আজি এলভিএম৩-এম৩ ৱান ৱেব ইণ্ডিয়া-২ মিছন উৎক্ষেপণ কৰিব ইছৰো-এ

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
শ্ৰীহৰিকোটা
 
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) দেওবাৰে ইয়াৰ শেহতীয়া অভিযান এলভিএম৩-এম৩ ৱান ৱেব ইণ্ডিয়া-২ (LVM3-M3 One Web India-2) ৰ পৰা লো আৰ্থ অৰ্বিট (এলইঅ') উৎক্ষেপণ কৰিবলৈ সাজু হৈছে।
 
বিষয়াসকলে কয়, "দেওবাৰে পুৱা ৯ বজাৰ ভিতৰত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা এলভিএম৩ উৰা মাৰিব। ৪৩.৫ মিটাৰ ওখ আৰু ৬৪৩ টন ওজনৰ এলভিএম৩ ৱেবৰ ৩৬ টা জেন১ উপগ্ৰহৰ অন্তিম কিস্তি কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত দ্বিতীয় উৎক্ষেপণ পেড ৰকেট বন্দৰৰ পৰা ওলাই আহিব।" 
 
খবৰ অনুসৰি, এলভিএম৩ হৈছে এক তিনিটা পৰ্যায়ৰ ৰকেট। যাৰ প্ৰথম পৰ্যায়ত তৰল ইন্ধনেৰে নিক্ষেপ কৰা হয়। কঠিন ইন্ধনৰ দ্বাৰা চালিত দুটা ষ্ট্ৰেপ-অন মটৰ, দ্বিতীয়টো তৰল ইন্ধনৰ দ্বাৰা আৰু তৃতীয়টো হৈছে ক্ৰায়'জেনিক ইঞ্জিন। বিষয়াসকলে জনোৱা অনুসৰি, "ৰকেট উৰণৰ মাত্ৰ ১৯ মিনিটৰ পিছতে উপগ্ৰহ পৃথকীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ৩৬ টা উপগ্ৰহ পৃথকীকৰণ পৰ্যায়ক্ৰমে হ'ব।" 
 
ইয়াৰ পূৰ্বে ৱানৱেব উপগ্ৰহ যোগাযোগ কোম্পানীৰ ছ'চিয়েল মিডিয়া হেণ্ডেল আৰু এই অভিযানৰ অংশীদাৰ সকলে টুইটাৰযোগে কয়, "এই উৎক্ষেপণৰ বাবে আমাৰ সোণালী 'হেলো ৱৰ্ল্ড' মিছন পেচে এই বছৰ আমাৰ বিশ্বব্যাপী কভাৰেজ আৰম্ভ কৰাটো প্ৰতিফলিত কৰে।"
 
ৱানৱেবে ইউকে আৰু ভাৰতীয় মহাকাশ উদ্যোগসমূহৰ মাজত সহযোগিতাৰ গুৰুত্বৰ কথাও উল্লেখ কৰিছিল। ৱানৱেবে লগতে টুইট কৰে, "ৱানৱেব লঞ্চ১৮-ত আমাক ভাৰতৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ইছৰো আৰু এনএছআইএল ইণ্ডিয়াৰ সৈতে ৩৬ টা উপগ্ৰহ উৎক্ষেপণ কৰা দেখা যাব। এই অভিযানে ইউকে আৰু ভাৰতীয় মহাকাশ উদ্যোগসমূহৰ মাজত সহযোগিতাৰ ওপৰত আলোকপাত কৰি ভাৰতৰ পৰা ৱানৱেবৰ দ্বিতীয় উপগ্ৰহ স্থাপন চিহ্নিত কৰে।" 
 
২০২২ চনত ২৩ অক্টোবৰত ইছৰোৱে ৱানৱেবৰ ৩৬ টা উপগ্ৰহ উৎক্ষেপণ কৰিছিল। এইটো দুয়োটা সংগঠনৰ মাজত প্ৰথম উপগ্ৰহ নিয়োজন সহযোগিতা আছিল।