নতুন দিল্লী
ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰিছে পশ্চিম বংগৰ দাৰ্জিলিং। প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত এই পৰ্যন্ত ২৩ জন লোকৰ মৃত্যু হৈছে। শেহতীয়াকৈ এই দুৰ্যোগৰ ফলত ছিকিমৰ সৈতে দাৰ্জিলিঙৰ সংযোগ বিচ্ছিন্ন হৈছে। একেদৰে শিলিগুৰি সংযোগী পথকে ধৰি মূল পথসমূহতো যাতায়ত ব্যৱস্থা ব্যাহত হৈছে।
ইফালে, দাৰ্জিলিঙত দেওবাৰে নিশা মুষলধাৰ বৰষুণৰ ফলত মিৰিক আৰু সুখীয়া পোখাৰী আদি অঞ্চলত পুনৰ ভূমিস্খলন হয়। ইয়াৰ পাছতে আৰক্ষী আৰু স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰে। এই ঘটনাৰ ফলত পুনৰ আহত হয় কেইবাগৰাকীও লোক। একেদৰে ভূটানৰ বান্ধ খুলি দিয়াৰ বাবে কোচবিহাৰ, জলপাইগুৰিত অবৰ্ণনীয় বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে।
আনহাতে, মঙলবাৰে দাৰ্জিলিং ভ্ৰমণলৈ আহিব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দাৰ্জিলিঙত প্ৰাণ হেৰুৱা সকলৰ বাবে শোক প্ৰকাশ কৰিছে। এক্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে সদৰি কৰে যে, ক্ষতিগ্ৰস্তসকলক সকলো সম্ভৱপৰ সহায় আগবঢ়াবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।
উল্লেখ্য যে, দুৰ্গা পূজাৰ অন্তত কলকাতা আৰু বংগৰ অন্যান্য প্ৰান্তৰ পৰা বৃহৎ সংখ্যক পৰ্যটকে দাৰ্জিলিঙলৈ যাত্ৰা কৰিছিল। যাৰবাবে বহু পৰ্যটক এই দুৰ্যোগত আবদ্ধ হৈ পৰাৰ সম্ভৱনাই দেখা দিছে। বংগ আৰক্ষীয়ে আৱদ্ধ পৰ্যটক আৰু বাসিন্দাসকলৰ বাবে হেল্পলাইন নম্বৰ ৯১৪৭৮৮৯০৭৮ জাৰি কৰিছে।
ইফালে, অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ গোৰ্খালেণ্ড টেৰিটৰিয়েল এডমিনিষ্ট্ৰেচনে দাৰ্জিলিঙৰ টাইগাৰ হিল আৰু ৰক গাৰ্ডেনকে ধৰি পৰ্যটনস্থলী বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। লগতে টয় ট্ৰেইনৰ সেৱাও বন্ধ কৰি দিয়া হৈছে। প্ৰশাসনে স্থানীয় বাসিন্দাসকলৰ লগতে পৰ্যটকসকলক সাৱধান হ’বলৈ আহ্বান জনাইছে।
আনহাতে,বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি সমগ্ৰ অঞ্চলটোত ৭ অক্টোবৰলৈকে বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিছে। একেদৰে, নেপালতো বিস্তৰ ক্ষতিসাধন কৰি যোৱা ৩৬ ঘণ্টাত ২২ জন লোকৰ প্ৰাণ হেৰুৱাইছে।
উল্লেখযোগ্য যে, প্ৰাকৃতিক দুৰ্যোগৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৰে ৯খন ৰেলৰ চলাচল বাতিল কৰিছে। লগতে অসমৰ পৰা যোৱা আন কেইবাখনো ৰে'লৰ সময় সাল-সলনি কৰা হৈছে।