গুৱাহাটী
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে টাটা গ্রুপৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ এদিনৰ পাচতেই ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নিজাববীয়া গোচৰ ৰুজু কৰিছে। কাজিৰঙাত কোনো কাৰণতে পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব বুলি সোমবাৰে লোকসভাত বন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী কীর্তিবর্ধন সিঙে স্পষ্ট কৰি দিয়ে।
উল্লেখ্য যে, শেহতীয়াকৈ বছৰ বছৰ ধৰি চাহ জনগোষ্ঠীৰ বহুকেইটা পৰিয়ালে বসবাস কৰি থকা ভূমিত উচ্ছেদ চলাই অসম চৰকাৰে পঞ্চতাৰকা হোটেল নির্মাণ কৰিবলৈ যো-জা চলোৱাৰ বিৰুদ্ধে ৰাইজৰ সহযোগত আটছাই প্রতিবাদ কৰোতে চৰকাৰী বাহিনী জঁপিয়াই পৰি বহুজনক আহত কৰিছিল। তাৰ পাচতেই কাজিৰঙাত চাহ গছ উভালি আৰু বাগিচাৰ লোকক উচ্ছেদ কৰি কোনো কাৰণতেই পঞ্চতাৰকা হোটেল কৰিবলৈ দিয়া নহ'ব বুলি সমগ্র অসমতে আটছাই প্রতিবাদ সাব্যস্ত কৰিছিল।
তদুপৰি বৃহত্তৰ কাজিৰঙাৰ ভূমি আৰু সুৰক্ষা সমিতিৰ সভাপতি প্রণৱ দলেৰ নেতৃত্বত ভুক্তভোগী একাংশ লোকে বহুদিনৰ পৰা পঞ্চতাৰকা হোটেলৰ বিৰোধিতাৰে প্ৰতিবাদ কৰি আহিছে। ইয়াৰ সমান্তৰালভাৱে জীপাল কৃষক-শ্রমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহ, সম্পাদক জহিৰুদ্দিন আহমেদ, মুখপাত্র প্রবীণ পেগুৱে কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মান কৰিবলৈ লোৱা স্থানটি বন্যপ্ৰাণীৰ বিশেষকৈ বনৰীয়া হাতীৰ বিচৰণভূমি বুলি উল্লেখ কৰিছিল। এই পঞ্চতাৰকা হোটেল নির্মাণে কাজিৰঙাৰ বহুকেইটা পৰিয়াললৈ অমানিশা নমাই অনাৰ লগতে জীৱ-বৈচিত্র্যৰ প্রতিও ভাবুকি কঢ়িয়াই আনিব বুলি উল্লেখ কৰিছিল।
ইপিনে প্রকৃতিপ্রেমী বুবুল শর্মা, অপূর্ববল্লৱ গোস্বামী, জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈ, মুবিনা আখতাৰ আদিকে প্রমুখ্য কৰি বহুজনে কাজিৰঙাত পঞ্চতাৰকা হোটেল নির্মাণত পোনপটীয়া বিৰোধিতা কৰি আহিছিল। এই নির্মাণে কেৱল দুখীয়া জনগণৰ প্ৰতি অন্যায় কৰাই নহয়, জীৱ-বৈচিত্র্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব বুলি স্পষ্ট কৰিছিল।
ইয়াৰ পাচতেই ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰামৰ্শদাতা সংস্থা ICOMOSৰ ৰাজ্যৰ পৰ্যটন সঞ্চালকলৈ প্ৰেৰণ কৰা এখন পত্ৰৰ যোগেদি স্পষ্ট কৰিছিল যে, প্ৰস্তাৱিত পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ লোৱা স্থানখিনি বনৰীয়া হাতীৰ বিচৰণভূমি। আনকি ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্য অক্ষুণ্ণ ৰাখি কাজিৰঙাত পৰ্যটকৰ উপস্থিতি সন্দর্ভত সিদ্ধান্ত লোৱা উচিত বুলিও ICOMOSএ ৰাজ্যৰ পৰ্যটন বিভাগক পত্ৰৰ যোগেদি আহ্বান জনায়।
আনহাতে জীৱ-বৈচিত্র্য সংৰক্ষণত ল'বলগীয়া গুৰুত্ব আৰু স্থানীয় বাসিন্দাৰ মতামত লৈহে পৰ্যটনৰ বিকাশৰ সিদ্ধান্ত ল'বলৈ আহ্বান জনাই পঞ্চতাৰকা হোটেল নহয়, বৰং কাজিৰঙাত পৰ্যটকৰ বহন ক্ষমতা, বন্যপ্ৰাণীৰ ওপৰত পৰিবলগীয়া প্রভাৱ, স্থানীয় লোকৰ অংশগ্রহণ আৰু কাজিৰঙা সাপেক্ষে বহনক্ষম নিৰ্মাণৰ পোষকতা কৰে ICOMOSএ।
ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জনগণ তথা বিভিন্ন দল-সংগঠনৰ দাবীক গুৰুত্ব নিদিলেও ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে সমগ্র বিষয়টোক কেন্দ্ৰ কৰি ১০৪৯/২০২৪ নম্বৰৰ এক নিজাববীয়া গোচৰ ৰুজু কৰিছে। জীপাল কৃষক- শ্রমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহে এক বিবৃতিযোগে কয় যে, জীৱ-বৈচিত্র্য ধ্বংস কৰি কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা আৰু পর্যটন মন্ত্রী জয়ন্তমল্ল বৰুৱাৰ কু-অভিসন্ধিক নিঃশেষ কৰাৰ বাবে আদালতে এক নতুন মাত্ৰা প্ৰদান কৰিছে। বিভিন্ন প্রকৃতিপ্রেমীৰ সহযোগত জীপালে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ যোগেদি কাজিৰঙাৰ জৈৱতন্ত্ৰৰ সুৰক্ষাৰ বিষয়টো তুলি ধৰাৰ পাচত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰাটো সমগ্র জাতিটোৰ বাবেই মংগলজনক বুলি উল্লেখ কৰে।
সোণেশ্বৰ নৰহে কয় যে, আমাৰ পূৰ্বপুৰুষৰ ত্যাগৰ বিনিময়ত কাজিৰঙাই বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিছে, কিন্তু সেই মর্যাদা নাইকীয়া কৰিবৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কোম্পানীয়ে উঠি-পৰি লাগিছিল। ব্যক্তিগত মুনাফা আদায়ৰ স্বার্থতেই হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে যে উঠি-পৰি লাগিছিল সেয়া সর্বজনবিদিত বুলিও জীপালে বিবৃতিত উল্লেখ কৰে।
'হাতী থাকিলেহে মাটি থাকিব, মাটি থাকিলেহে জাতি থাকিব' বুলি উল্লেখ কৰি জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহে স্পষ্টকৈ কয় যে, নিজৰ মুনাফাৰ বাবে জাতিক বিপদত পেলাই বণিয়াৰ ওচৰত আত্মসমর্পণ কৰাৰ পৰা বিৰত থাকক মুখ্যমন্ত্রীয়ে। ইপিনে লোকসভাত কেন্দ্রীয় পৰিবেশ মন্ত্রী (ৰাজ্যিক) গৰাকীয়ে কাজিৰঙাৰ সুৰক্ষাৰ বাবে লোৱা সবল ভূমিকাক আদৰণি জনায় জীপালে।
আনহাতে, কাজিৰঙাৰ ইংলে পথাৰৰ থলুৱা জনসাধাৰণৰ ভূমি অধিকাৰ বিষয়টোত এক গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণক কৃতজ্ঞতা জনায় বৃহত্তৰ কাজিৰঙা ভূমি আৰু সুৰক্ষা সমিতিৰ সভাপতি প্রণব দলেই। প্রণব দলেই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ যোগেদি কয় যে, পথাৰ এলেকাত নির্মাণকার্য অনতিপলমে বন্ধ কৰি তাৰ পৰা আৰক্ষী বাহিনী আঁতৰাই আনক চৰকাৰে।
তেওঁ লগতে কয় যে, স্থানীয় বিধায়কৰ দ্বাৰা কৃষিভূমি ৰূপান্তৰিত কৰাৰ কাৰ্যৰ বাবে দোষাৰোপ কৰাৰ লগতে চৰকাৰে বলপূর্বক দখল কৰা ৰাইজৰ ভূমি অনতি পলমে ৰাইজক ওভতাই দিব লাগে। আনহাতে স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে এই গোচৰৰ অধীনত ততাতৈয়াকৈ গোচৰ ৰুজু কৰিব লাগে।