অসমত মৌচুমী বায়ুৱে প্ৰৱেশ কৰাৰ সম্ভাৱনা

Story by  atv | Posted by  [email protected] • 2 Years ago
অসমত মৌচুমী বায়ুৱে প্ৰৱেশ কৰাৰ সম্ভাৱনা
অসমত মৌচুমী বায়ুৱে প্ৰৱেশ কৰাৰ সম্ভাৱনা
গুৱাহাটী
 
নিৰ্ধাৰিত সময়তকৈ তিনিদিন পূৰ্বে কেৰেলাত ২৯ মে'ত প্ৰৱেশ কৰা দক্ষিণ-পশ্চিম মৌচুমী বায়ু কেইবাখনো ৰাজ্যৰ ওপৰেৰে অসমকে ধৰি উত্তৰ-পূবৰ দিশে গতি কৰিছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা অনুসৰি মৌচুমী বায়ুৱে হিমালয়ৰ পাদদেশেৰে পশ্চিমবংগ আৰু বাংলাদেশৰ দিশে গতি কৰিছে। 
 
 
সেই অনুসৰি ২ বা ৩ জুনত মৌচুমী বায়ুৱে অসমকে ধৰি উত্তৰ-পূবত প্ৰৱেশ কৰিব। দেশৰ কৃষি খণ্ডত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা মৌচুমীৰ সময়ত বৃষ্টিপাতৰ পৰিমাণ কিমান হ'ব সেই বিষয়ে বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা নাই। 
 
অৱেশ্য বতৰ বিজ্ঞানৰ ভাষাত স্বাভাৱিকতকৈ যদি ১৯ শতাংশ বৃষ্টিপাত কম বা বেছি হয় তেতিয়া তাক স্বাভাৱিক পৰিমাণৰ বৰষুণ হোৱা বুলি ধৰি লোৱা হয়। আনহাতে পহিলা মাৰ্চৰ পৰা ৰাজ্যত চলি থকা প্ৰাক্ মৌচুমী কালৰ ৩১ মেত সামৰণি পৰে। 
কিন্তু এই সময়ছোৱাত একমাত্র নগাঁও জিলাৰ বাহিৰে অসমসহ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত স্বাভাৱিকতকৈ অধিক বৰষুণ হোৱা বুলি সদৰী কৰিছে বতৰ বিজ্ঞান কেন্দ্রই।