দেশৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ ন্যায়াধীশ বি আৰ গাভাইৰ

Story by  atv | Posted by  Munni Begum • 1 d ago
মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ ন্যায়াধীশ বি আৰ গাভাইৰ
মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ ন্যায়াধীশ বি আৰ গাভাইৰ
 
নতুন দিল্লী 
 
আজি আৰ্থাৎ বুধবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভায়ে ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে দেশৰ শীৰ্ষ ন্যায়িক পদত ন্যায়াধীশ বি আৰ গাভাইক শপত গ্ৰহণ কৰোৱাই।
 
শপত গ্ৰহণৰ অন্তত মুখ্য ন্যায়াধীশ গাভাইক শুভেচ্ছা জ্ঞাপন কৰে ৰাষ্ট্ৰপতি মূৰ্মূ, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলাকে ধৰি কেন্দ্ৰীয় কেবিনেটৰ অন্যান্য সদস্যসকলে। এই অনুষ্ঠানত প্ৰাক্তন মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাইও তেওঁক শুভেচ্ছা জনায়। 
 
নৱেম্বৰ মাহত অৱসৰ লোৱাৰ পূৰ্বে ছমাহৰ বাবে শীৰ্ষ পদত অধিষ্ঠীত থাকিব মুখ্য ন্যায়াধীশ গাভাই। ১৯৮৫ চনত বাৰত যোগদান কৰি বম্বে উচ্চ ন্যায়ালয়ৰ সন্মুখত প্ৰেকটিছ কৰিছিল জ্যেষ্ঠ ন্যায়িকগৰাকীয়ে। ২০০৩ চনত বম্বে উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ আৰু ২০০৫ চনত স্থায়ী ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৯ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নতি হয়। 
 
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে মুখ্য ন্যায়াধীশ গাভাই কেন্দ্ৰৰ ২০১৬ চনৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্তক সমৰ্থন কৰা ৰায়দান আৰু নিৰ্বাচনী বণ্ড আঁচনিখনক অসাংবিধানিক বুলি ঘোষণা কৰা ৰায়দানকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়দানৰ অংশ হৈ আহিছে। তেওঁ প্ৰায় ৩০০টা ৰায়দান কৰিছে ইয়াৰে বহুতেই মৌলিক অধিকাৰৰ সৈতে জড়িত সংবিধান বিচাৰপীঠৰ ৰায়দান। 
 
মুখ্য ন্যায়াধীশ কে জি বালকৃষ্ণনৰ পিছতে দেশৰ শীৰ্ষ আইনী পদ অধিষ্ঠীত হোৱা দ্বিতীয়জন দলিত হ'ল মুখ্য ন্যায়াধীশ গাভাই। মুখ্য ন্যায়াধীশ গাভাইৰ পিতৃ আৰ এছ গাভাই তিনিখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা এজন সমাজ কৰ্মী আৰু সংসদৰ দুয়োখন সদনৰ সদস্য। আৰ এছ গাভাই ভাৰতীয় ৰিপাব্লিকান পাৰ্টি (গাভাই) প্ৰতিষ্ঠা কৰিছিল।