নতুন দিল্লী
চন্দ্ৰৰ বুকুত মানৱ ঘাটি পাতিবলৈ নাছাই বিনোয়োগ কৰিব ২০ বিলিয়ন ডলাৰ। এই কথা ঘোষণা কৰিছে নাছাৰ প্ৰশাসক জেৰেড আইজাকমেনে।
নাছাৰ প্ৰশাসক জেৰেড আইজাকমেনে মংলবাৰে বাশিংটন ডি চিত এই কাৰ্যসূচীৰ সৈতে জড়িত অংশীদাৰ, প্ৰতিনিধি আৰু আন্তঃৰাষ্ট্ৰীয় চৰকাৰী বিষয়াসকলৰ সৈতে হোৱা বৈঠকত নাছাই এই নতুন পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰে।
প্রশাসক আইজাকমেনে কয়, নাছাই চন্দ্ৰৰ পৃষ্ঠত স্থায়ী ঘাটি নিৰ্মাণৰ বাবে অহা সাত বছৰত ২০ বিলিয়ন ডলাৰ বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। এই অভিযান সফল হ'লে চন্দ্ৰৰ বুকুত মানুহে স্থায়ীভাবে বসবাস কৰিবলৈ সক্ষম হ'ব।
তেওঁ লগতে কয়, এই অভিযানত মানুহে পৃথিৱীৰ পৰা পাৰমাণৱিক শক্তিচালিত যান ব্যৱহাৰ কৰি চন্দ্ৰৰ বুকুলৈ উৰা মাৰিব পাৰিব। প্রতি ছমাহৰ মূৰে মূৰে চন্দ্ৰলৈ যাব পাৰিব যান। পৰৱৰ্তী ২০২৮ চনত আর্টিমিচ কাৰ্যসূচীৰ অধীনত চন্দ্ৰৰ বুকুলৈ প্রথমটো মহাকাশচাৰীৰ দল ৰাওনা হ'ব।