বৈষ্ণো দেৱী মন্দিৰলৈ যোৱাৰ পথত ভূমিস্খলন: নিহত ৩০ জন

Story by  atv | Posted by  [email protected] • 2 h ago
বৈষ্ণো দেৱী মন্দিৰলৈ যোৱাৰ পথত ভূমিস্খলন: নিহত ৩০ জন
বৈষ্ণো দেৱী মন্দিৰলৈ যোৱাৰ পথত ভূমিস্খলন: নিহত ৩০ জন
 
নতুন দিল্লী
 
ভূ-স্বৰ্গ জম্মু-কাশ্মীৰত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ বাবে মঙলবাৰে বিয়লি ত্ৰিকুটা পাহাৰত অৱস্থিত মাতা বৈষ্ণো দেৱী মন্দিৰলৈ যোৱাৰ পথত ভূমিস্খলনৰ ফলত ৭ গৰাকী তীৰ্থযাত্ৰীকে ধৰি কমেও ৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৪ জন লোক আহত হোৱাৰ আশংকা কৰা হৈছে।
 
ভূমিস্খলনৰ পিছত জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত অৱস্থিত এই বিখ্যাত মন্দিৰৰ তীৰ্থযাত্ৰা স্থগিত ৰখা হৈছে। বিষয়াসকলে জনোৱা মতে, বিয়লি ৩ বজাৰ ওচৰত পাহাৰৰ ঢাল ভাঙি শিলাখণ্ড দ্ৰুতগতিত তললৈ বাগৰিবলৈ আৰম্ভ কৰে। বিষয়াসকলে জনোৱা মতে, অধকৱাৰীত অৱস্থিত ইন্দ্ৰপ্ৰস্থ ভোজনালয়ৰ সমীপত উদ্ধাৰ অভিযান চলি আছে । কাটৰাৰ পৰা পাহাৰত অৱস্থিত মন্দিৰলৈ যোৱা ১২ কিলোমিটাৰ দৈৰ্ঘৰ পথত এটা ঠাইত প্ৰায় আধা বাটত ভূমিস্খলন সংঘটিত হয়।
 
মন্দিৰলৈ যাবলৈ দুটা বাট আছে - হিমকোটি ট্ৰেক ৰুটৰ যাত্ৰা পুৱাৰে পৰা স্থগিত ৰখা হৈছিল যদিও পুৰণি পথেৰে দুপৰীয়া ১.৩০ বজালৈকে যাত্ৰা অব্যাহত আছিল, তেতিয়াই মুষলধাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত বিষয়াসকলে পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত স্থগিত ৰখাৰ সিদ্ধান্ত লয়।
 
মাতা বৈষ্ণো দেৱী শ্ৰাইন ব’ৰ্ডে টুইটাৰত এক পোষ্টযোগে কয়, "অধকৱাৰীত হোৱা ভূমিস্খলনৰ দুৰ্ভাগ্যজনক কাণ্ডত ৫ জন লোকে প্ৰাণ হেৰুৱাই ১৪ জন লোক আহত হয় । উদ্ধাৰ অভিযান চলি আছে।"
 
শিল, গছ আৰু শিলৰ বৰষুণত আবদ্ধ হৈ পৰাসকলৰ ভিতৰত আছিল পঞ্জাৱৰ মোহলীৰ কিৰণ। কিৰণক কটৰাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। "দৰ্শন কৰি পাহাৰৰ পৰা নামি আহি থাকোঁতে মানুহে চিঞৰিবলৈ ধৰিলে। শিলগুটি বাগৰি পৰা দেখিলোঁ। লৰালৰিকৈ নিৰাপদ স্থানলৈ গ'লোঁ যদিও আঘাতপ্ৰাপ্ত হ'লোঁ।"
 
আন এগৰাকী যুৱতীয়ে কয়, "আমি পাঁচজনীয়া এটা দল আছিলো, ইয়াৰে তিনিজন আহত হৈছে।"
 
তিনিদিন ধৰি অবিৰত বৰষুণে জম্মুৰ বহু ঠাইত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ইয়াৰ পূৰ্বে ডোডা জিলাত ডাৱৰ বিস্ফোৰণত চাৰিজন লোকৰ মৃত্যু হৈছিল।
 
মঙলবাৰে একেৰাহে তৃতীয় দিন জম্মু-কাশ্মীৰৰ বহু অঞ্চলত মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণৰ ফলত মোবাইল আৰু ইণ্টাৰনেট সেৱাৰ হঠাৎ বিচ্ছিন্নতাই সমগ্ৰ অঞ্চলটোৰ স্বাভাৱিক জীৱনত ব্যাঘাত জন্মায় বুলি বিষয়াসকলে জনায়। টেলিকম অপাৰেটৰৰ মতে, কল সংযোগ কৰিব পৰা নাই, মোবাইল ডাটা সেৱা বন্ধ হৈ গৈছে আৰু আনকি লেণ্ডলাইন আৰু ফাইবাৰ নেটৱৰ্কো বন্ধ হৈ গ’ল, যাৰ ফলত গ্ৰাহকে দিনটোৰ ভিতৰতে চিগনেল নোহোৱাকৈ থাকিল। এজন বিষয়াই কয় যে যোগাযোগ ব্যৱস্থা পুনৰুদ্ধাৰৰ বাবে কাৰিকৰী দলক তৎকালীনভাৱে প্ৰেৰণ কৰা হৈছে।