পৰ্যটকৰ বাবে বহু ভাষিক টোল ফ্ৰী নম্বৰ আৰু ৱেবচাইট মুকলি মেঘালয় চৰকাৰৰ

Story by  atv | Posted by  Munni Begum • 5 h ago
শ্বিলং
শ্বিলং
 
শ্বিলং
 
মেঘালয় চৰকাৰে পৰ্যটকৰ সুবিধাৰ্থে দেশত প্ৰথমবাৰৰ বাবে বহু ভাষিক টোল ফ্ৰী নম্বৰ আৰু ৱেবচাইট মুকলি কৰিছে। মেঘালয়লৈ আহিব বিচৰা পৰ্যটকসকলে পৰ্যটন ক্ষেত্ৰৰ যিকোনো তথ্যৰ বাবে হেল্পলাইন নম্বৰ 1800-599-2026 ত যোগাযোগ কৰাৰ লগতে www.meghalayatourism.in ৱেবচাইটৰ যোগেদি বিচৰা সকলো সুবিধা লাভ কৰিব পাৰিব। পৰ্যটকসকলে ইংৰাজী, হিন্দী, বাঙালী, অসমীয়া, খাছি, প্নাৰ(pnar) আৰু গাৰোকে ধৰি মুঠ সাতটা ভাষাতে এই টোল ফ্ৰী নম্বৰত যোগাযোগ কৰিব পাৰিব। 
 
বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে শ্বিলঙত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী কনৰাড চাংমাই মুকলি কৰে হেল্পলাইন নম্বৰ, মেঘালয় পৰ্যটনৰ নতুন ৱেবচাইট। এই অনুষ্ঠানটোতেই মুখ্যমন্ত্ৰীগৰাকীয়ে মেঘালয় মুখ্য়মন্ত্ৰী হোমষ্টে আঁচনি (Chief Minister Meghalaya Homestay Mission Scheme) উদ্বোধন কৰিছে। 
 
এই নতুন ৱেবচাইট আৰু হেল্পলাইন জৰিয়তে পৰ্যটকে সকলো প্ৰয়োজনীয় তথ্য লাভ কৰিব। পৰ্যটকৰ সুবিধাৰ্থে নিতৌ পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ এই হেল্পলাইন খোলা থাকিব। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী কনৰাড চাংমাই মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰখনত বিগত ৭ বছৰ ধৰি কৰি অহা আন্তঃগাঠনি উন্নয়নৰ বিষয়ে উল্লেখ কৰি কয়, "২০২৪ ত মেঘালয়লৈ অহা দেশীয় পৰ্যটকৰ সংখ্যা ১৬ লাখলৈ বৃদ্ধি পাইছে। ২০২৩ ৰ তুলনাত দুই লাখ পৰ্যটক বৃদ্ধি পাইছে। তদুপৰি ২০২৪ চনত বিদেশী পৰ্যটকৰ সংখ্যা ২.৩ লাখ লৈ বৃদ্ধি পাইছে। এই সংখ্যা ২০২৩ ত ২ লাখ আছিল।"
 
মুখ্যমন্ত্ৰী চাংমাই লগতে কয়, "অহা ৩ বছৰৰ ভিতৰত পৰ্যটন ক্ষেত্ৰত ৫০ হাজাৰ নতুন কৰ্ম সংস্থাপনৰ লক্ষ্য লোৱা লৈছে। তদুপৰি ৩,৬২৫ কোটি টকা ব্যয় সাপেক্ষে পৰ্যটন ক্ষেত্ৰ বিকাশৰ বাবে ২১০টা নতুন প্ৰকল্প আৰম্ভ কৰা হৈছে। তদুপৰি কেন্দ্ৰৰ পৰা অতিৰিক্ত ভাৱে চহৰা (চেৰাপুঞ্জী) অঞ্চলৰ উন্নয়নৰ বাবে ২৬০ কোটি টকা আৱণ্টন দিছে।"
 
আনহাতে মুখ্যমন্ত্ৰী চাংমাই মেঘালয় হোমষ্টে মিছন আঁচনি সন্দৰ্ভত কয়, "চৰকাৰে এই আঁচনিৰ জৰিয়তে মেঘালয়ৰ বিভিন্ন স্থানত হোমষ্টে বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। এই আঁচনিৰ আধীনত যিসকলে হোমষ্টে নিৰ্মাণ কৰিব তেওঁলোকক ৭০% ৰাজসাহাৰ্য প্ৰদান কৰা হ'ব। ২০২৭ ৰাষ্ট্ৰীয় ক্ৰীড়া মেঘালয়ত অনুষ্ঠিত হ'ব। এই সময়ত খেলুৱৈসকলক ৰাখিবৰ বাবে বহু কোঠাৰ প্ৰয়োজন হ'ব। আমি গেম ভিলেজ নিৰ্মাণ নকৰি হোমষ্টে নিৰ্মাণৰ লক্ষ্য লৈছো। কাৰণ খেল শেষ হোৱাৰ পাছতো হোমষ্টেবোৰৰ জৰিয়তে পৰ্যটকক সেৱা আগবঢ়াব পৰা যাব।"
 
তেওঁ লগতে কয়, "২০৩০ৰ ভিতৰত মেঘালয়ত ৮ খন পঞ্চতাৰকাযুক্ত হোটেল গঢ়ি তোলাৰ লক্ষ্য ৰখা হৈছে। ইপিনে, ২০২৭ ৰ ভিতৰত দেশৰ বিভিন্ন মেট্ৰ' চহৰলৈ বাণিজ্য়িক বিমান মেঘালয়ৰ উমৰৈ বিমান বন্দৰৰ পৰা চলিব। ইয়ে মেঘালয় পৰ্যটন ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন আনিব।"