গুৱাহাটী
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে যে, ভাৰতৰ এক্ট ইষ্ট পলিচিৰ অধীনত অসমৰ সৈতে চলি থকা সহযোগিতা আৰু অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত জাপান চৰকাৰে পুনৰবাৰ নিজৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে। শুকুৰবাৰে (২৬ জুন) জাপানৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত ওনো কেইচিৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপৰ পাছত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰিছে।
এক্সত কৰা এক পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, বৃহস্পতিবাৰে সন্ধিয়া ৰাষ্ট্ৰদূত ওনো কেইচিয়ে তেওঁলৈ ফোন কৰিছে। এই আলাপ-আলোচনাত দুয়োপক্ষই বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তাৰৰ বিষয়ত মতবিনিময় কৰে।
মুখ্যমন্ত্ৰীয়ে লিখিছে, "ভাৰতত নিযুক্ত জাপানৰ ৰাষ্ট্ৰদূত ওনো কেইচিৰ ফোন লাভ কৰি মই আনন্দিত হৈছোঁ। তেওঁ ভাৰতৰ 'এক্ট ইষ্ট পলিচি'ৰ অধীনত অসমৰ সৈতে জাপান চৰকাৰৰ চলি থকা অংশীদাৰিত্ব অধিক গভীৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিছে।"
তেওঁ লগতে কয় যে, ইলেক্ট্ৰনিকছ, ছেমিকণ্ডাক্টৰ, আন্তঃগাঁথনি (ইনফ্ৰাষ্ট্ৰাকচাৰ), উৎপাদন উদ্যোগ (মেনুফেকচাৰিং) আৰু উদ্যোগিতা (এণ্টাৰপ্ৰেনিউৰশ্বিপ) আদি ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ বিষয়ত দুয়োপক্ষ একমত হৈছে।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, আগন্তুক দিনবোৰত জাপানৰ উদ্যোগ-প্ৰতিষ্ঠান আৰু বিভিন্ন সংস্থাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি অসমত বিনিয়োগ বৃদ্ধি আৰু নতুন অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্য লৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ।
উল্লেখ্য যে, এই টেলিফোনিক বাৰ্তালাপটো জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰস্তাৱিত কাৰ্যসূচী বাতিল হোৱাৰ কেইদিনমান পিছতেই কৰা হৈছে।