গুৱাহাটী
ভাৰত আৰু ভূটানৰ মাজত নিৰ্মাণ কৰিবলগা ৰে'ল প্ৰকল্পৰ কথা অৱশেষত কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। মুঠ ৪,০৩৩ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিব লগা দুটাকৈ আন্তঃৰাষ্ট্ৰীয় ৰে'ল প্ৰকল্পৰ বিষয়ে কেন্দ্রীয় ৰে'ল মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি সদৰী কৰিছে। এই প্রকল্প দুটাৰ ভিতৰত এটা কোকৰাঝাৰৰ পৰা ভূটান গেলেফুলৈ ৰে'লপথ নিৰ্মাণ কৰাৰ বিপৰীতে আনটো প্রকল্পত পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ বানৰহাট ৰে'ল ষ্টেচনৰ পৰা ভূটানৰ ছামছেলৈ ৰে'লপথ নিৰ্মাণ কৰা হ'ব।
ইয়াৰে কোকৰাঝাৰ আৰু গেলেফু সংযোগী ৰে'লপথৰ মুঠ দৈর্ঘ্য প্রায় ৭০ কিলোমিটাৰ। এই পথছোৱাত মুঠ ছটা ষ্টেচন আৰু প্রায় ১০০ খন সৰু-ডাঙৰ দলং থাকিব। প্রকল্পটোত হ'বলগা মুঠ ব্যয়ৰ পৰিমাণ প্রায় ৩,৪৫৬ কোটি টকা। আনহাতে ৫৭৭ কোটি টকাৰে বানৰহাট-ছামছে সংযোগী ৰে'লপথছোৱাৰ দৈর্ঘ্য প্রায় ২০ কিলোমিটাৰ আৰু ইয়াত প্রায় ২৫ খন সৰু-ডাঙৰ দলং থাকিব।
এই কথা ঘোষণা কৰি কেন্দ্ৰীয় ৰে'ল মন্ত্রী অশ্বিনী বৈষ্ণৱে কয় যে, ভূটানৰ অর্থনৈতিক বিকাশৰ লগত চুবুৰীয়া ৰাষ্ট্ৰখনৰ লোকসকলে বিশ্বৰ বিভিন্ন প্রান্তৰ সৈতে যোগাযোগ স্থাপন কৰাটো সুচল হোৱাৰ স্বার্থত দুয়োখন দেশৰ মাজত ৰে'লৰ যোগাযোগ থকাটো জৰুৰী। ভূটানে যিহেতু তেওঁলোকৰ অধিকাংশ আমদানি-ৰপ্তানি ভাৰতৰ জৰিয়তে কৰে, এনে অৱস্থাত এই ৰেল সংযোগ প্রকল্পই ৰাষ্ট্ৰখনক যথেষ্ট সহায় কবিব।