অভিলেখ গঢ়ি ১৬৭.২ কোটি টকাত বিক্ৰী হ'ল যশোদা এণ্ড কৃষ্ণ পেণ্টিঙ

Story by  atv | Posted by  [email protected] • 7 h ago
অভিলেখ গঢ়ি ১৬৭.২ কোটি টকাত বিক্ৰী হ'ল যশোদা এণ্ড কৃষ্ণ পেণ্টিঙ
অভিলেখ গঢ়ি ১৬৭.২ কোটি টকাত বিক্ৰী হ'ল যশোদা এণ্ড কৃষ্ণ পেণ্টিঙ
 
নতুন দিল্লী
 
প্ৰখ্যাত চিত্ৰশিল্পী এম এফ হুছেইনৰ ৰেকৰ্ড ভংগ কৰিলে আন এগৰাকী ভাৰতীয় চিত্ৰশিল্পীয়ে। দেশৰ ভিতৰতেই আটাইতকৈ দামত   বিক্ৰী হ’ল চিত্ৰশিল্পী ৰাজা ৰবি বাৰ্মাৰ যশোদা এণ্ড কৃষ্ণ নামাৰ এখন পেইন্টিঙ।  ছেফ্ৰনআৰ্টছ লাইভ অক্সনত ৰবি বাৰ্মাৰ এই ছিত্ৰখন ১৬৭.২ কোটি টকাত নিলাম হয়।
 
এই পেইন্টিঙ খন ক্ৰয় কৰে বিখ্যাত উদ্যোগপতি তথা কোভিড ভেকচিন উদ্ভাৱন প্ৰতিষ্ঠান চিৰাম ইনষ্টিটিউড অৱ ইণ্ডিয়াৰ মালিক চাইৰাছ পুনেৱালাই।
 
আনহাতে, ২০২৫ চনতল ভাৰতৰ আন এজন বিখ্যাত চিত্ৰশিল্পী এম এফ হুছেইনৰ ১৯৫৪ চনৰ গ্ৰাম যাত্ৰা শীৰ্ষক পেইণ্টিঙখন ১১৮ কোটি টকাত নিলাম হৈছিল। এম এফ হুছেইনৰ ছবিখন ক্ৰয় কৰিছিল দিল্লীৰ কিৰণ নাডাৰে।
 
কেৰেলাৰ ত্ৰাভাংকোৰত ওপজা বিখ্যাত চিত্ৰশিল্পী ৰাজা ৰবি বাৰ্মাই হিন্দুৰ দেৱ-দেৱতা,মহাভাৰত,ৰামায়ন, পুৰাণ আদিক আধাৰ কৰি প্ৰধানকৈ ছবিসমূহ অংকন কৰিছিল। ৰাজা ৰবি বাৰ্মাই অংকন কৰা যশোদা এণ্ড কৃষ্ণ পেইণ্টিঙখনত মাতৃ যশোদাই গো মাতাৰ গাখীৰ খিৰাই থকা দেখা গৈছে আৰু শিশু শ্ৰী কৃষ্ণই এটা পাত্ৰ লৈ মাতৃ যশোদাৰ পিছফালে থিয় হৈ থকা দেখা গৈছে। ১৮৯০ চনত ৰবি বাৰ্মাই মদ্ভাগৱতৰ এটা শ্লোকৰ আধাৰত এই চিত্ৰখন অংকন কৰিছিল।
 
উল্লেখযোগ্য যে, এই ঐতিহাসিক ছবিখনক লৈ ১ এপ্ৰিলত ৭ মিনিটতলৈ নিলাম চলিছিল। ১৯৪৮ চনৰ ২ অক্টোবৰত দক্ষিণ ভাৰতত জন্মগ্ৰহণ কৰা এজন বিখ্যাত চিত্ৰশিল্পী আৰু কলাকাৰ আছিল। মহাকাব্য মহাভাৰত আৰু ৰামায়নকে  ধৰি ভাৰতীয় সংস্কৃতি আৰু পৌৰাণিক কথা বিষয়ৰ চিত্ৰকৰ্মবোৰৰ বাবে তেওঁ খ্যাতি লাভ কৰিছিল।  ৰবি বাৰ্মাৰ চিত্ৰকৰ্মবোৰ ভাৰতীয় পৰম্পৰা আৰু ইউৰোপীয় ৰীতিৰ সংমিশ্ৰণৰ শ্ৰেষ্ঠ উদাহৰণ।