পি এফ আইৰ ‘হিটলিষ্ট’ত থকা কেৰেলাৰ ৫ জন আৰ এছ এছ নেতাক উচ্চ পৰ্যায়ৰ নিৰাপত্তা

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
নতুন দিল্লী
 
কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই বৰ্তমান নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া (পিএফআই)ৰ পৰা সম্ভাৱ্য ভাবুকিৰ সতৰ্কবাণী দিয়াৰ পিছতে শনিবাৰে কেৰেলাৰ পাঁচজন আৰ এছ এছ নেতাক গৃহ মন্ত্ৰালয়ে "ৱাই" শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰে।
 
সূত্ৰ অনুসৰি, কেন্দ্ৰীয় চৰকাৰে পিএফআই নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ পিছত কেৰেলাত আৰএছএছৰ নেতাসকলৰ প্ৰতি সম্ভাৱ্য ভাবুকিৰ বিষয়ে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই গৃহ মন্ত্ৰালয়ক অৱগত কৰে। ইয়াৰ পিছতে গৃহ মন্ত্ৰালয়ে আৰ এছ এছৰ নেতা কেইজনক "ৱাই" শ্ৰেণীৰ নিৰাপত্তা প্ৰদানৰ সিদ্ধান্ত লয়। আৰ এছ এছ নেতাসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অৰ্ধসামৰিক বাহিনীৰ কমাণ্ডো মোতায়েন কৰা হ’ব।
উল্লেখ্য যে, নিয়াই অভিযান চলোৱাৰ সময়ত কেৰেলাৰ পি এফ আইৰ সদস্য মহম্মদ বছিৰৰ ঘৰৰ পৰা এখন তালিকা উদ্ধাৰ কৰে, য’ত পাঁচজন আৰ এছ এছ নেতাৰ নাম পি এফ আইৰ ৰাডাৰত থকা বুলি অভিযোগ উত্থাপন হৈছে। বুধবাৰে কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তাৰ প্ৰতি ভাবুকি আৰু সন্ত্ৰাসবাদী সম্পৰ্কৰ কথা উল্লেখ কৰি উগ্ৰপন্থী সংগঠন পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া (পিএফআই) আৰু ইয়াৰ সহযোগীসকলক ৫ বছৰৰ বাবে নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছিল। অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ)ৰ অধীনত মুঠ ৯টা সংগঠনক "অবৈধ" ঘোষণা কৰা হৈছে।
ইতিমধ্যে দেশজুৰি দুটা ৰাউণ্ড অভিযান চলাই নিয়া আৰু ইডিয়ে ১০০ জনতকৈ অধিক পি এফ আই সদস্যক গ্ৰেপ্তাৰ কৰাৰ লগতে সা-সম্পত্তি জব্দ কৰিছে।