনৰ সংখ্যা অতি দ্ৰুত গতিত হ্ৰাস পাইছে। উল্লেখ্য যে “স্লেণ্ডাৰ-বিল্ড ভলচাৰ” আদিৰ দৰে প্ৰজাতিৰ শগুণৰ সংখ্যা ইহঁতৰ বিচৰণ পৰিসৰত ৯০০ টাতকৈও কম থাকে।
পশুৰ বিষ আৰু জ্বৰৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ডাইক্ল’ফিনেক, এচিক্ল’ফিনেক, কেট’প্ৰ’ফেন আৰু নিমেছুলাইড আদি ষ্টেৰ’ইড বিহীন প্ৰদাহ প্ৰতিৰোধী (NSAID) ঔষধক শগুণ সন্মুখীন হোৱা বিপৰ্য্যৰ প্ৰধান কাৰণ হিচাপে চিনাক্ত কৰা হৈছে।
ভাৰত চৰকাৰে পশুৰ চিকিৎসাত ওপৰত উল্লেখ কৰা সকলো ঔষধৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে যদিও অৰ্গেন’ফছফেট আৰু কাৰ্ব’ফুৰনৰ দৰে কীটনাশকৰ বিষক্ৰিয়াৰ ফলত শগুণৰ মৃত্যু অব্যাহত আছে। শগুনৰ সংখ্যা হ্ৰাস হোৱাৰ ফলত প্ৰদুৰ্ভাৱ বৃদ্ধি হোৱা জলাতংক ৰোগৰ সৈতে মোকাবিলা কৰাৰ নামত দেশত বছৰি প্ৰায় ২০ কোটি টকা ব্যয় কৰিব লগা হয় বুলি অনুমান কৰা হৈছে। আনহাতে ভাৰতত এই ৰোগত বছৰি ৪৮ হাজাৰ লোকে প্ৰাণ হেৰুৱাব লগা হয়। শগুণৰ সংখ্যা হ্ৰাসৰ সৈতে জলাতংক ৰোগ বৃদ্ধিৰ প্ৰত্যক্ষ সম্পৰ্ক আছে।
কামৰূপ জিলাত যোৱা ডেৰ দশকত কীটনাশক মিহলি জীৱ জন্তুৰ মৃতদেহ ভক্ষণ কৰি কেইবাশ শগুনৰ মৃত্যু হৈছে। একাংশ লোকে মাংসভোজী বন্য জন্তু আৰু অঘৰী কুকুৰৰ পৰা ঘৰচীয়া জীৱ জন্তুক ৰক্ষা কৰাৰ বাবে মৰা জীৱ জন্তুত কীটনাশক দি থয় বুলি অনুষ্ঠানত উপস্থিত থকা এজন গাঁওবুঢ়াই উল্লেখ কৰে।
অনুষ্ঠানত ছয়গাঁও ৰাজহ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চিৰঞ্জীৱ দাসে সকলোকে শগুন সংৰক্ষণৰ দিশত অৰিহণা যোগাবলৈ আহ্বান জনায় আৰু গাঁওসমূহত সংৰক্ষণৰ বাৰ্তা বিলোৱাৰ ক্ষেত্ৰত গাঁওবুঢ়াসকলে পালন কৰিব পৰা ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ শগুন সংৰক্ষণৰ প্ৰচেষ্টাৰ প্ৰতি পূৰ্ণ সমৰ্থন আৰু প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে।
জ্যেষ্ঠ সংৰক্ষণ জীৱবিজ্ঞানী তথা আৰণ্যকৰ সহকাৰী সঞ্চালক ড০ দীপাংকৰ লহকৰে কয় যে কামৰূপ জিলাত শগুন সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । যোৱা ডেৰ দশকত ৰাসায়নিক বিষক্ৰিয়াৰ ফলত কমেও ৬০০ শগুনৰ মৃত্যু হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে শগুণৰ ভৱিষ্যত সুৰক্ষাৰ বাবে মানুহক সজাগ কৰা আৰু সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকক জড়িত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। বিষমুক্ত খাদ্যই শগুনৰ সংখ্যা পুনৰ বৃদ্ধি কৰিব বুলি মন্তব্য কৰি ড০ লহকৰে কয়, “আমি আমাৰ ধ্বজাবাহী ‘শগুণ মিত্ৰ’ আৰু ‘নেষ্ট গাৰ্ডিয়ানশ্বিপ’ পদক্ষেপৰ জৰিয়তে সকলোকে জড়িত কৰাৰ চেষ্টা কৰিছো।”।
ড° লহকৰে শগুন সংৰক্ষণ বাৰ্তা প্ৰচাৰৰ বাবে প্ৰস্তুত কৰা অনন্য তথ্য, শিক্ষা আৰু যোগাযোগ (আই ই চি) সামগ্ৰী ব্যৱহাৰ কৰি দৰ্শকৰ সৈতে মত বিনিময় কৰে আৰু শগুণ সংৰক্ষণৰ প্ৰত্যাহ্বান আৰু সম্ভাৱ্য সমাধানৰ ওপৰত আলোকপাত কৰে।
আৰণ্যকৰ সহকাৰী সঞ্চালক জয়ন্ত কুমাৰ পাঠকে সংৰক্ষণ প্ৰচেষ্টাক প্ৰতিষ্ঠানিকীকৰণৰ বাবে পঞ্চায়ত পৰ্যায়ৰ পৰিকল্পনাত শগুন সংৰক্ষণৰ বিষয়টো চামিল কৰাৰ পোষকতা কৰে। অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলক শগুনে বাহ সজাৰ বাবে ব্যৱহাৰ কৰা গছৰ পুলি উপহাৰ দিয়া হয়।
“এছটেক”ৰ ড০ মনীষা শৰ্মা, সমীৰণ কলিতা; অসমৰ বন বিভাগৰ পাঞ্চালী হাজৰিকা আৰু ধৰ্মেন্দ্ৰ বৰুৱা; বন্যবন্ধুৰ প্ৰসন্ন কলিতা আৰু পৰশমণি ৰাভা, আৰণ্যকৰ নিতুল কলিতা আৰু ৱাছিমা বেগম আদিয়েও অনুষ্ঠানত অংশগ্ৰহণ কৰে।