নতুন দিল্লী
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আদিত্য এল১ মহাকাশযানত থকা সৌৰ অতিবেঙুনীয়া ইমেজিং টেলিস্কোপে অতিবেঙুনীয়া তৰংগ দৈৰ্ঘ্যৰ ওচৰৰ সূৰ্যৰ প্ৰথমটো সম্পূৰ্ণ ডিস্ক ছবি বন্দী কৰিছে। আদিত্য এল১ ৰ SUIT পে’ ল’ডে প্ৰথমবাৰৰ সূৰ্যৰ ফটো প্ৰেৰণ কৰে। শুকুৰবাৰে ইছৰো'এ এক পোষ্টযোগে এই তথ্য জানিবলৈ দিয়ে, এই উল্লেখনীয় কৃতিত্ব সৌৰ পৰ্যবেক্ষণ আৰু গৱেষণাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। এই ফটোসমূহ ইছৰো'এ সামাজিক মাধ্যমত আপলোড কৰিছে। উল্লেখ্য যে, প্ৰতিখন ফটোতে তেজপুৰ বিশ্ববিদ্যালয়ৰ ল’গ’ দেখা পোৱা গ’ল। তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ জন্মেজয় সৰকাৰ SUIT প্ৰস্তুতত পোনপটীয়াকৈ জড়িত আছে।
এই ছবিসমূহে ২০০ৰ পৰা ৪০০ নেন’মিটাৰ তৰংগ দৈৰ্ঘ্যৰ পৰিসৰ সামৰি লোৱা সূৰ্যৰ আলোকমণ্ডল (সূৰ্যৰ দৃশ্যমান ‘পৃষ্ঠ’) আৰু ক্ৰম’স্ফিয়াৰ (আলোকমণ্ডলৰ ওপৰত থকা স্বচ্ছ স্তৰ) সম্পৰ্কে অভূতপূৰ্ব তথ্য প্ৰদান কৰিছে। মহাকাশৰ বতৰ আৰু পৃথিৱীৰ জলবায়ুৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পৰা সূৰ্যৰ স্পট আৰু জ্বলন্তকে ধৰি সূৰ্যৰ এই স্তৰবোৰ বিভিন্ন সৌৰ পৰিঘটনা বুজিবলৈ অতি গুৰুত্বপূৰ্ণ। শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ২ ছেপ্টেম্বৰত ভাৰতীয় ৰকেট পোলাৰ চেটেলাইট লঞ্চ ভেহিকেল-এক্সএল (PSLV-XL)ৰ দ্বাৰা আদিত্য এল১ ক নিম্ন পৃথিৱী কক্ষপথত (LEO) উৎক্ষেপণ কৰা হৈছিল।
উৎক্ষেপণৰ পৰা L1 পইণ্টলৈ মুঠ যাত্ৰাত আদিত্য এল১ ক প্ৰায় চাৰি মাহ সময় লাগিব, এই পইণ্টটো পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত্ব আছে। ইছৰোৰ তথ্য অনুসৰি আদিত্য এল১ হৈছে সূৰ্যৰ ওপৰত অধ্যয়ন কৰা প্ৰথমটো মহাকাশভিত্তিক মানৱ নিৰীক্ষণ কেন্দ্ৰ। ই পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত্বত অৱস্থিত লেগ্ৰেঞ্জিয়ান বিন্দু ‘L1’ৰ চাৰিওফালে থকা এটা প্ৰভাৰ পৰা সূৰ্যৰ ওপৰত অধ্যয়ন কৰি আছে।
ইছৰোৱে এক বিবৃতিত কয় যে, আদিত্য এল১ সৌৰ বতাহৰ কণা পৰীক্ষা (ASPEX)ত দুটা অত্যধুনিক যন্ত্ৰ চলাৰ ৱিণ্ড আয়ন স্পেকট্ৰমিটাৰ (SWIS) আৰু ছুপ্ৰথাৰ্মেল এণ্ড এনাৰ্জেটিক পাৰটিকেল স্পেকট্ৰমিটাৰ (STEPS) অন্তৰ্ভুক্ত কৰা হৈছে। ২০২৩ চনৰ ১০ ছেপ্টেম্বৰত এই STEPS সঁজুলিটো আৰম্ভ কৰা হৈছিল। ২০২৩ চনৰ ২ নৱেম্বৰত সক্ৰিয় হোৱা এই SWIS সঁজুলিটোৱে ভাল প্ৰদৰ্শন কৰি আছে। ইছৰোৰ তথ্য অনুসৰি এই যন্ত্ৰটোৱে সৌৰ বতাহৰ আয়ন, মূলতঃ প্ৰ’টন আৰু আলফা কণা সফলতাৰে জুখিছে।