লোকসভাৰ পৰা বহিষ্কৃত হোৱাৰ পিছত এথিকছ কমিটি, কেন্দ্ৰক তীব্ৰ সমালোচনা মহুৱা মৈত্ৰৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
লোকসভাৰ পৰা বহিষ্কৃত হোৱাৰ পিছত এথিকছ কমিটি, কেন্দ্ৰক তীব্ৰ সমালোচনা মহুৱা মৈত্ৰৰ
লোকসভাৰ পৰা বহিষ্কৃত হোৱাৰ পিছত এথিকছ কমিটি, কেন্দ্ৰক তীব্ৰ সমালোচনা মহুৱা মৈত্ৰৰ
 
নতুন দিল্লী

'ধনৰ বিনিময়ত প্ৰশ্ন সোধা' অভিযোগৰ বাবে লোকসভাই সদনৰ সদস্য হিচাপে বহিষ্কাৰ কৰা তৃণমূল কংগ্ৰেছৰ নেতা মহুৱা মৈত্ৰই শুকুৰবাৰে এথিকছ কমিটিক “প্ৰমাণ অবিহনে কাম কৰা” বুলি ক্ষোভ প্ৰকাশ কৰি কয় যে বিৰোধীক প্ৰতিহত কৰিবলৈ চৰকাৰে সংসদৰ এথিকছ কমিটিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে।
 
সাংসদ হিচাপে বহিষ্কাৰ হোৱাৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মৈত্ৰই অভিযোগ কৰে যে এথিকছ কমিটি আৰু ইয়াৰ প্ৰতিবেদনে সংবিধানৰ প্ৰতিটো নিয়ম ভংগ কৰিছে। 
 
"এই লোকসভাই আজি এখন সংসদীয় সমিতিৰ বিকৃত ৰূপ দেখিবলৈ পাইছে। চৰকাৰে ইয়াক আমাৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছো।  বিড়ম্বনাৰ কথাটো হ'ল যে সদস্যসকলৰ বাবে নৈতিক কম্পাছ হিচাপে গঠন কৰা এথিকছ কমিতিখনক উদ্দেশ্যৰ পৰা আঁতৰি নীতি বহিৰ্ভূত সিদ্ধান্ত ল'বলৈ বাধ্য কৰা হৈছে। বিৰোধী শিবিৰত বুলডজাৰ মাৰিবলৈ এথিকছ কমিটিক চৰকাৰে বাধ্য কৰাইছে।" তৃণমূল কংগ্ৰেছৰ নেতৃগৰাকীয়ে কয়।
 
ইফালে, মৈত্ৰক সংসদৰ পৰা বহিষ্কাৰ কৰা ঘটনাক লৈ বিৰোধীয়ে সংসদৰ এথিকছ কমিটিৰ পেনেল আৰু কেন্দ্ৰক তীব্ৰ সমালোচনা কৰি অভিযোগ কৰে যে এইটো হৈছে “গণতন্ত্ৰক হত্যা কৰা”ৰ এক ক্লাছিক উদাহৰণ।
 
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ মূৰব্বী মমতা বেনাৰ্জীয়ে লোকসভাৰ সাংসদ হিচাপে মৈত্ৰক বহিষ্কাৰ কৰাত স্তম্ভিত হোৱা বুলি উল্লেখ কৰি কেন্দ্ৰই সাংবিধানিক অধিকাৰ ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰে।