'নাগাৰা সূৰ্য’ ৰামচৰণ ভৰালীৰ দেহাৱসান

Story by  atv | Posted by  [email protected] • 3 h ago
'নাগাৰা সূৰ্য’ ৰামচৰণ ভৰালীৰ দেহাৱসান
'নাগাৰা সূৰ্য’ ৰামচৰণ ভৰালীৰ দেহাৱসান
 
গুৱাহাটী
 
ৰাজ্যৰ সাংস্কৃতিক জগতখনৰ বাবে আন এক দুখবৰ। নাগাৰা নামৰ সম্ৰাট বিশিষ্ট শিল্পী ৰামচৰণ ভৰালী আৰু নাই। বৃহস্পতিবাৰে মাজনিশা ১২.২০ নলবাৰীৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।
 
নাগাৰা নামক অনন্য মাত্ৰা প্ৰদান কৰি জনপ্ৰিয় কৰা ৰামচৰণ ভৰালীক নাগাৰা নামৰ সম্ৰাট আখ্যা দিছিল ৰাইজে। নামনি অসমৰ বিভিন্ন প্ৰান্তত নাগাৰা নামক সাৱলীল আৰু সুন্দৰ ৰূপত প্ৰচাৰ আৰু প্ৰসাৰৰ হকে কাম কৰি গৈছিল নিস্বাৰ্থভাৱে। ৰামচৰণ ভৰালী সদৌ অসম নাগাৰা নাম সন্থাৰ সভাপতিৰ দায়িত্বতো আছিল।
 
১৯৪৫ চনৰ ১৮ জানুৱাৰীত জন্ম গ্ৰহণ কৰিছিল ৰামচৰণ ভড়ালীদেৱে। নলবাৰী জিলাৰ কুমাৰীকাটা অঞ্চলৰ দেহাৰ কালাকুচি গাঁৱত জন্ম ৰামচৰণ ভড়ালীৰ। তেওঁ ১৯৬৭ চনত নাগাৰা নামৰ দল গঠন অসমৰ বিভিন্ন প্ৰান্তত নাগাৰা নাম পৰিৱেশন কৰিছিল।
 
নাগাৰা নামৰ পূৰ্বে ১১ বছৰ যাত্ৰা পাৰ্টীত আছিল ৰামচৰণ ভৰালী। তেওঁ সুন্দৰ অভিনয়ো কৰিছিল। নাগাৰা নামৰ পূৰ্বে তেওঁ বহুকেইখন নাটক, থিয়েটাৰ পাৰ্টীতো অভিনয় কৰি সমাদৰ লাভ কৰিছিল। বলোৱা প্ৰগতি সংঘ, দৰঙৰ নালখামাৰা থিয়েটাৰ পাৰ্টী, ককৈয়া অসমী নাট্য দল, কুমাৰীকাটাৰ বীণাপাণি অপেৰা, চামতাৰ ৰাজলক্ষ্মী থিয়েটাৰ, ৰামপুৰ নাট্য সংঘ আদিৰ হৈ অভিনয় কৰিছিল প্ৰয়াত ৰামচৰণ ভৰালীয়ে।